নাৰায়ণপুৰ
৭ প্ৰবন্ধ
-
নাৰায়ণপুৰ
নাৰায়ণপুৰ (Narayanpur) ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমৰ লখিমপুৰ জিলাৰ এটা ৰাজহ চক্ৰ। এই ৰাজহ চক্ৰৰ কেন্দ্ৰস্থল নাৰায়ণপুৰ নগৰ। নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টি আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
মাধৱদেৱ বিশ্ববিদ্যালয়
মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।
-
শিমলুগুৰি, লখিমপুৰ
শিমলুগুৰি হৈছে ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এখন গাঁও তথা গাঁও পঞ্চায়ত অঞ্চল। বৃহত্তৰ ৰাজগড় অঞ্চলৰ ই কেন্দ্ৰস্থল।
-
বদলা পদ্ম আতা সত্ৰ
বদলা পদ্ম আতাৰ জন্মস্থান শক্ৰাহী সত্ৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শক্ৰাহী গাওঁত অৱস্থিত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাৰ এই স্থানত ১৪৬৮শক, জেঠ মাহৰ শুক্লা একাদশী তিথিত জন্ম হয়।
-
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন শিক্ষানুষ্ঠান।
-
মাঘনোৱা দ’ল
মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল।
-
শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ
শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ (ইংৰাজী: Sri Sri Madhabdev Kalakshetra) লক্ষীমপুৰৰ নাৰায়ণপুৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰৰ চৌহদত কলাক্ষেত্ৰখন স্থাপিত হৈছে।