অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ম'হ যুঁজ

ম'হ যুঁজ (Buffalo fight) মাঘ বিহুৰ সময়ত অসমত আয়োজন কৰা একপ্ৰকাৰৰ জীৱ-জন্তুকেন্দ্ৰিক খেল। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল।

হালনাগাদ: ১ আগষ্ট ২০২৬ ১,০২০ শব্দ · ৬ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ম'হ যুঁজ (Buffalo fight) মাঘ বিহুৰ সময়ত অসমত আয়োজন কৰা একপ্ৰকাৰৰ জীৱ-জন্তুকেন্দ্ৰিক খেল।১ এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল। আহোম শাসনৰ পৰাই চলি অহা আহতগুৰি, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্যচপোৱা উৎসৱ মাঘ বা ভোগালী বিহুৰ সময়ত ম’হৰ যুঁজৰ আয়োজন কৰা হৈছিল। ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত জীৱ-জন্তুৰ আঘাতৰ বাবে এই প্ৰথাৰ অনুমতিত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত এই খেলবিধ বন্ধ কৰা হৈছিল।

৯ বছৰৰ পাছত ২০২৪ চনত চৰকাৰী কঠোৰ নিৰ্দেশনাৰ অধীনত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ম’হ যুঁজৰ আয়োজন কৰা হয়। মৰিগাঁও জিলাৰ ঐতিহাসিক আঁহতগুৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ম’হ যুঁজৰ শুভাৰম্ভ কৰে। অসমৰ নগাঁও আৰু শিৱসাগৰ জিলাতো পুনৰাই এই দিনটোতে ম'হ যুঁজৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ এছ অ’ পি অনুসৰি কমেও ২৫ বছৰ ধৰি এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ ইতিহাস থকা ঠাই সমূহত যুঁজৰ আয়োজন কৰাৰ অনুমতি দিয়া হৈছিল। ৰাজ্য চৰকাৰে পশু চিকিৎসা বিভাগক যিকোনো চিকিৎসা জৰুৰীকালীন অৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ ম’হ যুঁজ আয়োজন কৰা স্থানত পশু চিকিৎসাৰ দল প্ৰতিনিধি স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰে ম’হক যিকোনো আপত্তিজনক মাদক সামগ্ৰী (যেনে আফিং) বা কৰ্মক্ষমতা বৃদ্ধি কৰা ঔষধ খুৱাবলৈও নিষেধাজ্ঞা আৰোপ কৰিছিল।

ইতিহাস

ম’হৰ যুঁজ মাঘ বিহুৰ লগত জড়িত এক পৰম্পৰাগত ক্ৰীড়া। এই প্ৰথা প্ৰায় ২০০ বছৰ পূৰ্বে ৩০ নং আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহই অসমীয়া সংস্কৃতিত প্ৰৱৰ্তন কৰিছিল। তেওঁ ৰংঘৰৰ বাকৰিত এই খেল অনুষ্ঠিত কৰিছিল। পৰৱৰ্তী সময়ত তিৱা প্ৰধান গোভা ৰজাৰ কৰ্তৃত্বত এই প্ৰথা নগাঁও আৰু মৰিগাঁৱলৈ বিয়পি পৰে আৰু মূলতঃ আঁহতগুৰিত অনুষ্ঠিত হয়।২ ১৯৭২ চনৰ পৰা মাঘ বিহু উদযাপনৰ অংশ হিচাপে নদীৰ পাৰৰ আঁহতগুৰিত ম’হৰ যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।৩

যদিওবা ম’হ যুঁজৰ শিপাৰ সৈতে পৰম্পৰা সংযুক্ত হৈ আছে, তথাপি পশু কল্যাণৰ চিন্তাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়াও হয়। অসমৰ বহু জনগোষ্ঠীৰ বাবে এই প্ৰথাই সাংস্কৃতিক তাৎপৰ্য্য বহন কৰি আহিছে। কৃষি পৰম্পৰা, ৰীতি-নীতি, সাম্প্ৰদায়িক উৎসৱৰ মিশ্ৰণেৰে মাঘ বিহু অসমীয়া পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ আহিছে। এই উৎসৱে অঞ্চলটোৰ কৃষি আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে গভীৰ সংযোগ প্ৰতিফলিত কৰে।৪

ভৌগোলিক বিস্তৃতি

১৯০৬ চনত ফিলিপাইনছ আৰু আমেৰিকাৰ সৈন্যই পানী ম'হৰ যুদ্ধ পৰ্যবেক্ষণ কৰিছিল।
১৯০৬ চনত ফিলিপাইনছ আৰু আমেৰিকাৰ সৈন্যই পানী ম'হৰ যুদ্ধ পৰ্যবেক্ষণ কৰিছিল।ছবি: The Library of Congress · No restrictions
  • চীনৰ চীন-তিব্বতীয় মূলৰ‌ য়ী জনগোষ্ঠীৰ লোকে মʼহ যুঁজৰ উৎসৱ অনুষ্ঠিত কৰে। এই যুঁজ য়ী সকলে অক্টোবৰৰ নতুন বছৰৰ আৰম্ভণিত৫ বা জুলাই আগষ্টত অনুষ্ঠিত হোৱা টৰ্চ উৎসৱত অনুষ্ঠিত কৰে।৬
  • ফিলিপাইনছৰ ইলোইলোৰ ছান জোৱাকিন চহৰত প্ৰতি বছৰে ম'হ যুঁজ উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱক স্থানীয়ভাৱে পাছুংগে মহোৎসৱ বুলি জনা যায়।
  • ভিয়েটনামৰ ড’ ছন ৱাটাৰ বাফেলো ফাইটিং ফেষ্টিভেল প্ৰতি বছৰে চন্দ্ৰ পঞ্জিকাৰ অষ্টম মাহৰ নৱম দিনটোত ভিয়েটনামৰ হাইফং চহৰৰ ড’ ছন টাউনশ্বিপত অনুষ্ঠিত হয়। হাইফং চহৰৰ ভিয়েটনামৰ অন্যতম জনপ্ৰিয় উৎসৱ আৰু অনুষ্ঠান। এই ম'হ যুঁজ উৎসৱৰ প্ৰস্তুতি দুমাহৰ পৰা তিনিমাহ আগৰ পৰা আৰম্ভ হয়। প্ৰতিযোগী জলম’হবোৰক কেইবামাহ আগতেই বাছনি কৰি পদ্ধতিগতভাৱে প্ৰশিক্ষণ দিয়া হয়। এয়া ভিয়েটনামৰ এক পৰম্পৰাগত উৎসৱ যিটো জল ঈশ্বৰ পূজা অনুষ্ঠান আৰু হাইফংৰ ড' ছনৰ স্থানীয় লোকসকলৰ যুঁজাৰো মনোভাৱ দেখুৱাবলৈ হিয়েন চিনৰ প্ৰথাৰ সৈতে জড়িত।৭৮
  • ভিয়েটনামৰ হাই লুউ ৱাটাৰ বাফেলো ফাইটিং ফেষ্টিভেল খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰাই চলি আহিছে। জেনেৰেল লু গিয়াই সেই সময়ত স্থানীয় লোক আৰু যোদ্ধাসকলক ভোজ দিবলৈ পানী ম'হ এটা বধ কৰিছিল আৰু আমোদৰ বাবে ম’হ যুঁজৰ আয়োজন কৰিছিল। অৱশেষত দেৱতাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে যুদ্ধ কৰা গোটেইবোৰ পানী ম'হক বধ কৰা হৈছিল।৯১০
  • থাইলেণ্ডৰ কো চামুই ৱাটাৰ বাফেলো ফাইটিং ফেষ্টিভেল জানুৱাৰী মাহত নৱবৰ্ষৰ দিনা, আৰু এপ্ৰিল মাহৰ মাজভাগত ছংক্ৰান আদি বিশেষ অনুষ্ঠানত অনুষ্ঠিত হোৱা এক জনপ্ৰিয় অনুষ্ঠান। এই উৎসৱত হেড-ৰেছলিং বাউট অনুষ্ঠিত হয় য’ত দুটা মতা পানী ম’হক ইটোক আনটোৰ বিৰুদ্ধে থিয় কৰোৱা হয়। কো চামুইত অনুষ্ঠিত হোৱা এই উৎসৱ একপ্ৰকাৰৰ নিৰাপদ প্ৰতিযোগিতা। প্ৰাচীন ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠান অনুসৰি অৱশ্যে যুঁজৰ বতৰ ভিন্ন হয়। প্ৰথমে ঘূৰি পলাই যোৱা জলম'হটোক যুঁজত হৰা বুলি গণ্য কৰা হয়; এই প্ৰতিযোগিতাত বিজয়ী পানী ম'হৰ মূল্য কেইবা মিলিয়ন বাট হৈ পৰে।১১
  • ইণ্ডোনেচিয়াৰ চুলাৱেচি দ্বীপৰ টানা টোৰাজা ৰিজেন্সিত অনুষ্ঠিত হোৱা মা’পাচিলাগা টেডং ৱাটাৰ বাফেলো ফাইটিং ফেষ্টিভেল এটা জনপ্ৰিয় অনুষ্ঠান য’ত টানা ট’ৰাজাত ৰেম্বু একক বা এটা সমাধি উৎসৱ অনুষ্ঠিত হয়।

বিতৰ্ক

উৎসৱ।]]

এই পৰম্পৰাগত খেলবিধ অসমৰ গ্ৰাম্য আৰু কৃষি জীৱনশৈলীৰ সৈতে ওতপ্ৰোতভাৱে জড়িত, য'ত পথাৰত হাল বোৱাৰ বাবে মতা ম'হ অতি প্ৰয়োজনীয় আছিল। ঐতিহাসিকভাৱে এই যুঁজবোৰে এই প্ৰাণীবোৰৰ শক্তি, আৰু দক্ষতা প্ৰদৰ্শনৰ মাধ্যম হিচাপে কাম কৰিছিল, যিয়ে গৰাকীৰ ম'হ প্ৰতিপালনৰ প্ৰতি থকা নিষ্ঠা আৰু প্ৰশিক্ষণৰ দক্ষতাক প্ৰতিফলিত কৰিছিল।

ম’হ যুঁজৰ বাবে বিৰোধ আৰম্ভ হৈছিল জল্লিকাট্টু বিচাৰৰ (২০১৪ চনত ভাৰতীয় পশু কল্যাণ ব’ৰ্ড বনাম এ.নাগৰাজ আৰু অৰ্চ মোকদৰ্মা) পিছৰ পৰা। উচ্চতম ন্যায়ালয়ে জল্লিকাট্টু আৰু আনুষংগিক ম'হ সম্পৰ্কীয় অনুষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত১২১৩ মৰিগাঁও জিলাৰ ধৰমতুলৰ কৰ্তৃপক্ষই ভোগালী বিহু উৎসৱৰ সময়ত ঐতিহ্য মণ্ডিত আহতগুৰি আঞ্চলিক ম'হ-যুঁজ আৰু ভোগালী বিহু উৎসৱ সমিতিক ম'হৰ যুঁজ অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সমিতিখনে গৌহাটী উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰে আৰু ২০২৩ চনৰ ১০ অক্টোবৰত অসম চৰকাৰক সংশ্লিষ্ট জীৱ-জন্তুৰ কল্যাণ সন্দৰ্ভত উদ্বেগ সমাধান কৰি বিষয়টোৰ ওপৰত এক জ্ঞাত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে।

২০২৩ চনৰ ৮ ডিচেম্বৰত অসম কেবিনেটে ঐতিহাসিকভাৱে ম’হ আৰু অন্যান্য পৰম্পৰাগত পক্ষী যুঁজৰ অনুমতি দিয়াৰ সিদ্ধান্ত লয়। কেবিনেটে গৃহ আৰু ৰাজনৈতিক বিভাগসমূহক এই পৰিঘটনাসমূহ নিয়ন্ত্ৰণৰ বাবে এক বিস্তৃত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে, যাতে পশুৰ ওপৰত কৰা নিষ্ঠুৰতাক সহ্য কৰা নহয়।১৪

এছ অ’ পিৰ লক্ষ্য হৈছে ইচ্ছাকৃতভাৱে নিষ্ঠুৰতা হ্ৰাস কৰা, য’ত নিচাযুক্ত দ্ৰব্য বা কৰ্মক্ষমতা বৃদ্ধি কৰা ড্ৰাগছ, আক্ৰমণাত্মকতাক উত্তেজিত কৰিবলৈ চোকা বা ধাৰ থকা বস্তু ব্যৱহাৰ কৰা, আৰু ম’হৰ ওপৰত মানুহে কৰা যিকোনো আঘাতকে ধৰি পশুৰ দুখ-কষ্ট হ্ৰাস কৰা।১৫

উচচ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিস বৰুৱাৰ বিচাৰপীঠে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। পেটা ইণ্ডিয়াৰ জ্যেষ্ঠ অধিবক্তা ন্যায়াধীশ দেৱাশিস বৰুৱাৰ সন্মুখত আবেদনখন তালিকাভুক্ত কৰি দিগন্ত দাসে আবেদনকাৰীৰ সমৰ্থনত বিতংভাৱে দাখিল কৰে। তেওঁ যুক্তি দিছিল যে ম’হৰ যুঁজে জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ উলংঘা কৰে। গৌহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ উপৰিও অসম চৰকাৰৰ উক্ত এছ অ’ পিক ২০১৪ চনৰ ৭ মে’ত উচ্চতম ন্যায়ালয়ৰ ভাৰতৰ পশু কল্যাণ ব’ৰ্ড বনাম এ.নাগাৰাজৰ গোচৰৰ শুনানিক অৱমাননা কৰে বুলিও যুক্তি দিয়ে।

ম’হ যুঁজক লৈ হোৱা আইনী যুদ্ধই সাংস্কৃতিক পৰম্পৰা আৰু পশু কল্যাণৰ মাজত চলি থকা উত্তেজনাক স্পষ্ট কৰি তুলিছে। গৌহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ এছ অ’ পি বাতিল কৰাৰ সিদ্ধান্তই জীৱ-জন্তুৰ প্ৰতি নৈতিক ব্যৱহাৰৰ সৈতে ঐতিহ্যৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো সমাজে এনে প্ৰথাৰ পুনৰ মূল্যায়ন অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে জল্লিকাট্টু আৰু আনুষংগিক ম'হ সম্পৰ্কীয় অনুষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত মৰিগাঁও জিলাৰ ধৰমতুলৰ কৰ্তৃপক্ষই ভোগালী বিহু উৎসৱৰ সময়ত ঐতিহ্য মণ্ডিত আহতগুৰি আঞ্চলিক ম'হ-যুঁজ আৰু ভোগালী বিহু উৎসৱ সমিতিক ম'হৰ যুঁজ অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।

গৌহাটী উচ্চ ন্যায়ালয়ে ২০২৪ চনৰ ১৭ ডিচেম্বৰত অসম চৰকাৰৰ ২৭ ডিচেম্বৰ, ২০২৩ৰ SOP বাতিল কৰে, য’ত বছৰৰ নিৰ্দিষ্ট সময়ছোৱাত (জানুৱাৰী মাহত) ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ অনুমতি দিছিল।১৬

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Dutta, P. (2008). Bonfire, feast & lots more. The Telegraph
  2. ↑ Buffalo Fights in Assam: A Battle for Tradition or End of an Era. Sentinelassam
  3. ↑ Assam: Traditional buffalo fight 'Moh-Juj'organised after nine years. Economictimes
  4. ↑ Assam's moh-juj: A tangled tale of honour, economics & animal health. Assam tribune
  5. ↑ Encyclopedia.com: Yi tribe
  6. ↑ In China’s Villages, Bullfighting Enjoys a Bloody Renaissance
  7. ↑ Do Son: buffalo fighting festival (Vietnam), 14 September 2005, VietNamNet Bridge
  8. ↑ Do Son Buffalo Fighting Festival Vietnam. Asiarooms.com
  9. ↑ Buffalo Fighting in Hai Luu Commune, Vietnam News Agency
  10. ↑ Water Buffalo-fighting festival . Youtube
  11. ↑ Koh Samui Point (2017). Buffalo Fighting
  12. ↑ PTI. PETA: Jallikattu stay 'partial victory' for bulls. The Hindu
  13. ↑ PETA founder held in India over bullfight protest. Reuters
  14. ↑ Assam cabinet approved SoP allowing traditional buffalo and bullfights for Magh Bihu celebration. Voice of the Nation ORGANISER
  15. ↑ Guidelines Issued For Buffalo And Bulbuli Bird Fights Ahead Of Magh Bihu. Gplus
  16. ↑ Why the Gauhati HC has reintroduced ban on buffalo and bulbul fights. Indianexpress

সম্পৰ্কিত শ্ৰেণী

খেলঅসমৰ খেল-ধেমালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম'হ যুঁজ” প্ৰবন্ধৰ সংশোধন ৬২২২৩৪ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।