মহাসাগৰ
৬ প্ৰবন্ধ
-
ভাৰত মহাসাগৰ
ভাৰত মহাসাগৰ (Indian Ocean) বিশ্বৰ পাঁচখন মহাসাগৰৰ ভিতৰত তৃতীয় বৃহত্তম আৰু ইয়াৰ আয়তন ৭০,৫৬০,০০০ কিলোমিটাৰ বৰ্গফুট (২৭,২৪০,০০০ বৰ্গমাইল) বা পৃথিৱীৰ পৃষ্ঠত থকা পানীৰ ২০%। ইয়াৰ উত্তৰে এছিয়া, পশ্চিমে আফ্ৰিকা আৰু পূবে অষ্ট্ৰেলিয়া।
-
প্ৰশান্ত মহাসাগৰ
প্ৰশান্ত মহাসাগৰ (Pacific Ocean; Mare Pacificu) হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ।
-
আটলাণ্টিক মহাসাগৰ
আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ ক্ষেত্ৰফল ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল); যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।
-
মহাসাগৰ
মহাসাগৰ (Ocean) হৈছে অতি বিশাল আৰু লৱণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা।
-
উত্তৰ মহাসাগৰ
উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চলত অৱস্থিত এক মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ মূল পাঁচখন মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু আৰু অগভীৰ মহাসাগৰ (smallest and shallowest)।আন্তৰ্জাতিক হাইড্ৰ’গ্ৰাফিক সংগঠনে (International Hydrographic Organization, IHO)…
-
দক্ষিণ মহাসাগৰ
দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (Southern Ocean) হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইণ্টাৰনেশ্যনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্যনে এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে।