জোনাকী পৰুৱা (Firefly) এবিধ সৰু পতংগ শ্ৰেণীৰ জীৱ। ইয়াৰ দেহত এযোৰ পাখি থাকে বাবে ই উৰিব পাৰে। ইয়াৰ দেহটো কোমল। ইহঁত সন্ধিপদী প্ৰাণী। জোনাকী পৰুৱাক বৈজ্ঞানিকসকলে দিয়া নাম- লামপাইৰিদ (Lampyride)। ই ক'লেওপ্টেৰা বৰ্গৰ অন্তৰ্ভুক্ত। জোনাকী পৰুৱাৰ আন আন শ্ৰেণী সমূহ হৈছে: Elateroidea, Cyphonocerinae, Photurinae, Luciolinae, Lampyrine।
জীৱন প্ৰক্ৰিয়া
জোনাকী পৰুৱাৰ জীৱনকাল মাত্ৰ দুবছৰ। ইয়াৰ আকাৰ প্ৰায় ১.৫ ছেণ্টিমিটাৰৰ পৰা ২ ছেণ্টিমিটাৰ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে, বিশেষকৈ, উষ্ণ জলবায়ু অঞ্চলত জোনাকী পৰুৱা পোৱা যায়। পৃথিৱীত প্ৰায় ২০০০ প্ৰজাতিৰ জোনাকী পৰুৱা আছে; জোনাকী পৰুৱাৰ দেহত থকা উৎসেচকৰ বাবে ইয়াৰ উদৰ অংশৰ পৰা পোহৰৰ প্ৰতিফলিত হয়। বিভিন্ন প্ৰজাতিৰ জোনাকী পৰুৱাৰ পোহৰ ভিন ভিন ধৰণৰ হয় (যেনে: নীলা, সেউজীয়া, হালধীয়া, কমলা বা ৰঙা) আৰু এই পোহৰৰ তৰংগ প্ৰায় ৫১০ৰ পৰা ৬৭০ নেন'মিটাৰ।১ জোনাকী পৰুৱাৰ উদৰ কেইবাটাও সৰু সৰু অংশত বিভক্ত। এই ভাগবোৰৰ ষষ্ঠ আৰু সপ্তম ভাগৰ মাজতে জোনাকীৰ পোহৰ দিয়া অংশটো আছে। এই অংশটো তলৰ ফালে থাকে। পোহৰ নিৰ্গত হোৱা অংশটোৰ ঠিক ওপৰৰ স্তৰটোৱে পোহৰ প্ৰতিফলন কৰাত সহায় কৰে। এই পোহৰ নিৰ্গত হোৱা অংশটোৰ কোষবোৰত ৰাসায়নিক বিক্ৰিয়াৰ ফলত যি পোহৰৰ সৃষ্টি হয় তাত কোনোধৰণৰ উত্তাপ সৃষ্টি নহয় আৰু এনেধৰণৰ পোহৰক শীতল-পোহৰ বোলা হয়।২
পোহৰ প্ৰতিফলনৰ কাৰণ
জোনাকী পৰুৱাৰ উদৰৰ তলৰ ফালে লিউচিফেৰাচ (luciferase)আৰু লিউছিফেৰিণ (luciferine) নামেৰে দুবিধ ৰাসায়নিক পদাৰ্থ থাকে।৩ লিউছিফেৰিণ তাপৰোধক আৰু ই পৰিস্থিতি সাপেক্ষে উজলি উঠে। লিউচিফেৰাচ এবিধ এনযাইম যি পোহৰ নিঃসৰণত সহায় কৰে। জোনাকী পৰুৱাৰ নেজত পোৱা লিউচিফেৰাচ আৰু লিউছিফেৰিণ ATP(Adenosine Triphosphate) ৰ উপস্থিতিত উজলি উঠে। সকলোবোৰ জন্তুৰ শৰীৰত কম বেছি পৰিমাণে ATP থাকে। ৰুগীয়া কোষবোৰত ATP মাত্ৰাত তাৰতম্য ঘটে। ইয়াৰ দ্বাৰা জোনাকী পৰুৱাই সংগী পৰুৱালৈ সংকেত প্ৰেৰণ কৰে,৪ যোগাযোগ তথা শত্ৰুৰ পৰা ৰক্ষা পোৱাৰ বাবে এই উৎসেচক বিধ ব্যৱহাৰ কৰে। ATP ৰ তাৰতম্যৰ বাবে পোহৰৰ উজ্জ্বলতাৰো তাৰতম্য ঘটে, ইয়াৰ দ্বাৰা জোনাকী পৰুৱাই সক্ৰিয় যৌন সংগীৰ অনুমান কৰে।৪ ই আত্মৰক্ষাৰ বাবে এক টেঙেচীয়া স্বাদৰ এবিধ ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে;এই পদাৰ্থবিধ জীৱ-জন্তুৰ বাবে হানিকাৰক।৫৬
খাদ্যাভ্যাস
জোনাকী পৰুৱাবোৰ সাধাৰণতে মাংসভোজী। পলুবোৰে মৃত শামুক আৰু আন কীট পতংগসমূহ খায়। আন কিছু প্ৰজাতিয়ে নিজৰ সংগিক ভক্ষণ কৰে। প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰে অন্য প্ৰজাতি ভক্ষণ নকৰে। অৱশ্যে বৈজ্ঞানিক সকল এতিয়াও প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰৰ খাদ্য প্ৰণালী সন্দৰ্ভত সন্তোষজনক স্থিতিত উপনীত হ'ব পৰা নাই, তেওঁলোকে ধাৰণা কৰিছে যে এই জোনাকী পৰুৱাবোৰে হয়তোবা ফুলৰ ৰেণু খায় নহ'লে একোৱে নাখায়।৭
তথ্যসূত্ৰ
- ↑ HowStuffWorks "How do fireflies light up?". Science.howstuffworks.com (19 January 2001). Retrieved on 22 June 2013
- ↑ HowStuffWorks "How do fireflies light up?". Science.howstuffworks.com (19 January 2001). Retrieved on 22 June 2013
- ↑ Day, John. (2009). Bioluminescence in Focus. Research Signpost: Kerala. পৃ. 325–355
- ↑ Stanger-Hall, Kathrin F.; Lloyd, James E. (March 2015). Flash signal evolution inPhotinusfireflies: Character displacement and signal exploitation in a visual communication system. Evolution. পৃ. 666–682
- ↑ Lewis, Sara M.; Cratsley, Christopher K. (January 2008). Flash Signal Evolution, Mate Choice, and Predation in Fireflies. Annual Review of Entomology. পৃ. 293–321
- ↑ Branham, Marc A.; Wenzel, John W. (December 2001). The Evolution of Bioluminescence in Cantharoids (Coleoptera: Elateroidea). The Florida Entomologist. পৃ. 565
- ↑ বৰগোঁহাই, দেৱাশ্ৰী. জোনাকী পৰুৱাৰ কথাৰে. Xahitya.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাকী পৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১৬৬৯৬ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।