দুৰ্গা পূজা
১৪ প্ৰবন্ধ
-
দুৰ্গা পূজা
দুৰ্গা পূজা (দুৰ্গোৎসৱ) হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি উদযাপিত এক বৃহৎ ধৰ্মীয়-সামাজিক উৎসৱ। ই বিশেষকৈ শৰৎকালৰ শাৰদীয় ৰূপত ভাৰতীয় উপমহাদেশৰ বহু অঞ্চলত ব্যাপক জনসমাগম, শিল্প-সংস্কৃতি আৰু সামূহিক অংশগ্ৰহণৰ উৎসৱৰূপে প্ৰতিষ্ঠিত।
-
দুৰ্গা
আই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভৱ।
-
বিজয়া দশমী
বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰৰ ৭ম মাহ আশ্বিন (আহিন) মাহৰ দশম দিনটোত পালন কৰা হয়, ই সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পৰে।
-
মহালয়া
মহালয়া (Mahalaya) হʼল পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ। ইয়াৰদ্বাৰা শাৰদীয় দুৰ্গোৎসৱৰ সূচনা হয়। দেৱী দুৰ্গাই এই দিনটোতেই পৃথিৱীত অৱতৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। বাঙালী হিন্দুসকলে পৰম্পৰাগতভাৱে দেৱীমাহাত্ম্যম্ শাস্ত্ৰৰ স্তোত্ৰ পাঠ কৰিবলৈ মহালয়াৰ পুৱা সোনকালে সাৰ পায়।
-
কালৰাত্ৰি
কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।
-
দেৱীমাহাত্ম্যম্
দেৱীমাহাত্ম্যম (Sanskrit:देवीमाहात्म्यम्),হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ;এই পুথিখনৰ অন্য জনপ্ৰিয় নামসমূহ হ'ল:দূৰ্গা সপ্তশতী আৰু শ্ৰীশ্ৰী চণ্ডী।
-
মহিষাসুৰমৰ্দ্দিনী (অনাতাঁৰ কাৰ্যসূচী)
মহিষাসুৰমৰ্দ্দিনী (Mahishasuramarddini) বহুলভাৱে জনপ্ৰিয় প্ৰাৰম্ভিক কালৰ এক বিশেষ প্ৰভাতী বঙালী অনাতাঁৰ অনুষ্ঠান, যি আকাশবাণী কলকাতা যোগে ১৯৩২ চনৰ পৰা নিৰন্তৰ প্ৰতি বছৰে মহালয়াৰ দিনা সম্প্ৰচাৰিত হৈ আহিছে।
-
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল।
-
জগদ্ধাত্ৰী
জগদ্ধাত্ৰী বা জগতধাত্ৰী বা জগধত্ৰী (Jagadhatri) (জগত ধাৰণ কৰ্তা) হৈছে হিন্দু দেৱী পাৰ্বতীৰ এটা ৰূপ। এই গৰাকী দেৱীৰ জনপ্ৰিয়তা বিশেষকৈ ভাৰতৰ পশ্চিম বংগ আৰু উৰিষ্যাত বেছি। দুয়োখন ৰাজ্যত দেৱীৰ পূজা কৰা হয়।
-
দুৰ্গা অষ্টমী
দুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন। প্ৰকৃত পক্ষে দুৰ্গা পূজা দহ দিনীয়া। সেয়ে হ'লেও অনুষ্ঠানিকতা ৰক্ষা কৰি ষষ্ঠীৰ পৰা আৰম্ভ কৰি এই উৎসৱ পাঁচ দিনৰ বাবে আয়োজিত হয়। ভাৰতত এই পবিত্ৰ উৎসৱ উপলক্ষে বহু লোকে উপবাস গ্ৰহণ কৰে।
-
অকালবোধন
অকালবোধন (अकालबोधन) হʼল শাৰদীয়া দুৰ্গাপূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান। হিন্দু পঞ্জিকা অনুসৰি, আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি অথবা শুক্লপক্ষৰ ষষ্ঠী তিথিত হিন্দু দেৱী পাৰ্বতীৰ দুৰ্গা ৰূপৰ পূজা-আৰম্ভৰ প্ৰাক্কালত এই অনুষ্ঠান আয়োজিত হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, শৰৎকাল দেৱলোকৰ ৰাতি দক্ষিণায়নৰ অন্তৰ্গত।
-
কলকাতাৰ দুৰ্গা পূজা
কলকাতাৰ দুৰ্গা পূজা (Durga Puja in Kolkata) হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়। এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।
-
বাৰোৱাৰী
বাৰোৱাৰী (Barowari) বুলিলে বাঙালী হিন্দুসকলৰ সৰ্বজনীন (ৰাজহুৱা) পূজা বা উৎসৱকে বুজোৱা হয়। এই শব্দটি মূলতঃ পশ্চিমবংগতেই প্ৰচলিত। "বাৰোৱাৰী" বা "বাৰোয়াৰি" শব্দটিৰ উৎপত্তি "বাৰ" (১২) আৰু "ইয়াৰ" (বন্ধু) শব্দদুটিৰপৰা হৈছে।
-
নৱপত্ৰিকা
নৱপত্ৰিকা হʼল বংগ, অসম আৰু ওড়িশাৰ দুৰ্গাপূজাৰ এক বিশিষ্ট অংগ। নৱপত্ৰিকা শব্দটিৰ আক্ষৰিক অৰ্থ হৈছে নবিধ গছৰ পাত। কিন্তু, আচলতে নৱপত্ৰিকা মানে ন প্ৰকাৰৰ পাত নহয়, নবিধ উদ্ভিদহে। > ৰম্ভা কচ্চী হৰিদ্ৰাচ জয়ন্তী বিল্ব দাড়িমৌ। অশোক মানকশ্চৈব ধান্যঞ্চ নৱপত্ৰিকা।