হাৰিয়ানাৰ ব্যক্তি
১২ প্ৰবন্ধ
-
সৰবজ্যোত সিং
সৰবজ্যোত সিং (Sarabjot Singh; জন্ম: ৩০ ছেপ্টেম্বৰ ২০০১) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
অমন শেৰাৱত
অমন শেৰাৱত (ইংৰাজী: Aman Sehrawat; জন্ম: ১৬ জুলাই ২০০৩) হাৰিয়ানাৰ এজন ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। ২০২৪ চনত বিস্কেকত অনুষ্ঠিত হোৱা এছিয়ান ৰেছলিং অলিম্পিক অৰ্হতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক…
-
অজয় নাগৰ
অজয় নাগৰ (Ajey Nagar), যি কেৰিমিনাটি বুলি জনাজাত, হৈছে ভাৰতৰ ফৰিদাবাদৰ এজন ইউটিউবাৰ আৰু ষ্ট্ৰিমাৰ। তেওঁ তেওঁৰ চেনেল কেৰিমিনাটিৰ বিভিন্ন অনলাইন বিষয়ৰ প্ৰতি তেওঁৰ কথমপি ষ্টীট আৰু প্ৰতিক্ৰিয়াৰ বাবে জনাযায়।
-
জয়দীপ আহলাৱত
জয়দীপ আহলাৱত (Jaideep Ahlawat; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮০)। পৰৱৰ্তী সময়ত তেওঁ কমাণ্ডো: এ ৱান মেন আৰ্মি (২০১৩), গব্বৰ ইজ বেক (২০১৫), আৰু বিশ্বৰূপম দ্বিতীয় (২০১৮)কে ধৰি কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।
-
ধৰ্মবীৰ নৈন
ধৰ্মবীৰ নৈন (Dharambir Nain; জন্ম: ১৮ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ ক্লাৱ থ্ৰো বা গদা দলিওৱা খেলৰ লগত জড়িত। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ শাখাৰ প্ৰতিযোগিতাত তেওঁ স্বৰ্ণ পদক লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ ৩৪.৯২ মিটাৰ নিক্ষেপ কৰি এছিয়ান অভিলেখ গঢ়ে।
-
নৱদীপ সিং (খেলুৱৈ)
নৱদীপ সিং ( Navdeep Singh, জন্ম ১১ নৱেম্বৰ ২০০০) এজন ভাৰতীয় পেৰা-এথলীট আৰু জেভেলিন থ্ৰ'ৱাৰ। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ স্বৰ্ণ পদক লাভ কৰে আৰু ইয়াৰ পূৰ্বে তেওঁ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক বিজয়ী হৈ আহিছে।
-
প্ৰণৱ চুৰমা
প্ৰণৱ চুৰমা (Pranav Soorma; জন্ম: ৪ অক্টোবৰ, ১৯৯৪) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ গদা দলিওৱা বা ক্লাৱ থ্ৰো খেলৰ এফ৫১ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ক্লাৱ থ্ৰো প্ৰতিযোগিতাৰ এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে।
-
সৃষ্টি ৰাণা
সৃষ্টি ৰাণা (Srishti Rana) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ডিভা - মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৩ত অংশগ্ৰহণ কৰি মিছ ইণ্ডিয়া এছিয়া পেচিফিক ২০১৩ৰ খিতাপ লাভ কৰে।
-
অদিতি আৰ্য
অদিতি আৰ্য কোটাক (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গৱেষণা বিশ্লেষক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
মীনাক্ষী চৌধুৰী
মীনাক্ষী চৌধুৰী (Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে।
-
সুখদা প্ৰীতম
সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।
-
ৰেখা গুপ্তা
ৰেখা গুপ্তা (Rekha Gupta,জন্ম ১৯ জুলাই ১৯৭৪) ভাৰতীয় জনতা পাৰ্টি, দিল্লীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁক ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই পদত অধিষ্ঠিত দিল্লীৰ তেওঁ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু সামগ্ৰিকভাৱে অষ্টম।