অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩ নং আইন), ভাৰতৰ সংসদৰ উচ্চ সদনে ২০১৮ চনৰ ২৮ নৱেম্বৰত আৰু ২০০৫ চনৰ ১২ ডিচেম্বৰত সংসদৰ নিম্ন সদন লোকসভাই গৃহীত কৰে। ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ১১টা অধ্যায় আৰু ৭৯টা ধাৰা আছে।

হালনাগাদ: ২৭ জুলাই ২০২৬ ৩৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩ নং আইন), ভাৰতৰ সংসদৰ উচ্চ সদনে ২০১৮ চনৰ ২৮ নৱেম্বৰত আৰু ২০০৫ চনৰ ১২ ডিচেম্বৰত সংসদৰ নিম্ন সদন লোকসভাই গৃহীত কৰে। ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ১১টা অধ্যায় আৰু ৭৯টা ধাৰা আছে।১২ এই আইনখনে সমগ্ৰ ভাৰতবৰ্ষৰ ভূ-খণ্ড সামৰি লৈছে।১

ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ

এই আইনখনে ভাৰতৰ প্ৰধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ) স্থাপনৰ আহ্বান জনাইছে। এনডিএমএত এজন উপ-সভাপতিকে ধৰি নজনতকৈ অধিক সদস্য নাথাকিবও পাৰে।৩ এন ডি এম এৰ সদস্যসকলৰ কাৰ্যকাল পাঁচ বছৰ হ’ব।৪ প্ৰথমতে ২০০৫ চনৰ ৩০ মে’ত কাৰ্যবাহী আদেশৰদ্বাৰা প্ৰতিষ্ঠা হোৱা এনডিএমএ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰা-৩(১)ৰ অধীনত ২০০৬ চনৰ ২৭ ছেপ্টেম্বৰত গঠন কৰা হয়।৫ এনডিএমএ “দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি, পৰিকল্পনা আৰু নিৰ্দেশনা নিৰ্ধাৰণ’’ আৰু “দুৰ্যোগৰ প্ৰতি সময়মতে আৰু ফলপ্ৰসূ সঁহাৰি’’ নিশ্চিত কৰাৰ বাবে দায়বদ্ধ। আইনখনৰ ৬ নং ধাৰাত ই “ৰাজ্যিক পৰিকল্পনা প্ৰস্তুত কৰাত ৰাজ্য কৰ্তৃপক্ষই পালন কৰিবলগীয়া নিৰ্দেশনা’’ নিৰ্ধাৰণ কৰাৰ বাবে দায়বদ্ধ।১

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি

ধাৰা ৮ৰ অধীনত এই আইনখনে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰীয় কৰ্তৃপক্ষক সহায় কৰিবলৈ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি (এন ই চি) গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। এন ই চি গৃহ, কৃষি, পাৰমাণৱিক শক্তি, প্ৰতিৰক্ষা, খোৱাপানী যোগান, পৰিৱেশ আৰু বন, বিত্ত (ব্যয়), স্বাস্থ্য, শক্তি, গ্ৰাম্য উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ, দূৰসংযোগ, নগৰ উন্নয়ন, আৰু জলসম্পদ মন্ত্ৰ্যালয়ত ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াৰে গঠিত, গৃহ সচিবে পদত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। মুখ্য কৰ্মচাৰী সমিতিৰ সংহত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী, এন ই চিৰ পদমৰ্যাদাৰ সদস্য।১ আইনখনৰ ধাৰা অনুসৰি এন ই চিয়ে সমগ্ৰ দেশৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে দায়বদ্ধ আৰু ইয়াক "বছৰিকভাৱে পৰ্যালোচনা আৰু নবীকৰণ" কৰাটো নিশ্চিত কৰাৰ বাবে দায়বদ্ধ।১২৬

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ

এই আইনৰ ১৪ নং ধাৰাত সকলো ৰাজ্য চৰকাৰক ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছডিএমএ) স্থাপনৰ নিৰ্দেশ দিয়া হৈছে। এছডিএমএত ৰাজ্যৰ মুখ্যমন্ত্ৰী যি অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিয়া আঠজনতকৈ অধিক সদস্য নহয়।১ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ দায়িত্ব (ধাৰা ২২) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা, আৰু ৰাষ্ট্ৰীয় পৰিকল্পনা ৰূপায়ণৰ বাবে।১ ৰাজ্যৰ সকলো বিভাগে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা ধৰণে দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ ধাৰা ২৮ৰ অধীনত এছডিএমএক বাধ্যতামূলক কৰা হৈছে।১

জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ হ’ব জিলাখনৰ কালেক্টৰ বা জিলা দণ্ডাধীশ বা উপ-আয়ুক্ত। অঞ্চলটোৰ নিৰ্বাচিত প্ৰতিনিধিজন ডিডিএমএৰ সদস্য পদত পদেন সহ-অধ্যক্ষ হিচাপে থাকিব, (ধাৰা ২৫)।১

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ)

আইনখনৰ ৪৪–৪৫ নং ধাৰাত কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিবলগীয়া এজন সঞ্চালক প্ৰধানৰ অধীনত "ভাবুকিপূৰ্ণ দুৰ্যোগ পৰিস্থিতি বা দুৰ্যোগৰ প্ৰতি বিশেষজ্ঞ সঁহাৰিৰ উদ্দেশ্যে" ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে।১ ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত কাশ্মীৰ-বানপানীৰ ফলত সশস্ত্ৰ বাহিনীৰ সৈতে এন ডি আৰ এফে স্থানীয় লোক আৰু পৰ্যটকক উদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৭ ২০২২ চনৰ ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উপলক্ষে “ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), অষ্টম বেটেলিয়নক সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ দিয়া হয়।৮

আইনখনৰ অন্যান্য বিধানসমূহ

আইনখনৰ ৪২ নং ধাৰাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ আহ্বান জনোৱা হৈছে।১ এই আইনখনে আইনখনৰ বিধান উলংঘা কৰাসকলৰ বাবে দেৱানী আৰু অপৰাধমূলক দায়বদ্ধতাৰ ব্যৱস্থা কৰিছে।১৯

আইনখন কাৰ্যকৰীকৰণ

ৰাষ্ট্ৰীয় দুৰ্যোগ আইন, ২০০৫ৰ কাৰ্যকৰীকৰণ লেহেমীয়া, আৰু শিথিল। ২০১৩ চনৰ ২২ জুলাইত ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে পাটনায়ক আৰু এম ৱাই ইকবালে জনস্বাৰ্থ জড়িত গোচৰৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰাখণ্ড, তামিলনাডু, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় চৰকাৰক দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ কাৰ্যকৰী নকৰাৰ অভিযোগত আইনী জাননী জাৰি কৰে। উত্তৰাখণ্ড চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইন কাৰ্যকৰী নকৰাৰ ফলত নাগৰিকৰ জীৱন বিপন্ন হোৱাৰ অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে। তেওঁ "দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি উত্তৰাখণ্ডত ক্ষন্তেকীয়া বানপানীৰ বলি হোৱা লোকসকলৰ জীৱন হেৰুৱা, ঘৰৰ ক্ষতি আৰু জীৱিকাৰ উপায় পুনৰুদ্ধাৰৰ বাবে যুক্তিসংগত এক্স-গ্ৰেচিয়া সহায়" বিচাৰিছিল।১০

আইনখনৰ সমালোচনা

বেচৰকাৰী সংস্থা (এন জি অ’), নিৰ্বাচিত স্থানীয় প্ৰতিনিধি, স্থানীয় সম্প্ৰদায় আৰু নাগৰিক গোটক প্ৰান্তীয়কৰণ কৰাৰ বাবে আৰু কেন্দ্ৰীয়, ৰাজ্য আৰু জিলা কৰ্তৃপক্ষক ব্যাপক ক্ষমতা প্ৰদান কৰা স্তৰভিত্তিক, আমোলাতন্ত্ৰিক, আদেশ আৰু নিয়ন্ত্ৰণ, 'শীৰ্ষৰ পৰা তললৈ' পদ্ধতি গঢ়ি তোলাৰ বাবে এই আইনখনক সমালোচনা কৰা হৈছে।৯ ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে "এই আইনখনক ফ্ৰেমৱৰ্ক কৰা আমোলাসকলৰ ইচ্ছা অনুসৰি প্ৰায় আইনত পৰিণত হৈছিল।"৯

দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) আইন, ২০২৫

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে বৃহস্পতিবাৰে দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক, ২০২৪ লোকসভাত উত্থাপন কৰি দুৰ্যোগৰ তথ্যকোষ সৃষ্টি কৰাৰ লগতে নগৰীয়া দুৰ্যোগ আৰু উন্নয়নৰ ওপৰতো দৃষ্টি নিক্ষেপ কৰে। ২০২৪ চনৰ ১২ ডিচেম্বৰত লোকসভা আৰু ২০২৫ চনৰ ২৫ মাৰ্চত ৰাজ্যসভাই ইয়াক গৃহীত কৰে। ২০২৫ চনৰ ২৯ মাৰ্চত ইয়াক আনুষ্ঠানিকভাৱে দ্য গেজেটত প্ৰকাশ কৰা হয়।৭

তথ্যসূত্ৰ

  1. ↑ Parliament of India. (23 December 2005). Disaster Management Act, 2005, (23rd December, 2005.) NO. 53 OF 2005. Ministry of Home
  2. ↑ Aparna Meduri. (2006). The Disaster Management Act, 2005. The ICFAI Journal of Environmental Law. The ICFAI University Press. পৃ. 9–11
  3. ↑ Ministry of Home. (27 September 2006). The Gazette of India, Extraordinary, (Part II, Section 3(i)) Notification: Disaster Management( Terms of office and Conditions of Service of members of the National Authority and payment of Allowances to members of Advisory Committee) Rules, 2006. Published by the controller of Publications, New Delhi 110054. পৃ. Section 3
  4. ↑ (27 September 2006). Notification for notifying the Disaster Management (Removal of Difficulties) Order. 2006 Providing for a tenure of 5 years for the Member of NDMa. The Gazette of India. Ministry of Home
  5. ↑ Ministry of Home. (27 September 2006). Notification for establishing NDMA. The Gazette of India. Ministry of Home
  6. ↑ Ministry of Home. (27 September 2006). Notification for constituting National Executive Committee (NEC). The Gazette of India. Ministry of Home. পৃ. Section 3, sub section (ii)
  7. ↑ JAMMU & KASHMIR FLOOD RESCUE AND RELIEF OPERATIONS – SEP. 2014. ndrf
  8. ↑ (23 January 2022). 'We modernised NDRF': PM Modi confers Subhas Chandra Bose Aapda Prabhandan Puraskars
  9. ↑ Max Martin. (8 February 2007). Disaster Management Act – Farce follows disaster
  10. ↑ (20 July 2013). Natural calamity prone states have no disaster management mechanism: PIL. Times of India

সম্পৰ্কিত শ্ৰেণী

আইনদুৰ্যোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫” প্ৰবন্ধৰ সংশোধন ৬২০৫০৭ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।