অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পূৰ্ব বংগ

পূৰ্ব বংগ (পূর্ব বাংলা/পূর্ববঙ্গ Purbô Bangla/Purbôbongo) পাকিস্তানৰ এটি অঞ্চল আছিল যি পাকিস্তানৰ অন্য ভাগৰ পৰা ভৌগোলিকভাৱে ভালেমান দূৰত অৱস্থিত আছিল। পূৰ্ব বংগৰ দক্ষিণ দিশে বংগোপসাগৰ, উত্তৰে আৰু পশ্চিমে ভাৰত আৰু পূব দিশে ম্যানমাৰ।

হালনাগাদ: ২৪ আগষ্ট ২০২২ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পূৰ্ব বংগ (পূর্ব বাংলা/পূর্ববঙ্গ Purbô Bangla/Purbôbongo) পাকিস্তানৰ এটি অঞ্চল আছিল১ যি পাকিস্তানৰ অন্য ভাগৰ পৰা ভৌগোলিকভাৱে ভালেমান দূৰত অৱস্থিত আছিল।২ পূৰ্ব বংগৰ দক্ষিণ দিশে বংগোপসাগৰ, উত্তৰে আৰু পশ্চিমে ভাৰত আৰু পূব দিশে ম্যানমাৰ। ভৌগোলিকভাৱে, সীমা নালাগিলেও, ই নেপাল, তিব্বত স্বায়ত্তশাসিত অঞ্চল আৰু ভূটানৰ ওচৰত অৱস্থিত। এই অঞ্চলৰ ৰাজধানী আছিল ঢাকা।

সৃষ্টি

ভাৰতৰ বিভাজনৰ সময়ত৩ বেংগল প্ৰেচিডেঞ্চিকো বিভাজিত কৰা হৈছিল ধাৰ্মিক আধাৰত।৪ মুছলমান জনবহুল পূব অঞ্চল হৈ পৰিছিল পূৰ্ব বংগ। এই প্ৰদেশ ষষ্ঠ জৰ্জ আৰু দ্বিতীয় এলিজাবেথৰ কালৰ। তদুপৰি, তিনিজন গভাৰ্ণৰ জেনেৰেল: মহম্মদ আলি জিন্না, খাজা নিজামুদ্দীন৫ আৰু গুলাম মহম্মদ শাসনত আছিল এই প্ৰদেশৰ অস্তিত্বৰ কালত।

সমাজ

পূৰ্ব বংগ আছিল পাকিস্তানৰ আতাইতকৈ জনবহুল আৰু বহু-সাম্প্ৰদায়িক প্ৰদেশ। ই কেইবাটাও ৰাজনৈতিক আন্দোলনৰ স্থল আছিল, যেনে বাংলা ভাষা আন্দোলন। ১৯৫৫ চনত পূৰ্ব বংগৰ অৱসান ঘটাই পূব পাকিস্তানৰ সৃষ্টি কৰা হ'ল, এক একক নীতিৰ অধীনত।৬ এনে হৈছিল মহম্মদ আলিৰ প্ৰধান মন্ত্ৰিত্বত।

পূৰ্ব বংগৰ বিধান সভাই এই প্ৰদেশৰ আইন পাৰিত কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ countries.fandom.com/wiki/Pakistan_with_East_Ben
  2. ↑ Read, Anthony; Fisher, David (1998), The Proudest Day: India's Long Road to Independence, New York: W. W. Norton & Company, ISBN 9780393045949
  3. ↑ Partition (n), 7. b (3rd ed.). Oxford English Dictionary. 2005. The division of British India into India and Pakistan, achieved in 1947
  4. ↑ Chatterji, Joya (2007). The Spoils of Partition: Bengal and India, 1947–1967. p. 45. ISBN 978-1139468305. Retrieved 18 November 2020
  5. ↑ Chatterji, Joya (2007). The Spoils of Partition: Bengal and India, 1947–1967. p. 45. ISBN 978-1139468305. Retrieved 18 November 2020
  6. ↑ The History And Culture of Pakistan, Nigel Kelly. Retrieved 16 August 2015

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ব বংগ” প্ৰবন্ধৰ সংশোধন ৩৩১৩৩০ (২৪ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।