অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মহ

মহ হৈছে কিউলিচিডি পৰিয়ালৰ অন্তৰ্গত কিছুমান সৰু সৰু পতংগ। বহু প্ৰজাতিৰ মাইকী মহবোৰ পৰজীৱী, যি বিভিন্ন জীৱৰ দেহৰ তেজ শোষণ কৰে। মতা মহবোৰে সাধাৰণতে উদ্ভিদৰ ৰস খায়। খাদ্য শোষণৰ বাবে মহৰ মুখত নলীকা সদৃশ শুং থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মহ হৈছে কিউলিচিডি পৰিয়ালৰ অন্তৰ্গত কিছুমান সৰু সৰু পতংগ। বহু প্ৰজাতিৰ মাইকী মহবোৰ পৰজীৱী, যি বিভিন্ন জীৱৰ দেহৰ তেজ শোষণ কৰে। মতা মহবোৰে সাধাৰণতে উদ্ভিদৰ ৰস খায়। খাদ্য শোষণৰ বাবে মহৰ মুখত নলীকা সদৃশ শুং থাকে। জাৰ্মান ভাযাত "সৰু মাখি" বুজাবলৈ "mosquito" (mosca আৰু প্ৰতিসৰ্গ ito লগলাগি গঠিত) শব্দটো ব্যৱহাৰ কৰা হয়।১ অসংখ্য প্ৰজাতিৰ মহে বিভিন্ন জীৱ, প্ৰধানকৈ স্তন্যপায়ী, চৰাই, সৰীসৃপ, উভচৰ, আৰু আনকি কিছুমান মাছকে ধৰি বিভিন্ন মেৰুদণ্ডীৰ দেহৰ তেজ শোষণ কৰে। কিছুমান মহে অমেৰুদণ্ডীকো আক্ৰমণ কৰে। সাধাৰণতে জীৱবোৰে মহে শোষণ কৰা তেজক প্ৰায়ে উপেক্ষা কৰে, মহৰ লালটিয়ে প্ৰায়ে খজুৱতিৰ সৃষ্টি কৰে আৰু ই ভীষণ আমনিদায়ক। আটাইতকৈ উদ্দেগজনক কথা হৈছে, বহু প্ৰজাতিৰ মহ, বিভিন্ন ৰোগৰ বাহক। মহে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ মেলেৰিয়া, জণ্ডিছ, ৱেষ্ট নাইল ভাইৰাছ, ডেংগি, ফাইলেৰিয়া আৰু অন্য বিভিন্ন সোঁচৰা ৰোগ বিয়পাব পাৰে। সেইবাবে মহক পৃথিৱীৰ হত্যাকাৰী জীৱবোৰৰ (deadliest animal) এটা বুলি গণ্য কৰা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ Brown, Lesley. (1993). The New shorter Oxford English dictionary on historical principles. Clarendon. ISBN 0-19-861271-0
  2. ↑ (2013). Mosquitoes of Michigan -Their Biology and Control. Michigan Mosquito Control Organization
  3. ↑ www.gatesnotes.com/Health/Most-Lethal-Animal-Mos

সম্পৰ্কিত শ্ৰেণী

পতংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহ” প্ৰবন্ধৰ সংশোধন ৬৩২০৬৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।