সাৰেং
৬ প্ৰবন্ধ
-
শামুকভঙা
শামুকভঙা (Asian Openbill/Asian Openbill Stork, বৈজ্ঞানিক নাম: Anastomus oscitans) এবিধ সাৰেং জাতীয় চৰাই।
-
কনুৱা
কনুৱা (Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷
-
মণিয়ৰি
মণিয়ৰি (Darter, বৈজ্ঞানিক নাম: Anhinga melanogaster) এবিধ ডাঙৰ আকৃতিৰ জলত চৰি ফুৰা চৰাই।
-
কাকৈঢোৰা
কাকৈঢোৰা (Painted Stork; বৈজ্ঞানিক নাম: Mycteria leucocephala) এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। অসমতো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে।
-
তেলীয়া সাৰেং
তেলীয়া সাৰেংৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiaticusasiaticus। ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্জ্বল ৰঙা, মূৰ ডিঙি ডেউকাৰ মাজৰ পাখি ক’লা (অলপ চিকচিকিয়া ডাঠ নীলা)।
-
ফাইলষ্টৰ্চ
ফাইলষ্টৰ্চ (Pfeilstorch) (জাৰ্মান ) বা ফাইলষ্টৰ্ক হৈছে শীতকালত আফ্ৰিকালৈ প্ৰব্ৰজন কৰোঁতে শৰবিদ্ধ হৈ দেহত শৰডাল সোমাই থকা অৱস্থাতে ইউৰোপলৈ ঘূৰি অহা সাৰেং। ২০০৩ চনলৈকে ২৫টা ফাইলষ্টৰ্চৰ তথ্য সন্নিৱিষ্ট কৰা গৈছে।