শৰ্কৰা আৰু মাংসসাৰৰ লগতে তিনিটা প্ৰধান মেক্ৰ'নিউট্ৰিয়েণ্টৰ মাজত এটা হ'ল চৰ্বী। ফেট অণুবিলাকত প্ৰাথমিকভাবে কাৰ্বন আৰু হাইড্ৰোজেন পৰমাণু থাকে আৰু ই হাইড্ৰ'ফ'বিক হয় অৰ্থাৎ ই জৈৱ দ্ৰাৱকত দ্ৰৱণীয় আৰু পানীত অদ্ৰৱণীয়। উদাহৰণ হিচাপে কলেষ্টেৰল, ফচফ'লিপিড আৰু ট্ৰাইগ্লিচাৰাইড।
চৰ্বীক লিপিদ, চৰ্বী আৰু তেল বুলি কোৱা হয় যদিও লিপিড হ'ল সাধাৰণ শব্দ, যদিও লিপিড বোৰ ট্ৰাইগ্লিচাৰাইড নহয়। তেল সাধাৰণতে সংপৃক্ত বা অসংপৃক্ত ফেটি এচিদ চেইনযুক্ত লিপিডকে বুজায় যি সাধাৰণ তাপমাত্ৰাত তৰল অবস্থাত থাকে।
চৰ্বী বেচিভাগ হেটাৰোট্ৰফৰ খাদ্যৰ এটি প্ৰয়োজনীয় অংশ আৰু ই আটাইতকৈ বেছি শক্তি ভৰা, আৰু শক্তি সঞ্চয়ৰ আটাইতকৈ কাৰ্যকৰী ৰুপ।
মানব পুষ্টিত দুটি প্ৰয়োজনীয় ফেটি এচিদ (ইএফএ) হ'ল: আলফা-লিনোলেনিক এচিদ (ওমেগা -3 ফেটি এচিদ) তথা লিনোলেইক এচিদ (ওমেগা -6 ফেটি এচিদ) শৰীৰৰ প্ৰয়োজনীয় অন্যান্য ফেটি এচিদ বোৰ এইবোৰ আৰু অন্যান্য চৰ্বিৰ পৰ সংশ্লেষণ কৰা যায়। চৰ্বি আৰু অন্যান্য লিপিডবিলাক অগ্ন্যাশয়ত উৎপাদিত লাইপেজ নামৰ এনজাইমৰ দ্বাৰা দেহত ভাঙি যায়।
সংপৃক্ত চৰ্বী হ'ল যি চৰ্বীত শৃংখলৰ কাৰ্বনৰ মাজত কোনো দ্বি-বন্ধনী নাথাকে। উদাহৰণ হিচাপে মাখন, ঘী, দালদা আদি।
আনহাতে অসংপৃক্ত চৰ্বীৰ শৃংখলত এক বা একাধিক দ্বি-বন্ধনীযুক্ত কাৰ্বন থাকে। উদাহৰণ হিচাপে মিঠাতেল, বাদাম তেল, ৰীফাইন তেল আদি। ইয়াৰ দুটা ভাগ হ'ল চিচ চৰ্বী আৰু ট্ৰান্স চৰ্বী।
কিছু তেল আৰু চৰ্বীত একাধিক দ্বি-বন্ধনী থাকে আৰু ইয়াক বহু-সংপৃক্ত চৰ্বী বোলে। উদাহৰণ হিচাপে আলফা-লিনোলেনিক এচিদ, লিনোলেইক এচিদ আদি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰ্বি” প্ৰবন্ধৰ সংশোধন ৫৪৩৫৯১ (১৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।