লাইফ ইন এ পাপেট ( Life in a Puppet) হৈছে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাত নিৰ্মিত আৰু ৰাজেন দাসৰ দ্বাৰা পৰিচালিত এখন সামাজিক ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰত অসমৰ দহটা চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰে৷ ছবিখনৰ মূল উদ্দেশ্য হৈছে পুতলা নাচক বিশ্বজনীন কৰা আৰু ইয়াৰ লগত জড়িত শিল্পীসকলৰ সংগ্ৰামক চলচ্চিত্ৰৰ জৰিয়তে উপস্থাপন কৰা ৷ উল্লেখ্য যে, কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হোৱা অসমৰ ছবিগৃহত প্ৰায় ১৮ মাহৰ পিছত মুক্তিলাভ কৰা এইখন হৈছে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ৷ ২০২১ চনৰ ২২ অক্টোবৰ পৰ্যন্ত ছবিখন বিশ্বজুৰি ২০খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ৷ ইয়াৰ লগতে প্ৰায় ৩০টা ভিন্ন শিতানত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে ৷ ১
ছবিৰ কাহিনী
অসমৰ জনসমাজৰ পৰিচিত পুতলা নাচে আধুনিক সময়ৰ উত্তৰণৰ লগে লগে অৱহেলিত আৰু অনাদৃত হ'বলৈ ধৰে ৷ অথচ পুতলা নাচ প্ৰাচীন লোককলা ৰূপে পৰিচিত ৷ পুতলা নাচৰ লগত জড়িত হৈ থকা অসম, ভাৰতৰ এমুঠিমান শিল্পীয়ে এতিয়াও এই কলাবিধক জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে ৷ সেইসকল শিল্পীৰ পৰিশ্ৰম, শিল্পবোধ আৰু সংগ্ৰামী সত্তাক পৰ্দাত তুলি ধৰাটোৱেই হৈছে 'লাইফ ইন এ পাপেট' ছবিখনৰ কাহিনীৰ মূল উদ্দেশ্য ৷ ১
কলা-কুশলী
| ক্ৰমিক নং | নাম | দায়িত্ব |
|---|---|---|
| ১ | ৰাজেন দাস | পৰিচালনা, কাহিনীকাৰ, প্ৰযোজনা |
| ২ | মীনাক্ষি দাস | সহকাৰী পৰিচালক |
| ৩ | তৰালি শৰ্মা | সংগীত পৰিচালক |
| ৪ | আশা বৰদলৈ | অভিনেত্ৰী |
| ৫ | দীপান্বিতা দাস | অভিনেত্ৰী |
স্বীকৃতি
'লাইফ ইন এ পাপেট'-এ দেশ-বিদেশৰ বিশখন চলচ্চিত্ৰ মহোৎসৱত অংশ লৈ প্ৰায় ৩০টা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত ফ্ৰান্স, ইটালী, চিলি, গ্ৰেট ব্ৰিটেইন, চেক্ ৰিপাব্লিক, শ্লোভাকিয়া, ছুইডেন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আদি প্ৰধান। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সংস্থা ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ নতুন দিল্লী কাৰ্যালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ছবিখনে মনোনয়ন লাভ কৰে। ২
মুক্তি
২০২০ চনৰ ডিচেম্বৰ মাহত ছবিখনে কেন্দ্ৰীয় ফিল্ম চেন্সৰ ব'ৰ্ডৰ পৰা প্ৰমাণপত্ৰ লাভ কৰে। ২০২১ চনৰ ২২ অক্টোবৰত ছবিখনক অসমৰ দহটা চিত্ৰগৃহত মুক্তি দিয়া হয়। ১
তথ্যসূত্ৰ
- ↑ (২২-১০-২০২১). আজি মুক্তি পাব 'লাইফ ইন এ পাপেট'. দৈনিক অসম. পৃ. ২
- ↑ niyomiyabarta.com/city/life-in-a-puppet/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইফ ইন এ পাপেট” প্ৰবন্ধৰ সংশোধন ৫৪৬৬৬৫ (১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।