মাংস
২০ প্ৰবন্ধ
-
মাংস
মাংস হৈছে প্ৰাণীৰ শৰীৰৰ অংশ, যিটো খাদ্য হিচাপে খোৱা হয়। প্ৰাগঐতিহাসিক কালত মানুহে মাংসৰ বাবে জীৱ-জন্তু চিকাৰ কৰিছিল। নৱপ্ৰস্তৰ বিপ্লৱৰ বসতিৰ ফলত কুকুৰা, ভেড়া, শহাপহু, গাহৰি, গৰু আদি জন্তুক পোহনীয়া কৰা হয়। পিছলৈ এইবোৰৰ পৰা মাংস উৎপাদনৰ ব্যৱস্থা কৰা হয়।
-
অসমত ব্যৱহৃত পতংগ খাদ্য
পতংগখাদক (Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে…
-
কাচ্চী বিৰিয়ানী
কাচ্চী বিৰিয়ানী ( Kacchi Biryani) বিৰিয়ানীৰ এক বিশেষ ভিন্নতা। ইয়াৰ উৎপত্তি স্থল মধ্য এছিয়া হ’লেও দক্ষিণ এছিয়াৰ দেশবোৰত, বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আদি দেশত ই এক জনপ্ৰিয় খাদ্য। কাচ্চী বিৰিয়ানী সুগন্ধি চাউল, ঘি বা তেল, গৰম মচলা আৰু কেঁচা মাংস মিহলি কৰি ৰন্ধা হয়।
-
কুকুৰৰ মাংস
কুকুৰৰ মাংস হৈছে কুকুৰৰ পৰা পোৱা মাংস৷ ঐতিহাসিকভাৱে বিশ্বৰ বহু ঠাইত কুকুৰৰ মাংস খোৱাৰ বিষয়ে জানিব পৰা যায়। একবিংশ শতিকাত চীন , দক্ষিণ কোৰিয়া, ভিয়েটনাম, আৰু নাইজেৰিয়াত কুকুৰৰ মাংস খোৱা হয় আৰু বিশ্বৰ আন কিছুমান দেশতো ইয়াৰ সেৱন বৈধ।
-
পোলাও
পোলাও হৈছে চাউল দি তৈয়াৰ কৰা এটা মচলাযুক্ত খোৱা বস্তু। চাউলৰ ৰঙ বাদামী বা সোনালী কৰিবলৈ কিছু পৰিমাণে তেলত ভাজি লোৱা হয়। পাছত ভজা পিঁয়াজ, মচলা, সব্জী ইত্যাদি যোগ কৰা হয়। অঞ্চলভেদে পোলাওয়ৰ সৈতে মাংস, মাছ, সব্জী, পাস্তা আৰু শুকান ফল যোগ কৰা হয়।
-
কোৰ্মা
কোৰ্মা বা কৰ্মা (হিন্দী: কৰ্মা; উৰ্দু: কৰ্মা) ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা খাদ্য, ই মাংস বা শাক-পাচলিৰে দৈ (দাহি), পানী বা জোল আৰু মছলাৰ সৈতে ব্ৰেইজ কৰি ডাঠকৈ তৈয়াৰ কৰা খাদ্য চচ বা গ্ৰেভি।
-
পাৰৰ মাংস
পাৰৰ মাংস (Squab) বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰন্ধনপ্ৰণালীত গুৰুত্বপূৰ্ণ এটি খাদ্য। সাধাৰণতে ৪ সপ্তাহ বা তাতকৈ কম বয়সৰ পাৰ ভক্ষণ কৰা হয়। পাশ্চাত্যত "স্কুৱাব" শব্দৰ ব্যৱহাৰ কৰা হয় কম বয়সীয়া পাৰৰ মাংসৰ বাবে, যি সম্ভৱতঃ স্বীডিশ্ব শব্দ স্ক্ভাবৰ পৰা অহা, যাৰ অৰ্থ "ঢীলা, মেদবহুল মাংস"।
-
মাংস খোৱাৰ মনোবিজ্ঞান
মাংস খোৱাৰ মনোবিজ্ঞান (Psychology of eating meat) হৈছে নৈতিকতা, আৱেগ, জ্ঞান আৰু ব্যক্তিত্বৰ বৈশিষ্ট্যৰ সংগমক চিত্ৰিত কৰা এক জটিল অধ্যয়নৰ ক্ষেত্ৰ। মাংস খোৱাৰ মানসিক আৰু সাংস্কৃতিক কাৰকৰ ওপৰত কৰা গৱেষণাই পুৰুষত্বৰ সৈতে সম্পৰ্ক, স্তৰভিত্তিক মূল্যবোধৰ সমৰ্থন আৰু অভিজ্ঞতাৰ প্ৰতি মুকলি মনৰতা হ্ৰাস পোৱাৰ…
-
মোমো
মোমো বা মম (Momo) পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য।
-
ৰেনডাং
ৰেনডাং ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ মিনাংকাবাওত উৎপত্তি হোৱা এবিধ ব্যঞ্জন। ইণ্ডোনেছিয়াৰ ৰন্ধনশৈলীৰ লগতে ই চুবুৰীয়া দক্ষিণ-পূব এছীয় দেশ যেনে মালয়েছিয়া, ছিংগাপুৰ, ব্ৰুনেই আৰু ফিলিপাইনছৰ ৰন্ধনশৈলীলৈকে বিয়পি আছে।
-
এন্দুৰৰ মাংস
এন্দূৰৰ মাংস বা নিগনিৰ মাংস হৈছে মজলীয়া আকাৰৰ, দীঘল নেজযুক্ত কূটি খোৱা প্ৰাণী এন্দুৰৰ বিভিন্ন প্ৰজাতিৰ মাংস। এই খাদ্যবিধ কিছুমান সংস্কৃতিত নিষিদ্ধ হ'লেও আন কিছুমান সংস্কৃতিত ইয়াক এক প্ৰধান বা প্ৰচলিত খাদ্য হিচাপে গণ্য কৰা হয়।
-
কলকাতা বিৰিয়ানী
কলকাতা বিৰিয়ানী হৈছে এক মছলাদাৰ ভাতৰ পৰিসৰ। এই খাদ্যৰ নাম পশ্চিমবঙ্গৰ মহানগৰ কলকাতাৰ পৰা আহিছে। ইয়াত ভাতক মুখ্য উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু মাংস, কণী, আলু আৰু মছলা যোগ কৰা হয়। ই আলুৰ ব্যৱহাৰৰ বাবে অধিক পৰিচিত আৰু মছলা কম পৰিমাণে ব্যৱহৃত হোৱা বাবে বিখ্যাত।
-
কাটলেট
কাটলেট হৈছে মাংস বা শাক-পাচলিৰে তৈয়াৰ কৰা একপ্ৰকাৰৰ খাদ্য, যাক কণীত ডুবাই, তাৰপাছত ব্ৰেডক্ৰাম্ব বা বিস্কুটৰ গুড়িৰ সৈতে মিহলাই তেলত ডুবাই ভজা হয়। উপমহাদেশীয় ধৰণৰ আলু বা মাংসৰ কাটলেট সাধাৰণতে কম তেলত ভজা হয়। ই ভাৰত উপমহাদেশত, বিশেষকৈ পশ্চিমবংগত একপ্ৰকাৰৰ জনপ্ৰিয় জলপান।
-
কালা ভুনা
কালা ভুনা (Kala bhuna; হালা ভুনো) হ’ল গৰু বা ছাগলীৰ মাংসৰে প্ৰস্তুত কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৰন্ধনশৈলীৰ এক ঐতিহ্যবাহী মাংসৰ আঞ্জা। ই বাংলাদেশৰ বিখ্যাত আৰু জনপ্ৰিয় খাদ্য সম্ভাৰ।
-
কেঁকোৰাৰ তৰকাৰী
কেঁকোৰাৰ তৰকাৰী (ইংৰাজী: Crab curry; পৰ্তুগীজ: caril de caranguejo) হৈছে এক পৰম্পৰাগত ভাৰতীয় সামুদ্ৰিক খাদ্য, যাক পিছলৈ পৰ্তুগীজসকলে নিজৰ ৰন্ধনশৈলীত অন্তৰ্ভুক্ত কৰিছিল।
-
চিকেন ফ্ৰাইড বেকন
চিকেন ফ্ৰাইড বেকন হৈছে বেকনৰ ষ্ট্ৰিপসমূহ বেটাৰত ডুবাই গভীৰ তেলত ভজা একপ্ৰকাৰৰ খাদ্য, যি চিকেন ফ্ৰাইড ষ্টেকৰ দৰে প্ৰস্তুত কৰা হয়। এইটো এটা আমেৰিকান খাদ্য, যি ১৯৯০-ৰ দশকৰ আৰম্ভণিত টেক্সাছত প্ৰৱৰ্তিত হৈছিল।
-
সিন্ধী বিৰিয়ানী
সিন্ধি বিৰিয়ানী হৈছে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা উৎপত্তি হোৱা এক বিশেষ মাংস আৰু চাউলেৰে তৈয়াৰী বিৰিয়ানী খাদ্য ৷ পাকিস্তানী খাদ্য আৰু সিন্ধী খাদ্যৰ অন্যতম ব্যৱহৃত তথা জনপ্ৰিয় খাদ্য এইবিধ।
-
হায়দৰাবাদী বিৰিয়ানী
হায়দৰাবাদী বিৰিয়ানী ( Haydrabadi Biriyani) হায়দৰাবাদৰ এক বিশেষ প্ৰকাৰ বিৰিয়ানী যি সমগ্ৰ ভাৰততে খাদ্যৰসিকসকলৰ প্ৰিয়৷ এই বিৰিয়ানী বাচমতী চাউল আৰু মাংসৰে ৰন্ধা হয়৷ এইবিধ খাদ্য হায়দৰাবাদৰ নিজামৰ ৰন্ধনশালৰ পৰা উৎপত্তি হোৱা আৰু ইয়াত মোগলাই ৰন্ধন শৈলী আৰু হায়দৰাবাদৰ নিজা বৈশিষ্ট সোমাই আছে৷
-
হৰিছ(খাদ্য)
হৰিছ বা জৰীছ(Harees) (আৰবী: هريس), বকো বকো বা হাৰিছা (আৰ্মেনিয়ান: հարիսա, ৰোমানীকৃত: হাৰিছা) হৈছে সিজোৱা, ফাটি যোৱা বা মোটাকৈ পিহি লোৱা ঘেঁহু বা বুলগুৰৰ সৈতে মাংস মিহলাই তৈয়াৰ কৰা সুস্বাদু খাদ্য। ইয়াৰ ঘনত্ব লুথুৰী আৰু আঞ্জাৰ মাজত বেলেগ হয়।
-
ৰোগন জোশ
ৰোগন জোশ (Rogan josh; ) কাশ্মীৰ উপত্যকাৰ এবিধ সুগন্ধি মাংসৰ তৰকাৰী। ইয়াক ৰঙা মাংসৰে, পৰম্পৰাগতভাবে ভেৰা বা ছাগলীৰ মাংসৰে তৈয়াৰ কৰা হয়। ৰতন জোটৰ মূল আৰু কাশ্মিৰী জলকীয়াৰে ইয়াক ৰং দিয়া আৰু সুগন্ধিত কৰা হয়। ৰোগন জোশ কাশ্মিৰৰ এক বিশিষ্ট ৰন্ধনশৈলী।