চীনৰ উৎসৱ
১৪ প্ৰবন্ধ
-
লণ্ঠন উৎসৱ
লণ্ঠন উৎসৱ (Lantern Festival, 元宵節) চীনা পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত অন্যতম উৎসৱ। চীনা চন্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ ১৫তম দিনা পূৰ্ণিমাৰ সময়ত ইয়াক উদ্যাপন কৰা হয়। সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চৰ আৰম্ভণিতে পৰা এই উৎসৱে পৰম্পৰাগত চীনা নৱবৰ্ষ উদ্যাপনৰ শেষ দিনটো সূচায়।
-
চন্দ্ৰ নৱবৰ্ষ মেলা
চন্দ্ৰ নৱবৰ্ষ মেলা হৈছে চীনা নৱবৰ্ষ (চন্দ্ৰ নৱবৰ্ষ)ৰ কেইদিনমান আগতে চীনত বাৰ্ষিকভাবে অনুষ্ঠিত হোৱা এক প্ৰকাৰৰ মেলা। যাক ফুলৰ বজাৰ বুলিও জনা যায়। এই মেলাসমূহ প্ৰধানকৈ কেণ্টনীজ লোকসকলৰ মাজত প্ৰচলিত আৰু কেণ্টনীজ প্ৰব্ৰজনৰ সৈতে ই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে।
-
ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ
ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ হৈছে চীনৰ শ্বানদং প্ৰদেশৰ ছিংদাও চহৰত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক উৎসৱ। এই অনুষ্ঠানটো চীনৰ ৰাষ্ট্ৰীয় মন্ত্ৰ্যালয়সমূহ আৰু ছিংদাও পৌৰ চৰকাৰে যৌথভাৱে স্পনছৰ কৰে।
-
নাদুন
নাদুন (ইংৰাজী: Nadun) হৈছে মংগুঅৰ জনগোষ্ঠীৰ (যিসকলক চীনাত টু জু বুলি জনা যায়)দ্বাৰা উদযাপিত এটা পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ নামটো মংগোলিয়াৰ নাদাম উৎসৱৰ সৈতে সাদৃশ্যপূৰ্ণ যদিও ইয়াৰ বিন্যাস আৰু বিষয়-বস্তু সম্পূৰ্ণ পৃথক।
-
নিয়ান লি
নিয়ান লি ( Nian Li) হৈছে চীনৰ পশ্চিম গুৱাংডং প্ৰদেশৰ এক অনন্য পৰম্পৰাগত উৎসৱ। মেণ্ডেৰিন চীনা ভাষাত “নিয়ান”ৰ অৰ্থ এবছৰ, আনহাতে “লি”ৰ অৰ্থ হৈছে এটা ৰুটিন। এই দুটা শব্দৰ সংমিশ্ৰণৰ অৰ্থ হ’ল এবছৰৰ ৰুটিন। এইদৰে মানুহে বছৰত এবাৰকৈ নিয়ান লি উদযাপন কৰে।
-
পানী ছটিওৱা উৎসৱ
পানী ছটিওৱা উৎসৱ বা পানী ছটিয়াই খেলা উৎসৱ (ইংৰাজী: Water-Sprinkling Festival) হৈছে ডাই জনগোষ্ঠীৰ এক প্ৰধান আৰু পৰম্পৰাগত উৎসৱ, যাৰ জৰিয়তে তেওঁলোকৰ নতুন বছৰক আদৰা হয়।
-
বান্দৰ ৰজা উৎসৱ
বান্দৰ ৰজা উৎসৱ ( Monkey King Festival) (চীনা ভাষাত 齊天大聖千秋) হংকঙত চীনা পঞ্জিকাৰ অষ্টম চন্দ্ৰ মাহৰ ১৬ তাৰিখে উদ্যাপন কৰা হয়। এই দিনটো মধ্য-শৰৎ উৎসৱৰ পাছদিনা আৰু গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি সাধাৰণতে ছেপ্টেম্বৰ মাহত পৰে।
-
বেইজিং পপ উৎসৱ
বেইজিং পপ উৎসৱ হৈছে ২০০৫ চনৰ পৰা প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত চীনৰ বেইজিং চহৰৰ চাওয়াং পাৰ্কত অনুষ্ঠিত হোৱা এটা ৰক সংগীতৰ উৎসৱ। ইয়াত চীনৰ লগতে বিদেশী ৰক বেণ্ডসমূহেও অংশগ্ৰহণ কৰিছিল।
-
মধ্য-শৰৎ উৎসৱ
মধ্য-শৰৎ উৎসৱ, চন্দ্ৰ উৎসৱ বা মুনকেক উৎসৱ নামেৰেও পৰিচিত, চীনা সংস্কৃতিত উদযাপিত এটা শস্য চপোৱা উৎসৱ। ই চীনা চান্দ্ৰ-সৌৰ পঞ্জিকাৰ অষ্টম মাহৰ ১৫ তাৰিখে অনুষ্ঠিত হয় আৰু গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি ৭ ছেপ্টেম্বৰৰপৰা ৮ অক্টোবৰৰ ভিতৰত যিকোনো তাৰিখত পৰিব পাৰে।
-
মিডি সংগীত উৎসৱ
মিডি সংগীত উৎসৱ (ইংৰাজী: Midi Music Festival), যাকে কেতিয়াবা মিডি আধুনিক সংগীত উৎসৱ বা চমুকৈ মিডি উৎসৱ বুলিও কোৱা হয়, হৈছে চীন দেশৰ অন্যতম বৃহৎ ৰক সংগীতৰ উৎসৱ। এই উৎসৱৰ আয়োজন কৰে বেইজিং মিডি স্কুল অৱ মিউজিকে।
-
লিটাং ঘোঁৰা উৎসৱ
লিটাং ঘোঁৰা উৎসৱ (ইংৰাজী: Litang Horse Festival) হৈছে চীনৰ চিচুয়ান প্ৰদেশৰ লিটাং কাউণ্টিত অনুষ্ঠিত হোৱা এটা গ্ৰীষ্মকালীন ঘোঁৰা উৎসৱ। তিব্বতীয় মালভূমিৰ বিভিন্ন প্ৰান্তৰ পৰা খাম্পা জনগোষ্ঠীৰ লোকসকল ইয়ালৈ ব্যৱসায় কৰিবলৈ, উৎসৱ উদ্যাপন কৰিবলৈ আৰু ঘোঁৰা চাবলৈ আহে।
-
অগ্নিশিখা উৎসৱ
অগ্নিশিখা উৎসৱ বা জুই উৎসৱ (Torch Festival) , শিংহুই উৎসৱ নামেৰেও পৰিচিত। ই দক্ষিণ-পশ্চিম চীনৰ ই লোকসকলৰ অন্যতম প্ৰধান উৎসৱ। অঞ্চলটোৰ আন কেইবাটাও জনগোষ্ঠীয়েও, যেনে বাই লোকসকল, হানি লোকসকল, লাহু, নাছি আৰু পুমি লোকসকল, এই উৎসৱ পালন কৰে।
-
ইউয়ানশিয়াও
ইউয়ানশিয়াও হৈছে বৰা চাউলৰ আটাৰে তৈয়াৰী একপ্ৰকাৰৰ ডাম্পলিং বা লাড়ু চানেকীয়া পিঠা। ইয়াৰ ভিতৰত তিল বা বাদামৰ গুড়ি আৰু চেনি, অথবা মিঠা ৰঙা বীনৰ পেষ্ট পূৰ্ণ কৰি দিয়া হয়। চীনা নৱবৰ্ষৰ পঞ্চদশ দিন অৰ্থাৎ লণ্ঠন উৎসৱৰ সময়ত ইয়াক এক বিশেষ চুপ বা ৰসৰ সৈতে খোৱা হয়।
-
চীনৰ উৎসৱৰ তালিকা
শীতল খাদ্য উৎসৱ (Cold Food Festival) ডংঝি উৎসৱ (Dongzhi Festival) দুয়ানউ উৎসৱ (Duanwu Festival) ফ্ৰিস্পেচ ফেষ্ট (Freespace Fest) ফু ইয়াং উৎসৱ (Fu Yang Festival) হাৰ্বিন আন্তঃৰাষ্ট্ৰীয় বৰফ আৰু তুষাৰ ভাস্কৰ্য উৎসৱ (Harbin International Ice and Snow Sculpture Festival) হংকং কলা উৎসৱ (Hong Kong Arts…