আলোক চিত্ৰ লওঁতা
৪ প্ৰবন্ধ
-
প্ৰিয়া কাম্বলী
প্ৰিয়া কাম্বলী (Priya Kambli, জন্ম ১৯৭৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ।
-
মেথিউ ৰিকা
মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।
-
স্মৃতা জৈন
স্মৃতা জৈন (জন্ম: ৩১ জানুৱাৰী ১৯৮৩, ভাৰতৰ নতুন দিল্লীত) বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ, শিল্পী, ফটোগ্ৰাফাৰ, কবি, লেখক আৰু ডিজাইনৰ শিক্ষাবিদ। তেওঁ দুখন কিতাপ ৰচনা আৰু ডিজাইন কৰিছে। সেইকেইখন হৈছে: ফেট ফ্ৰী চিংৰা (২০১৮ চনত মুক্তি পোৱা) আৰু ক্ৰিয়েটিং দুৰ্গা (২০১৩)।
-
ৰঘু ৰায়
ৰঘুনাথ ৰায় চৌধুৰী বা ৰঘু ৰায় (Raghu Rai, জন্ম ১৮ ডিচেম্বৰ, ১৯৪২) এজন কিংবদন্তি ভাৰতীয় ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। তেওঁ ভাৰতৰ ফটোগ্ৰাফী জগতৰ মহীৰুহ। তেওঁক ভাৰতীয় ফটোগ্ৰাফীৰ পিতৃ বুলি কোৱা হয়। প্ৰবাদপ্ৰতিম ফটো সাংবাদিকগৰাকী ১৯৭২ চনত ভাৰতৰ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।