অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মাজুলীৰ সন্ধি

মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্‌ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২০ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্‌ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়। স্বৰ্গদেউৰ ভায়েককে ধৰি আহোম বিষয়ববীয়াসকলৰ চক্ৰান্তত গড়গাঁও পতনৰ পিছত স্বৰ্গদেৱে পলায়ন কৰে। পিছত আহোম ৰজাই তেওঁৰ মন্ত্ৰী আইখেক বুঢ়াগোহাঁইৰ জৰিয়তে শান্তি স্থাপনাৰ বাবে কোচ ৰজাক আমন্ত্ৰণ জনায়। শান্তি আলোচনাৰ সময়ত নৰনাৰায়ণে মাজুলীত বাহৰ পাতি আছিল।১ শেষত দুয়োপক্ষই মানি লোৱা চৰ্তসমূহ আছিল:২

  1. আহোম ৰজাই কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰিব।
  2. ব্ৰহ্মপুত্ৰ নদৰ উত্তৰপাৰে সোৱণশিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি১ কোচসকলক গতাই দিয়া হ'ব।
  3. আহোম বিষয়াৰ পাঁচজন পুত্ৰক বন্দী হিচাপে গতাই দিয়া হ'ব।
  4. খামৰিং নামৰ হাতী আৰু পাকচিৰাই নামৰ ঘোঁৰাটো দিয়া হ'ব।
  5. আহোমসকলে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে এইখিনি বস্তু দিব লাগিব- ষাঠীটা হাতী, ষাঠীযোৰ কাপোৰ, ষাঠীজনী বান্দী, তিনিশজন মানুহ আৰু সোণ-ৰূপৰ সৈতে এটা ৰঙা ৰাজকীয় চত্ৰ।

ইয়াৰ লগতে কোচ ৰজাই তিনিজন কোচ বিষয়াক ৰাজখোৱা হিচাপে প্ৰতিষ্ঠা কৰে- উজীৰ বামুণ, তপস্বী লস্কৰ আৰু মালমূল্য লস্কৰ। নতুনকৈ আহৰণ কৰা অঞ্চলটোৰ চোৱা-চিতাৰ বাবে নাৰায়ণপুৰত এটা কোঠো প্ৰতিষ্ঠা কৰা হয়।

তথ্যসূত্ৰ

  • Nath, D. (1989). History of the Koch Kingdom: 1515-1615. Mittal Publications
  • Sarkar, J N. (1992). The Comprehensive History of Assam. Assam Publication Board

তথ্যসূত্ৰ

  1. ↑ Nath 1989, পৃ. 58
  2. ↑ Sarkar 1992, পৃ. 80

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসআহোম ৰাজ্যচুক্তিমাজুলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাজুলীৰ সন্ধি” প্ৰবন্ধৰ সংশোধন ২৪৬২২৩ (১৭ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।