অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুকুৰৰ মাংস

কুকুৰৰ মাংস হৈছে কুকুৰৰ পৰা পোৱা মাংস৷ ঐতিহাসিকভাৱে বিশ্বৰ বহু ঠাইত কুকুৰৰ মাংস খোৱাৰ বিষয়ে জানিব পৰা যায়। একবিংশ শতিকাত চীন , দক্ষিণ কোৰিয়া, ভিয়েটনাম, আৰু নাইজেৰিয়াত কুকুৰৰ মাংস খোৱা হয় আৰু বিশ্বৰ আন কিছুমান দেশতো ইয়াৰ সেৱন বৈধ।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কুকুৰৰ মাংস হৈছে কুকুৰৰ পৰা পোৱা মাংস৷ ঐতিহাসিকভাৱে বিশ্বৰ বহু ঠাইত কুকুৰৰ মাংস খোৱাৰ বিষয়ে জানিব পৰা যায়।১ একবিংশ শতিকাত চীন ২, দক্ষিণ কোৰিয়া,৩ ভিয়েটনাম, আৰু নাইজেৰিয়াত কুকুৰৰ মাংস খোৱা হয় আৰু বিশ্বৰ আন কিছুমান দেশতো ইয়াৰ সেৱন বৈধ। কিছুমান স্থানীয় সংস্কৃতিয়ে কুকুৰৰ মাংস খোৱাটোক তেওঁলোকৰ পৰম্পৰাগত, প্ৰথাগত বা দৈনন্দিন খাদ্য হিচাপে গণ্য কৰে আৰু আন কিছুমান সংস্কৃতিত কুকুৰৰ মাংস খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। ২০১৪ চনৰ এক হিচাপ অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মানুহে ২.৫ কোটি কুকুৰ খায়।৪

ধৰ্মীয় খাদ্য তালিকা আইন

ইহুদী ধৰ্মীয় খাদ্য আইন (কাশ্ৰুত) অনুসৰি, যিসকল স্থলচৰ স্তন্যপায়ী প্ৰাণীয়ে নিজৰ খাদ্য পুনৰ চবৰোৱা নকৰে আৰু বিভক্ত খুৰা নাথাকে, সেইসকলৰ মাংস ভক্ষণ কৰা নিষিদ্ধ। এই নিয়মৰ অন্তৰ্গত কুকুৰো আহাৰযোগ্য নহয়।৫

ইছলামিক খাদ্য আইনত কুকুৰ বা যিকোনো মাংসভোজী প্ৰাণী, বা কোনো বিষাক্ত, নখযুক্ত, নখযুক্ত প্ৰাণী বা সৰীসৃপৰ মাংস খোৱাটো কঠোৰভাৱে নিষিদ্ধ।৬ মালিকী মাজহাব মতে, ইয়াক মাকৰুহ ("অপছন্দনীয় কিন্তু নিষিদ্ধ নহয়") হিচাপে গণ্য কৰা হয়।৭

বৰ্তমান আইন

কুকুৰৰ মাংস হত্যা, বিক্ৰী, ক্ৰয় (আমদানি সহ), বা ভক্ষণ বিভিন্ন দেশত নিষিদ্ধ আৰু কিছুমান দেশত আইনসন্মত — যাৰ তালিকা তলত দিয়া হৈছে:

+মানৱ ভক্ষণৰ উদ্দেশ্যে কুকুৰৰ মাংস সম্পৰ্কীয় আইনদেশ / অঞ্চলহত্যা আৰু বিক্ৰীভক্ষণক্ৰয় আৰু আমদানি
আৰ্জেন্টিনাভক্ষণ নিষিদ্ধ৮৯
অষ্ট্ৰেলিয়াহত্যা আৰু বিক্ৰী নিষিদ্ধ১০
অষ্ট্ৰিয়াহত্যা আৰু বিক্ৰী নিষিদ্ধ
কলম্বিয়াআমদানি নিষিদ্ধ১১
জাৰ্মানিহত্যা আৰু বিক্ৰী নিষিদ্ধ১২
ভাৰতকিছুমান ৰাজ্যত হত্যা আৰু বিক্ৰী নিষিদ্ধ১৩
ইণ্ডোনেছিয়াকিছুমান চহৰত হত্যা আৰু বিক্ৰী নিষিদ্ধ১৪
মেক্সিকোহত্যা আৰু বিক্ৰী নিষিদ্ধ১৫
ফিলিপিনছহত্যা আৰু বিক্ৰী নিষিদ্ধ১৬
দক্ষিণ কোৰিয়া২০২৪ চনৰ পৰা হত্যা নিষিদ্ধ১৭
ছুইজাৰলেণ্ডবিক্ৰী নিষিদ্ধ
তাইৱানহত্যা আৰু বিক্ৰী নিষিদ্ধ১৮ভক্ষণ নিষিদ্ধ
যুক্ত ৰাজ্যহত্যা নিষিদ্ধ১৯
আমেৰিকাহত্যা নিষিদ্ধ২০

ফটো

''কুকুৰৰ মাংসৰ ব্যঞ্জন''
কুকুৰৰ মাংসৰ ব্যঞ্জনছবি: Gunawan Kartapranata · CC BY-SA 4.0
''কুকুৰৰ মাংসৰ হটপট''
কুকুৰৰ মাংসৰ হটপটছবি: No machine-readable author provided. ByeByeBaby~commonswiki assumed (based on co · CC BY-SA 3.0
''চীনৰ কুকুৰৰ মাংসৰ বজাৰ''
চীনৰ কুকুৰৰ মাংসৰ বজাৰছবি: Whoisgalt · CC BY-SA 3.0
Dog on a stick.jpg
ছবি: Maria Ly · CC BY 2.0
''ভিয়েটনামৰ কুকুৰৰ মাংস''
ভিয়েটনামৰ কুকুৰৰ মাংসছবি: Minh28397 · CC BY-SA 4.0
''কুকুৰৰ মাংস''
কুকুৰৰ মাংসছবি: en:user:VietGrant · Public domain
''ভিয়েটনামৰ কুকুৰৰ মাংসৰ বজাৰ''
ভিয়েটনামৰ কুকুৰৰ মাংসৰ বজাৰছবি: calflier001 · CC BY-SA 2.0

তথ্যসূত্ৰ

  1. ↑ Schwabe, Calvin W. (1979). Unmentionable cuisine. University of Virginia Press. পৃ. 168. ISBN 978-0-8139-1162-5
  2. ↑ India's brutal dog meat trade exposed as Humane Society International launches campaign to end "Nagaland Nightmare": Humane Society International. Hsi.org
  3. ↑ Podberscek, Anthony L. (2009). Good to Pet and Eat: The Keeping and Consuming of Dogs and in South Korea. পৃ. 622
  4. ↑ Czajkowski, C. (2014). Dog meat trade in South Korea: A report on the current state of the trade and efforts to eliminate it. পৃ. 29–151
  5. ↑ Which Animals Are Kosher?. Chabad
  6. ↑ Kim, Hyung-Jun. (2007-03-01). Reformist Muslims in Yagyakarta Village: The Islamic Transformation of Contemporary Socio-Religious Life. ANU E Press. ISBN 978-1-920942-35-9
  7. ↑ Regenstein, J., Chaudry, M. and Regenstein, C. (2003), "The Kosher and Halal Food Laws". Comprehensive Reviews in Food Science and Food Safety, 2: 111–127. doi:10.1111/j.1541-4337.2003.tb00018.x
  8. ↑ (8 April 2008). ¿Por qué no se puede comer carne de perro?. www.minutouno.com
  9. ↑ (2018-05-07). Código Alimentario Argentino. Capítulo VI. Argentina.gob.ar
  10. ↑ Is eating cats or dogs legal? – RSPCA Knowledgebase
  11. ↑ (2022-07-25). Con proyecto de ley buscan prohibir consumo de carne de perro y gato. El Heraldo
  12. ↑ Dog meat consumption
  13. ↑ Dog meat consumption in India: What the law says
  14. ↑ Indonesian city bans dog meat consumption
  15. ↑ Comer carne de perro en México es un delito: código penal lo establece
  16. ↑ Dog meat trade in the Philippines
  17. ↑ South Korea bans eating dog meat
  18. ↑ Taiwan bans dog and cat meat from human consumption
  19. ↑ Dog meat consumption in the UK
  20. ↑ Is It Legal to Eat Dog Meat in the US?

সম্পৰ্কিত শ্ৰেণী

খাদ্যমাংস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকুৰৰ মাংস” প্ৰবন্ধৰ সংশোধন ৫৫০৮৩৫ (১৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।