লোকশিল্পী
১৩ প্ৰবন্ধ
-
পৰৱাই মুন্নিয়াম্মা
পৰৱাই মুনিয়াম্মা ( Paravai Muniyamma) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ মাদুৰাইৰ পৰৱাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পৰৱাই উপাধিটো পাইছিল। তেওঁ বহুতো তামিল কথাছবিত অভিনয় কৰিছিল আৰু বেছিভাগতেই সহ-চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল।
-
কালিকাপ্ৰসাদ ভট্টাচাৰ্য
কালিকাপ্ৰসাদ ভট্টাচাৰ্য ( ১১ ছেপ্টেম্বৰ ১৯৭০ – ৭ মাৰ্চ ২০১৭ ) এজন ভাৰতীয় বাঙালী লোকসঙ্গীত শিল্পী আৰু লোকসংগীতৰ গৱেষক। তেওঁৰ জন্ম অসমৰ শিলচৰত। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ সংগীত-চৰ্চাৰ প্ৰেৰণা আছিল তেওঁৰ খুড়াক অনন্ত ভট্টাচাৰ্য।
-
অজিতা শ্ৰীবাস্তৱ
অজিতা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় গায়িকা, শিক্ষাবিদ আৰু এগৰাকী সমাজকৰ্মী। শ্ৰীবাস্তৱ মিৰ্জাপুৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ লোক সংগীতৰ এক জনপ্ৰিয় ৰূপ কাজাৰী লোকগীতৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে জনাজাত। কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২২ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।
-
কাঙ্গালিনী ছুফিয়া
ছুফিয়া খাতুন (কাঙ্গালিনী সুফিয়া নামে জনপ্ৰিয়; জন্ম ১ জানুৱাৰী ১৯৬১) তেওঁৰ প্ৰকৃত নাম অনিতা হালদাৰ। তেওঁ দৰদী শত্ৰু, আগুন আৰু ৰাজ সিংহাসন চিনেমাত প্লেবেক গায়িকা হিচাপে কণ্ঠদান কৰিছিল।
-
কৰ্পূৰী দেৱী
কৰ্পূৰী দেৱী (১৯২৯–৩০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় লোক শিল্পী আছিল। তেওঁ মধুবাণী কলা পৰম্পৰাৰ চিত্ৰকলা আৰু সুজনি পৰম্পৰাৰ বস্ত্ৰ শিল্প সৃষ্টিৰ বাবে জনাজাত আছিল। মধুবাণী কলা বিক্ৰী কৰি তেওঁ সমালোচনাত্মক আৰু ব্যৱসায়িক উভয় ক্ষেত্ৰতে সফলতা অৰ্জন কৰিছিল।
-
জচৱিন্দৰ ব্ৰেৰ
জচৱিন্দৰ ব্ৰেৰ এগৰাকী ভাৰতীয় তথা পাঞ্জাৱী ভাষাৰ লোক গায়িকা। তেওঁ পাঞ্জাৱী লোকগীত আৰু ভাংৰা গায় আৰু লোক ৰাণী হিচাপে জনাজাত। তেওঁ মঞ্চ প্ৰদৰ্শনীৰ বাবে জনাজাত আৰু তেওঁক 'আখৰ হেয়া দি ৰাণী' বুলি কোৱা হয়। তেওঁ লোক তাথৰ বাবে বিশেষভাৱে জনাজাত।
-
জানকীলাল ভাণ্ড
জানকীলাল ভাণ্ড (জন্ম ১৯৪৩), “মংকী মেন’’ (অসমীয়াৰ নৰ-বানৰ বুলিব পৰা যায়) আৰু বিৰূপ বাবা নামেৰেও জনাজাত, ৰাজস্থানৰ এজন ভাৰতীয় ছাং শিল্পী আৰু বেহৰুপিয়া শিল্পী। ছদ্মৱেশ আৰু অনুকৰণৰ পৰম্পৰাগত কলা দক্ষতাৰ বাবে বিখ্যাত, আৰু এই লোক পৰম্পৰাক পুনৰুজ্জীৱিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
জ্যোৎস্না ভট্ট
জ্যোৎস্না জ্যোতি ভট্ট (৬ মাৰ্চ ১৯৪০–১১ জুলাই ২০২০) এগৰাকী ভাৰতীয় চিৰামিক শিল্পী আৰু কুমাৰ আছিল। তেওঁ প্ৰথমে মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়, বৰোদাত অধ্যয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত তাতেই চল্লিশ বছৰ ধৰি অধ্যাপনা কৰিছিল।
-
বিঞ্জামুৰী অনুসুয়া দেৱী
বিঞ্জামুৰি অনসূয়া দেৱী (জন্ম:মে ১২,১৯২০ – মৃত্যু:মাৰ্চ ২৩,২০১৯) এগৰাকী তেলেগু গায়িকা, হাৰমনিয়াম বাদক, গীতিকাৰ আৰু লেখিকা আছিল।
-
মেথোন ওজা
মেথোন ওজা জন্ম নাম মেথোন কোঁৱৰ, গোলাঘাটৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱৰ বালিজানৰ এগৰাকী লোকশিল্পী আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল।
-
যোছেফিনা এগুইলাৰ
যোছেফিনা এগুইলাৰ (ইংৰাজী: Josefina Aguilar; জন্ম ১৯৪৫) মেক্সিকোৰ ওৱাহাকাৰ ওকোটলান ডি মৰেলোছৰ এগৰাকী লোককলা শিল্পী। এগুইলাৰ পৰিয়ালৰ সদস্য হিচাপে তেওঁ তেওঁৰ সৰু মাটিৰ পুতলাবোৰৰ বাবে সৰ্বাধিক পৰিচিত, যিবোৰক মেক্সিকান ভাষাত মুনেকাছ (muñecas) বুলি কোৱা হয়। এই শিল্পকলা তেওঁ মাকৰপৰা শিকিছিল।
-
ৰামচৰণ ভৰালী
ৰামচৰণ ভৰালী (Ramcharn Bhorali) অসমৰ এগৰাকী লোকশিল্পী। নলবাৰী জিলাত জন্মগ্ৰহণ কৰা ভৰালী লোককলাৰ বিশিষ্ট উপাদান নাগাৰা নামৰ সৈতে ওতপ্ৰোতভাবে জড়িত আছিল। “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি পৰিচিত ভৰালীয়ে নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে সুদীৰ্ঘকাল এই কলাৰ সৈতে জড়িত থাকি ইয়াৰ ওপৰত…
-
ৱাং ছু-বক
ৱাং ছু-বক (কোৰিয়ান: 왕수복}}, ৫ মাৰ্চ ১৯১৭ – ১ জুন ২০০৩) এগৰাকী উত্তৰ কোৰিয়াৰ গায়িকা আছিল, যিয়ে ১৯৩৫ চনত জাপানী শাসিত কোৰিয়াত আটাইতকৈ জনপ্ৰিয় গায়িকা হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁক এগৰাকী পথ-প্ৰদৰ্শক মহিলা শিল্পী হিচাপে গণ্য কৰা হয়, যাৰ কৰ্মই আধুনিক কে-পপ সংগীত ধাৰাৰ পথ মুকলি কৰিছিল।