চন্দ্ৰ নৱবৰ্ষ মেলা হৈছে চীনা নৱবৰ্ষ (চন্দ্ৰ নৱবৰ্ষ)ৰ কেইদিনমান আগতে চীনত বাৰ্ষিকভাবে অনুষ্ঠিত হোৱা এক প্ৰকাৰৰ মেলা। যাক ফুলৰ বজাৰ বুলিও জনা যায়। এই মেলাসমূহ প্ৰধানকৈ কেণ্টনীজ লোকসকলৰ মাজত প্ৰচলিত আৰু কেণ্টনীজ প্ৰব্ৰজনৰ সৈতে ই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে।
ইতিহাস
চন্দ্ৰ নৱবৰ্ষ মেলাৰ ইতিহাস ৱানলি সম্ৰাট যুগৰ মিং ৰাজবংশ যুগৰ পৰাই অনুসন্ধান কৰিব পাৰি। এই সময়লৈকে কৃষকসকলে পাৰ্ল নদীৰ দক্ষিণে থকা বজাৰত ফুল বিক্ৰী কৰিছিল। এই প্ৰাচীন ফুলৰ বজাৰবোৰ প্ৰতিদিনে কোনো নিৰ্দিষ্ট স্থানত অনুষ্ঠিত হোৱা নাছিল।
১৮৬০ৰ দশকত চন্দ্ৰ নৱবৰ্ষৰ দিনতহে ফুলৰ বজাৰ অনুষ্ঠিত হ’বলৈ আৰম্ভ কৰে। ১৯১৯ চনত এখন বিশেষভাৱে ডাঙৰ মেলা অনুষ্ঠিত হয়।১৯৪৯ চনত চীন প্ৰতিষ্ঠা হোৱাৰ কিছু সময়ৰ পিছতে বহু কেণ্টনীজ লোকে গুৱাংঝু আৰু অন্যান্য পাৰ্ল ৰিভাৰ ডেল্টা অঞ্চলৰ পৰা হংকঙলৈ প্ৰব্ৰজন কৰে, বজাৰৰ পৰম্পৰাক লগত লৈ। পিছত ই বহিঃৰাজ্যলৈ বিয়পি পৰে।
বিভিন্ন চহৰত চন্দ্ৰ নৱবৰ্ষ মেলা
হংকং
হংকঙৰ বিভিন্ন স্থানত এই মেলা অনুষ্ঠিত হয়, যাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে [ভিক্টোৰিয়া পাৰ্ক আৰু ফা হুই পাৰ্ক। এই মেলাসমূহত বিভিন্ন সামগ্ৰীৰ শ্ৰেণীৱদ্ধ শ শ ষ্টল বা দোকান একত্ৰিত কৰা হয়। মেলাৰ আধা অংশত শুভ তথা ভাগ্যদায়ক বুলি গণ্য কৰা ফুলৰ গছ যেনে— নাৰ্চিছাছ (নৰ্গিছ ফুল), পিঅ’নী, চন্দ্ৰমল্লিকা, পিচ ফুল আৰু ফলৰ গছ যেনে— মেণ্ডাৰিন সুমথিৰা টেঙা আদি বিক্ৰী কৰা হয়। বাকী আধা অংশত চীনা নৱবৰ্ষৰ বাবে প্ৰয়োজনীয় শুকান সামগ্ৰীসমূহ বিক্ৰী কৰা হয়।
এই মেলাসমূহে প্ৰচুৰ দৰ্শকক আকৰ্ষণ কৰে, কাৰণ ইয়াত হাং নিন চিউ (行年宵, যাৰ আক্ষৰিক অৰ্থ: বছৰৰ শেষ নিশা খোজ কঢ়া) বা হাং ফা শ্বি (行花市, অৰ্থাৎ: ফুলৰ বজাৰত খোজ কঢ়া) নামৰ এক পৰম্পৰাগত ৰীতি প্ৰচলিত আছে। নৱবৰ্ষৰ দিনটোৰ মধ্যনিশাৰ কেইঘণ্টামান আগত আৰু পিছত দৰ্শকৰ ভীৰ আটাইতকৈ বেছি হয়। মেলা বন্ধ হোৱাৰ এই শেষৰ কেইঘণ্টামানৰ ভিতৰত ষ্টলৰ মালিকে নিজৰ সকলো সামগ্ৰী বিক্ৰী কৰি শেষ কৰিবলৈ চেষ্টা কৰে, কাৰণ বিক্ৰী নোযোৱা অতিৰিক্ত ফুলবোৰ সাধাৰণতে নষ্ট কৰি পেলোৱা হয় (অথবা দাতব্য সংস্থাসমূহক দান কৰা হয়)।
২০০০ চনৰ দশকৰ পৰা বিভিন্ন যুৱ সংগঠন, মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে মেলাত নিজাকৈ ষ্টল চলোৱা আৰম্ভ কৰে। উদাহৰণস্বৰূপ, ২০০৭ চনত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গাহৰিৰ সৈতে জড়িত বহুতো বিশেষ সামগ্ৰী যেনে— পিগ টিছু হ'ল্ডাৰ, ফেটি পৰ্ক চপ স্কাৰ্ফ আদি বিক্ৰী কৰিবলৈ ষ্টল স্থাপন কৰিছিল।
পৰম্পৰাগতভাৱে, হংকঙৰ গভৰ্ণৰগৰাকীয়ে প্ৰতি বছৰে সাধাৰণতে ভিক্টোৰিয়া পাৰ্কৰ মেলাখন পৰিদৰ্শন কৰিছিল। বৰ্তমান হংকঙৰ মুখ্য কাৰ্যবাহীয়েও এই পৰম্পৰা অব্যাহত ৰাখিছে।
২০০৬ চনৰ স্থানসমূহ
২০০৬ চনত এই মেলাসমূহ তলত দিয়া স্থানত অনুষ্ঠিত হৈছিল:
- কজৱে বে'ত অৱস্থিত ভিক্টোৰিয়া পাৰ্ক
- শ্বাম শ্বুই প'ৰ ফা হুই পাৰ্ক
- শ্বাম শ্বুই প'ৰ চেউং শ্বা ৱান প্লেগ্ৰাউণ্ড
- ৱং টাই চিনৰ কাই টাক ইষ্ট প্লেগ্ৰাউণ্ড
- ক্বুন টং ৰিক্ৰিয়েছন গ্ৰাউণ্ড
- সুৱেন ৱানৰ শ্বা চুই ৰোড প্লেগ্ৰাউণ্ড
- ক্বাই চিঙৰ ক্বাই চুং স্পৰ্টচ গ্ৰাউণ্ড
- টুৱেন মুনৰ শ্বেখ পাই টাউ প্লেগ্ৰাউণ্ড
- য়ুৱেন লং পাব্লিক চুইমিং পুলৰ বিপৰীত মুখী পেডেষ্ট্ৰিয়ান মল আৰু অন হিং প্লেগ্ৰাউণ্ড
- উত্তৰ জিলাৰ শ্বেখ ৱু হুই প্লেগ্ৰাউণ্ড
- টাই প'ৰ তিন হৌ টেম্পল ফুং চুই স্কোৱাৰ
- শ্বা তিনৰ য়ুৱেন ৱ' প্লেগ্ৰাউণ্ড
- চাই কুঙৰ মান য়ী প্লেগ্ৰাউণ্ড
- ত্সেউং ক্বান অ'ৰ প' হং পাৰ্ক
২০০৭ চনৰ স্থানসমূহ
২০০৭ চনত এই মেলাসমূহ তলত দিয়া স্থানসমূহত অনুষ্ঠিত হৈছিল:১
- হংকং দ্বীপৰ ভিক্টোৰিয়া পাৰ্ক
- কাউলুনৰ ফা হুই পাৰ্ক, চেউং শ্বা ৱান প্লেগ্ৰাউণ্ড, মৰ্চ পাৰ্ক আৰু ক্বুন টং ৰিক্ৰিয়েছন গ্ৰাউণ্ড
- সুৱেন ৱানৰ শ্বা চুই ৰোড প্লেগ্ৰাউণ্ড
- ক্বাই চুং স্পৰ্টচ গ্ৰাউণ্ড
- টুৱেন মুনৰ তিন হৌ টেম্পলৰ মুকলি স্থান
- য়ুৱেন লং চহৰৰ টুং টাউ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া প্লেগ্ৰাউণ্ড
- উত্তৰ জিলাৰ শ্বেখ ৱু হুই প্লেগ্ৰাউণ্ড
- টাই প'ৰ তিন হৌ টেম্পল ফুং চুই স্কোৱাৰ
- শ্বা তিনৰ য়ুৱেন ৱ' প্লেগ্ৰাউণ্ড
- চাই কুঙৰ মান য়ী প্লেগ্ৰাউণ্ড
- ত্সেউং ক্বান অ'ৰ প' হং পাৰ্ক
গুয়াংঝু
গুয়াংঝু চহৰক চন্দ্ৰ নৱবৰ্ষ মেলাৰ মূল উৎস বুলি কোৱা হয়। গণপ্ৰজাতন্ত্ৰী চীনৰ শাসনকালত কেৱল এবাৰহে, সাংস্কৃতিক বিপ্লৱৰ সময়ত কেইবছৰমানৰ বাবে এই চন্দ্ৰ নৱবৰ্ষ মেলা বন্ধ হৈ পৰিছিল। গুয়াংঝুৰ মেলা চন্দ্ৰ নৱবৰ্ষৰ পূৰ্বদিনা তিনি দিনৰ আগৰ পৰা অনুষ্ঠিত হয়। ইয়াত নৱবৰ্ষৰ গছ আৰু অন্যান্য উৎসৱকালীন সামগ্ৰী বিক্ৰী কৰা হয়।
গুয়াংঝুত ১৯৬০-ৰ দশকৰে পৰা প্ৰতিটো প্ৰশাসনিক জিলাতে অন্ততঃ এখনকৈ মেলা অনুষ্ঠিত কৰাটো এটা পৰম্পৰাত পৰিণত হৈছে। যদিও গুয়াংঝুত চন্দ্ৰ নৱবৰ্ষ মেলাৰ আধিকাৰিক নথিপত্ৰ প্ৰথমবাৰৰ বাবে ১৯২০-ৰ দশকতহে পোৱা গৈছিল (যেতিয়া চহৰখন চীন প্ৰজাতন্ত্ৰৰ শাসনত আছিল), তথাপিও এই মেলাৰ ইতিহাস মিং ৰাজবংশৰ সময়ৰ পৰাই পোৱা যায়।
গুয়াংঝুত এই মেলাৰ আনুষ্ঠানিক নাম হৈছে "ফুলৰ বজাৰ" (花市); অৱশ্যে স্থানীয় লোকসকলে ইয়াক প্ৰায়ে ফুলৰ ৰাস্তা (花街) বুলি ক’বলৈ পছন্দ কৰে। ইয়াৰ কাৰণ হ’ল গুয়াংঝুৰ মেলাসমূহ এনে কিছুমান ৰাস্তাত অনুষ্ঠিত কৰা হয় যিবোৰ সাধাৰণ দিনত যান-বাহন চলাচলৰ বাবে মুকলি থাকে, কিন্তু মেলাৰ দিনকেইটাত সেইবোৰক সম্পূৰ্ণৰূপে পদচাৰী মণ্ডললৈ ৰূপান্তৰিত কৰা হয়।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Fair stall auctions set for November 13 news.gov.hk:Health and Community
- ↑ 春节专题
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ নৱবৰ্ষ মেলা” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৭৮ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।