১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত ভাৰতৰ মধ্য প্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন (UCC)-ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (UCIL; বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট (MIC) বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ্যয়ৰ সূচনা কৰিছিল। এই দুৰ্ঘটনাটোক ভূপাল দুৰ্ঘটনা বা ভূপালত গেছৰ শোকাৱহ ঘটনা হিচাপে আখ্যা দিয়া হয়। প্ৰায় ৫ লক্ষাধিক লোক পীড়িত হোৱা এই দুৰ্ঘটনাটোক অনেকে ইতিহাসৰ আটাইতকৈ কৰুণ শিল্প বিপৰ্যয় হিচাপে অভিহিত কৰিছে।১২
উৎস অনুসৰি মৃতকৰ সংখ্যা ভিন্ন যদিও চৰকাৰী তথ্য মতে তাৎক্ষণিক মৃত্যুৰ সংখ্যা ২,২৫৯। ২০০৮ চনত মধ্যপ্ৰদেশ চৰকাৰে ৩,৭৮৭টা মৃতকৰ পৰিয়াললৈ আৰু ৫,৭৪,৩৬৬ পীড়িত লোকলৈ ক্ষতিপূৰণ আগবঢ়াইছে।৩ ২৬ বছৰৰ পিছত ৭ জুন, ২০১০ চনত আদালতে ৰায় নিদিয়া পৰ্যন্ত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে যথেষ্ট মতবিৰোধ আছিল। ভাৰত চৰকাৰ আৰু স্থানীয় সমাজকৰ্মীসকলৰ মতে শিথিল ব্যৱস্থাপনা আৰু বিলম্বিত তদাৰক বা ৰক্ষণাবেক্ষণৰ বাবে MIC টেংকলৈ পাইপেৰে পানীৰ ওভতনি প্ৰবাহ হয় আৰু দুৰ্ঘটনাটোৰ সূত্ৰপাত হয়। আনহাতে UCC মতে কোনো অসাধু ব্যক্তিৰ কূটাঘাতমূলক কামৰ বাবেহে টেংকিত পানী সোমায় আৰু বৃহৎমাত্ৰাত MIC নিগৰ্মন হয়।
UCC আৰু কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া ওৱাৰেন এণ্ডাৰছেনৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেৱানী আৰু অপৰাধমূলক শাখাত এই গোচৰ তৰা হৈছিল। কিন্তু ১৯৮৬ আৰু ২০১২ চনৰ ভিতৰত আমেৰিকান আদালতে UCC ৰ অধীনৰ UCIL এটা স্বতন্ত্ৰ ভাৰতীয় কোম্পানী বুলি মত পোষণ কৰি বাৰম্বাৰ এই গোচৰ বাতিল কৰিছিল আৰু বিভিন্ন কাৰণত ভাৰতীয় আদালতলৈ পুনৰ প্ৰৰণ কৰিছিল। UCC, UCIL আৰু UCC ৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডাৰছেনক সাঙুৰি দেৱানী আৰু অপৰাধমূলক গোচৰ ভূপালৰ জিলা আদালততো দিয়া হৈছিল।৪৫ ২০১০ চনৰ জুন মাহত সেই সময়ৰ অধ্যক্ষকে ধৰি ৮জন (এজনৰ ইতিমধ্যে মৃত্যু হয়) কৰ্মচাৰীক তেওঁলোকে নিজ কামত কৰা গাফিলতিয়ে সহসৃজনৰ প্ৰাণ কাঢ়ি নিয়া এই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি ভাৰতীয় কানুন মতে ২ বছৰৰ কাৰাদণ্ড আৰু প্ৰত্যেকজনকে ২০০০ ডলাৰৰ জৰিমনা ভৰায়।
তথ্যসূত্ৰ
- ↑ Mandavilli, Apoorva. (9 July 2018). The World's Worst Industrial Disaster Is Still Unfolding. The Atlantic
- ↑ (7 June 2010). Bhopal trial: Eight convicted over India gas disaster. BBC News
- ↑ Madhya Pradesh Government: Bhopal Gas Tragedy Relief and Rehabilitation Department, Bhopal. Mp.gov.in
- ↑ (3 August 2009). Company Defends Chief in Bhopal Disaster. New York Times
- ↑ (31 July 2009). U.S. Exec Arrest Sought in Bhopal Disaster. CBS News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপাল দুৰ্ঘটনা” প্ৰবন্ধৰ সংশোধন ২৫৭৬৬১ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।