অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লুই ঙাই নি

লুই ঙাই নি (Lui Ngai Ni) হৈছে ভাৰতৰ মণিপুৰৰ নগা জনগোষ্ঠীসমূহৰ দ্বাৰা উদযাপন কৰা বীজ-বোৱাৰ উৎসৱ। এই উৎসৱৰ দ্বাৰা বীজ বোৱাৰ ঋতুৰ আৰম্ভণি হয় আৰু নগাসকলৰ বাবে বছৰটো আৰম্ভ হয়। এই উৎসৱটো ১৯৮৮ চনৰ পৰা মণিপুৰত ৰাজ্যিক ছুটিৰ দিন ৰূপে ঘোষণা কৰা হয়। "লুই ঙাই নি" শব্দটো তিনিটা পৃথক নগা ভাষাৰ পৰা লোৱা হৈছে।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

লুই ঙাই নি (Lui Ngai Ni) হৈছে ভাৰতৰ মণিপুৰৰ নগা জনগোষ্ঠীসমূহৰ দ্বাৰা উদযাপন কৰা বীজ-বোৱাৰ উৎসৱ।১ এই উৎসৱৰ দ্বাৰা বীজ বোৱাৰ ঋতুৰ আৰম্ভণি হয় আৰু নগাসকলৰ বাবে বছৰটো আৰম্ভ হয়। এই উৎসৱটো ১৯৮৮ চনৰ পৰা মণিপুৰত ৰাজ্যিক ছুটিৰ দিন ৰূপে ঘোষণা কৰা হয়।২

"লুই ঙাই নি" শব্দটো তিনিটা পৃথক নগা ভাষাৰ পৰা লোৱা হৈছে। "লুই" আহিছে টাংখুল নগা ভাষাৰ "লুইৰাফানিট"ৰ পৰা, যাৰ অৰ্থ বীজ বোৱা উৎসৱ; "ঙাই" মানে ৰংমেই নগা ভাষাত উৎসৱ; আৰু "নি" হৈছে বীজ বোৱা উৎসৱৰ বাবে এটা মাও নগা ভাষাৰ শব্দ।৩

বসন্ত ঋতুৰ আৰম্ভণিতে প্ৰতি বছৰে ১৪-১৫ ফেব্ৰুৱাৰীত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ হৈছে শস্যৰ দেৱতাসকলক সন্মান আৰু আনন্দিত কৰাৰ আৰু মানুহৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰাৰ এক বিশেষ অনুষ্ঠান। উৎসৱৰ সময়ত মণিপুৰৰ বিভিন্ন নগা জনগোষ্ঠীৰ লোকসকল কোনো এক নিৰ্ধাৰিত স্থানত একত্ৰিত হয় আৰু তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে। পাৰম্পৰিক লোকনৃত্য, গান, পাৰম্পৰিক সাজ-পোছাকৰ প্ৰদৰ্শন, ঢোল বাদন আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপ প্ৰদৰ্শন কৰা হয়। লুই ঙাই নি মণিপুৰৰ সকলো নগা বসতীপূৰ্ণ অঞ্চলত উদযাপন কৰা হয় যদিও মুল উদযাপন উখৰুল, তামেংলং, সেনাপতি আৰু চান্দেল জিলাৰ সদৰত পাল পাতি আয়োজন কৰা হয়।৪ মণিপুৰৰ নগা জনগোষ্ঠীসকলৰ উপৰিও নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ অন্যান্য নগা জনগোষ্ঠীসমূহক বিশেষ অতিথি ৰূপে আমন্ত্ৰণ কৰাও হয়।৫ ই হৈছে হৰ্ণবিল উৎসৱৰ পিছতে দ্বিতীয় বৃহৎ আন্তঃ নগা জনগোষ্ঠীৰ মহোৎসৱ।

তথ্যসূত্ৰ

  1. ↑ Festivals in Manipur. E-Pao
  2. ↑ Nagas in Manipur. Manipur Times
  3. ↑ Lui Ngai Ni in Manipur. IJLLH
  4. ↑ Holiday list. Government of Manipur
  5. ↑ Report on Lui Ngai Ni Celebration. DNA India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহমণিপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুই ঙাই নি” প্ৰবন্ধৰ সংশোধন ৩৮৪২৬৪ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।