অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰ মহাসাগৰ

উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চলত অৱস্থিত এক মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ মূল পাঁচখন মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু আৰু অগভীৰ মহাসাগৰ (smallest and shallowest)।আন্তৰ্জাতিক হাইড্ৰ’গ্ৰাফিক সংগঠনে (International Hydrographic Organization, IHO)…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চলত অৱস্থিত এক মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ মূল পাঁচখন মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু আৰু অগভীৰ মহাসাগৰ (smallest and shallowest)।১আন্তৰ্জাতিক হাইড্ৰ’গ্ৰাফিক সংগঠনে (International Hydrographic Organization, IHO) ইয়াক মহাসাগৰ বুলি স্বীকৃতি দিছে যদিও কোনো কোনো সাগৰ বিশেষজ্ঞই (oceanographers) ইয়াক উত্তৰ-ভূমধ্য সাগৰ (Arctic Mediterranean Sea) বা সৰলভাৱে উত্তৰ সাগৰ (Arctic Sea) বুলি আখ্যা দিয়ে আৰু আটলাণ্টিক মহাসাগৰৰ এটা অংশ বুলিহে গণ্য কৰে।২৩

উত্তৰ মহাসাগৰৰ প্ৰায় সমগ্ৰ অংশ ইউৰেছিয়া আৰু উত্তৰ আমেৰিকা মহাদেশ দ্বাৰা পৰিবেষ্টিত। বছৰৰৰ অধিকাংশ সময় এই মহাসাগৰৰ অংশবিশেষ সামুদ্ৰিক বৰফে ঢাকা খাই থাকে।৪ এই বৰফৰ আৱৰণ গলা আৰু পুনৰ গোট মৰাৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ মহাসাগৰৰ পৃষ্ঠীয় উষ্ণতা (surface temperature) আৰু লুণীয়া গুণ (লৱণত্ব) (salinity) ৰ ঋতু অনুযায়ী তাৰতম্য ঘটে।৫ অৱশ্যে ইয়াৰ গড় লৱণত্বৰ পৰিমাণ পাঁচোখন মহাসাগৰৰ ভিতৰত আটাইতকৈ কম। নদী আৰু জুৰিবোৰৰ পৰা নিৰ্মল পানীৰ অধিক সোঁত আৰু কাষৰীয়া সাগৰীয় পানীৰ সৈতে সীমিত সংযোগেই ইয়াৰ মূল কাৰণ বুলি ধাৰণা কৰা হয়।১ আমেৰিকাৰ নেশ্যনেল স্ন' এণ্ড আইচ ডে'টা চেণ্টাৰে (National Snow and Ice Data Centre, NSIDC) ছেটেলাইটৰ তথ্যৰ সহায়ত এই মহাসাগৰৰ বৰফাৱৰণ বা বৰফ গলাৰ হাৰৰ তুলনা বিগত বৰ্ষসমূহৰ সমান্তৰাল ভাবে নিয়মীয়াকৈ বিশ্লেষণ কৰি খাকে।

C}} in July.
C}} in July.ছবি: CIA World Factbook · Public domain

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Michael Pidwirny. (2006). Introduction to the Oceans. www.physicalgeography.net
  2. ↑ Tomczak, Matthias; Godfrey, J. Stuart. (2003). Regional Oceanography: an Introduction. Daya Publishing House. ISBN 81-7035-306-8
  3. ↑ 'Arctic Ocean' - Encyclopædia Britannica
  4. ↑ Since the beginning of the 21st century, sea ice covers only 1/3 to 1/2 the surface of the Arctic Ocean at the end of summer
  5. ↑ Some Thoughts on the Freezing and Melting of Sea Ice and Their Effects on the Ocean K. Aagaard and R. A. Woodgate, Polar Science Center, Applied Physics Laboratory University of Washington, January 2001. Retrieved 7 December 2006

সম্পৰ্কিত শ্ৰেণী

মহাসাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ মহাসাগৰ” প্ৰবন্ধৰ সংশোধন ৩৮০১৭২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।