অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অপৰাধিক ষড়যন্ত্ৰ

অপৰাধিক ষড়যন্ত্ৰ ভাৰতীয় আইনমতে এক অপৰাধ যি দৰাচলতে কোনোৱে অপৰাধ সংঘটিত কৰাত বা হোৱাত বা হৈ থকাত হাতে কামে লাগি সাহায্য কৰাটো ঠিক নুবুজাই বৰঞ্চ পৰ্দাৰ আঁৰত থাকি কোনো এক অপৰাধ বা বেআইনী পন্থাৰে অভীষ্ট সিদ্ধি কৰিবৰ বা হ'বৰ বাবে আন এজন বা ততোধিকৰ লগত লগলাগি অভিসন্ধি ৰচনা কৰাটো বুজায়।

হালনাগাদ: ২৪ মাৰ্চ ২০২৪ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

অপৰাধিক ষড়যন্ত্ৰ ভাৰতীয় আইনমতে এক অপৰাধ যি দৰাচলতে কোনোৱে অপৰাধ সংঘটিত কৰাত বা হোৱাত বা হৈ থকাত হাতে কামে লাগি সাহায্য কৰাটো ঠিক নুবুজাই বৰঞ্চ পৰ্দাৰ আঁৰত থাকি কোনো এক অপৰাধ বা বেআইনী পন্থাৰে অভীষ্ট সিদ্ধি কৰিবৰ বা হ'বৰ বাবে আন এজন বা ততোধিকৰ লগত লগলাগি অভিসন্ধি ৰচনা কৰাটো বুজায়। উদেশ্যিত মূল অপৰাধ বা তাৰ আনুষঙ্গিক কোনো কাৰ্য্য সংঘটিত বা সম্পাদিত হোৱা অৱস্থাত ষড়যন্ত্ৰকাৰীজন তেওঁৰ লগৰীয়া কেইজনৰ সৈতে ঘটনাস্থলৰ পৰা নিৰাপদ দুৰত্বত অৱস্থান কৰি থাকে।

সংজ্ঞা

ভাৰতীয় দণ্ড বিধি ১২০(ক) ধাৰাত অপৰাধিক ষড়যন্ত্ৰৰ সংজ্ঞা১ এইদৰে দিয়া হৈছে-

যেতিয়া দুই বা ততোধিক ব্যক্তিয়ে

(১) কোনো এক বেআইনী কাম, অথবা

(২) কোনো এক আইনসন্মত কাম বেআইনী প্ৰক্ৰিয়াৰে

কৰিবলৈ, সংঘটিত কৰিবলৈ বা সংঘটিত হোৱাবলৈ সহমত হয়, তেন্তে তেনে সহমতিক অপৰাধিক ষড়যন্ত্ৰ বুলি আখ্যা দিয়া হয়ঃ

কিন্তু চৰ্ত থাকিব যে কোনো এক অপৰাধ কৰাৰ সহমতিৰ বাহিৰে আন কোনো ধৰণৰ সহমতিক অপৰাধিক ষড়যন্ত্ৰ বোলা নহ'ব যেই পৰ্য্যন্ত তেনে সহমতিৰ উপৰিও সেই সহমতি অনুসাৰে উদেশ্যসাধনাৰ্থে কোনো এক বা ততোধিক সহমত পক্ষই কিবা কাৰ্য্য নকৰে।

বাখ্যাঃ- উক্ত বেআইনী কাৰ্য্য তেনে কোনো অপৰাধিক ষড়যন্ত্ৰৰ শেষ উদেশ্য নে মাত্ৰ উদেশ্যমূখী আনুষঙ্গিক ক্ৰিয়া সেয়া তাৎপৰ্য্যহীন।

শাস্তি

অপৰাধিক ষড়যন্ত্ৰকাৰীৰ বাবে ভাৰতত কোনো নিদিষ্ট শাস্তিৰ বিধান নাই। ভাৰতীয় দণ্ড বিধি ১২০(খ)(১) ধাৰামতে মৃত্যুদণ্ড, যাবৎ জীৱন কাৰাদণ্ড অথবা দুবছৰ বা ততোধিক সময়ৰ কঠোৰ কাৰাদণ্ডৰ বিধান থকা অপৰাধ কৰিবলৈ অপৰাধিক ষড়যন্ত্ৰত লিপ্ত হোৱা জনক, যত তেনে ষড়যন্ত্ৰমূলক কাৰ্য্যৰ বাবে কোনো প্ৰকাশ্য শাস্তিৰ ব্যৱস্থা কৰা হোৱা নাই, তেনে অপৰাধত সাহাৰ্য্য কৰা বুলি ধৰি লৈ যি শাস্তি বিধেয় সেই একেধৰণে শাস্তি দিয়া হব।

ভাৰতীয় দণ্ড বিধি ১২০(খ)(২)ধাৰামতে উপৰোক্ত অপৰাধৰ বাহিৰে আনকোনো অপৰাধ কৰিবলৈ অপৰাধিক ষড়যন্ত্ৰত ভাগ লোৱাজনৰ বাবে খুব বেছি ছমাহ কাৰাদণ্ড বা জৰিমনা বা কাৰা-জৰিমনাদণ্ড শাস্তি বিধেয়। ২৩

উল্লেখ্য যে ভাৰতীয় দণ্ড বিধি ১২০(খ)ৰে দণ্ডিত হব পৰা দোষী সাব্যস্তিত জনক অপৰাধৰ বলি হোৱা পক্ষই ক্ষমাদান কৰাৰ কোনো অৱকাশ নাই।৪

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ indiankanoon.org/doc/1897847/
  3. ↑ আৰ্কাইভ কপি
  4. ↑ www.lawyersclubindia.com/judiciary/Section-420-a

সম্পৰ্কিত শ্ৰেণী

আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰাধিক ষড়যন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪১৩৯১৭ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।