অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাৰদী শইকীয়া

শাৰদী শইকীয়া (Sarodi Saikia) অসমৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্যৰ শিক্ষাগুৰু আৰু চেতাৰ বাদক। সত্ৰীয়া নৃত্যৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰসেশ্বৰ শইকীয়া বৰবায়নৰ কাষত সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰা শইকীয়াই ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শাৰদী শইকীয়া (Sarodi Saikia) অসমৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্যৰ শিক্ষাগুৰু আৰু চেতাৰ বাদক।১ সত্ৰীয়া নৃত্যৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰসেশ্বৰ শইকীয়া বৰবায়নৰ কাষত সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰা শইকীয়াই ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।২৩ ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে নৃত্যশিল্পীগৰাকীক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।৪

প্ৰাৰম্ভিক জীৱন

শইকীয়াই গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। ইয়াৰ পিছতেই তেওঁ যোৰহাটৰ বাহনা মহাবিদ্যালয়ত যোগদান কৰি আঠ বছৰ শিক্ষাদান কৰে।৫

নৃত্যৰ শিক্ষা আৰু কেৰিয়াৰ

৫ বছৰ বয়সৰপৰাই শইকীয়াই নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ প্ৰথমাৱস্থাত ৰথীন সিঙৰ ওচৰত মণিপুৰী নৃত্যৰ শিক্ষা লয়। পৰৱৰ্তী সময়ত তেওঁ কথক আৰু সত্ৰীয়া নৃত্য শিকিবলৈ লয়।৫ কমলাবাৰী সত্ৰৰ ৰসেশ্বৰ শইকীয়া বৰবায়ন আছিল শইকীয়াৰ পিতৃৰ বন্ধু। তেওঁ শইকীয়াৰ মাতৃক কয় যে তেওঁ শইকীয়াক সত্ৰীয়া নৃত্যৰ শিক্ষা প্ৰদান কৰিব। স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত ১৬ বছৰ বয়সত শইকীয়াৰ পিতৃয়ে তেওঁক ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ওচৰত সত্ৰীয়া নৃত্য শিকিবলৈ গুৱাহাটীলৈ লৈ আনে।৬ শইকীয়াই সত্ৰীয়া নৃত্য জটিল বুলি অনুভৱ কৰে আৰু লক্ষ্য কৰে যে সেই সময়ত ইয়াক খুব কমসংখ্যক লোকেহে শিকি আছিল। এই নৃত্য ভালদৰে আয়ত্ত কৰিবলৈ নৌপাওঁতেই বৰবায়নে তেওঁক মঞ্চত নৃত্য প্ৰদৰ্শন কৰিবলৈ দিয়ে। তেওঁ শইকীয়াই সত্ৰীয়া নৃত্যক জনপ্ৰিয় কৰি তোলাৰ লগতে কথক আৰু মণিপুৰী নৃত্যৰ অনুশীলন এৰি সত্ৰীয়াত মনোনিৱেশ কৰাটো বিচাৰিছিল।৬ শইকীয়াৰ পিতৃ-মাতৃয়েও তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হোৱাটো কামনা কৰিছিল।৬

২০০৩ চনত শইকীয়াই গুৱাহাটীত 'ৰঙ্গায়ন' নামৰ নৃত্য, অভিনয় আৰু সংগীতৰ শিক্ষানুষ্ঠান মুকলি কৰে।১

চেতাৰ

নৃত্য পটিয়সী হোৱাৰ উপৰিও শাৰদী শইকীয়া এগৰাকী চেতাৰ বাদক। তেওঁ এইচ বি দত্ত, লিপিকা বেনাৰ্জী আৰু নন্দ বেনাৰ্জীৰ তত্ত্বাৱধানত চেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল।১

চাকৰি জীৱন

শইকীয়াই কাহিলীপাৰাৰ উচ্চতৰ শিক্ষা সঞ্চালকৰ ডেপুটী ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াত শিক্ষাদানৰ লগতে তেওঁ সত্ৰীয়া নৃত্যৰ ইতিহাস আৰু ক্ৰমবিকাশৰ বিষয়ে গৱেষণাও কৰে।৫

ব্যক্তিগত জীৱন

শাৰদী শইকীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ধ্ৰুৱ জ্যোতি বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৫

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ (25 September 2020). Sattriya dancer Sharodi Saikia shares journey of her dance career in ‘Baaton Baaton Mein’. www.dailypioneer.com
  2. ↑ List Of Awardees 2015. sangeetnatak.gov.in
  3. ↑ Sangeet Natak Akademi awards for 3 from State. The Assam Tribune
  4. ↑ (20 June 2022). ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ. www.etvbharat.com
  5. ↑ Maitreyee Boruah. (10 April 2018). Sattriya is her calling personality. www.telegraphindia.com
  6. ↑ Lalitha Venkat. (14 December 2008). Sharodi Saikia: Sattriya is an enduring tradition. narthaki.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদী শইকীয়া” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৭৯ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।