উৰহ ( Bed Bug) চিমেক্স প্ৰজাতিৰ এবিধ পৰজীৱী পোক, যিয়ে সাধাৰণতে ৰাতি তেজ খায়।১ ইহঁতৰ কামোৰৰ ফলত ছালৰ ফোহা, মানসিক প্ৰভাৱ আৰু এলাৰ্জিৰ লক্ষণ আদি বহুতো স্বাস্থ্যজনিত প্ৰভাৱ পৰিব পাৰে।২ উৰহৰ কামোৰৰ ফলত ছালৰ সৰু সৰু অংশ পৰা ৰঙা পৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ ফোহালৈকে হ'ব পাৰে। লক্ষণসমূহ দেখা দিবলৈ এক মিনিটৰ পৰা এদিনৰ ভিতৰত সময় লাগিব পাৰে আৰু খজুৱতি সাধাৰণতে দেখা দিয়ে। কিছুমান ব্যক্তিয়ে ভাগৰুৱা অনুভৱ কৰিব পাৰে বা জ্বৰ হ'ব পাৰে। সাধাৰণতে শৰীৰৰ অনাবৃত অংশ আক্ৰান্ত হয়। ইহঁতৰ কামোৰত কোনো সংক্ৰামক ৰোগ সংক্ৰমিত হোৱা বুলি জনা নাযায়।২১৩ জটিলতাৰ ভিতৰত মৃত ছালৰ অংশ বা ভেছকুলাইটিছৰ অংশ খুব কমেইহে থাকিব পাৰে।
উৰহৰ কামোৰ প্ৰধানকৈ দুটা প্ৰজাতিৰ দ্বাৰা হয়: Cimex lectularius (সাধাৰণ উৰহ) আৰু Cimex hemipterus, যি প্ৰধানকৈ ক্ৰান্তীয় অঞ্চলত পোৱা যায়। ইহঁতৰ আকাৰ ১ৰ পৰা ৭ মিলিমিটাৰৰ ভিতৰত।১ ওচৰৰ ঠাইলৈ খোজ কাঢ়ি বা ব্যক্তিগত বস্তুৰ ভিতৰত সোমাই গৈ ইহঁত বিয়পে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে এই আক্ৰমণ খুব কমেইহে হয়; সাধাৰণতে বেছি ঠেক অঞ্চলত ই অধিক সাধাৰণতে থাকে।৪ ৰোগ নিৰ্ণয়ৰ বাবে উৰহ বিচৰা আৰু সামঞ্জস্যপূৰ্ণ আন লক্ষণৰ অনুসন্ধান কৰা দুয়োটাই কৰা হয়।২ উৰহে নিজৰ বেছিভাগ সময় আন্ধাৰ, গুপ্ত স্থান যেনে, বিচনাৰ তক্তা বা বেৰৰ ফাঁকত কটায়।
উৰহৰ নিয়ন্ত্ৰণ ইয়াৰ গম-গতিলৈ চাই কৰা হয়। ঘৰৰ পৰা উৰহ নিৰ্মূল কৰাটো প্ৰায়ে কঠিন, কাৰণ উৰহে কোনো খাদ্য নোখোৱাকৈ প্ৰায় ৩০০ দিনলৈকে জীয়াই থাকিব পাৰে।৫৩ উৰহ নিৰ্মূল কৰিবলৈ ঘৰৰ সঘনাই নিয়ন্ত্ৰণ বিধিৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ ভিতৰত ৯০ মিনিটতকৈ অধিক সময় কোঠাটো ৫০ ডিগ্ৰী চেলছিয়াছ (১২২ ডিগ্ৰী ফাৰেনহাইট) উষ্ণতাত গৰম কৰা, সঘনাই ধূলি-বালি পৰিষ্কাৰ কৰা, উচ্চ উষ্ণতাত কাপোৰ ধোৱা আৰু বিভিন্ন কীটনাশক ব্যৱহাৰ কৰা আদি।
ইজিপ্তত পোৱা উৰহৰ জীৱাশ্মসমূহৰ পৰা জনা যায় যে, উৰহ কমেও ৩,৫০০ বছৰ ধৰি মানুহৰ পৰজীৱী হিচাপে জীয়াই আছে।৬ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উন্নত দেশসমূহত ই প্ৰায় নিৰ্মূল হোৱাৰ পিছতো ১৯৯০ চনৰ পৰা ইয়াৰ আক্ৰমণ বৃদ্ধি পাইছে আৰু বৰ্তমান বিশ্বৰ সকলো অঞ্চলতে উৰহ থকাটো তুলনামূলকভাৱে সাধাৰণ।১৭৫ বিশেষজ্ঞসকলে যোৱা তিনিটা দশকত উৰহৰ আক্ৰমণৰ বৃদ্ধিত অৰিহণা যোগোৱা কেইবাটাও কাৰকৰ কথা আঙুলিয়াই দিয়ে; অনুপ্ৰৱেশ আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ বৃদ্ধি; ছেকেণ্ড হেণ্ড সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰিত; অন্যান্য কীট-পতংগ নিয়ন্ত্ৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া; কিছুমান কীটনাশক নিষিদ্ধ কৰা আৰু এতিয়াও ব্যৱহৃত কীটনাশকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা।৭৮৯
মানুহৰ ওপৰত প্ৰভাৱ
উৰহে মানুহৰ বাসগৃহত আক্ৰমণ কৰে আৰু মানুহক কামোৰে, যাৰ ফলত খজুৱতি আৰু কেতিয়াবা অন্যান্য সমস্যাও হয়। শাৰীৰিকভাৱে ৰোগকাৰক জীৱাণু কঢ়িয়াই নিব পৰা যেন লাগিলেও উৰহে সংক্ৰামক ৰোগ সংক্ৰমিত কৰে বুলি কোনো প্ৰমাণ পোৱা নাই২১ অৱশ্যে এই সম্ভাৱনাৰ বিষয়ে অনুসন্ধান কৰা হৈ আছে।২
কামোৰ
উৰহৰ কামোৰৰ পৰা হোৱা ছালৰ আটাইতকৈ সাধাৰণ বিষয়সমূহ হ'ল খজুৱতি, চকলা বন্ধা আৰু উখহি উঠা, ৰঙা ৰঙৰ ঘা।৩ প্ৰতিটুকুৰা ঘাঁ প্ৰায় ২–৫ মিলিমিটাৰ (০.০৮–০.২ ইঞ্চি) কিন্তু ২ চে.মি. (০.৮ ইঞ্চি) ব্যাসৰ হ'ব পাৰে আৰু কেন্দ্ৰত দাগ (পাংকটাম) থাকিব পাৰে বা নাথাকিবও পাৰে।৩ সাধাৰণতে ছালৰ উন্মুক্ত অংশত, বিশেষকৈ চাদৰ বা কম্বলেৰে ঢাকি নোপোৱা উন্মুক্ত অংশ যেনে হাত, ভৰি, ভৰি, মুখ বা ডিঙিত হয়।৩ কামোৰৰ ফলত তাৰ প্ৰভাৱ ভিন্ন হয়, চকুত পৰাকৈ কোনো প্ৰভাৱ নেদেখাৰ পৰা (প্ৰায় ২০–৭০%),২ সৰু চকলা বন্ধালৈকে, তীব্ৰ খজুৱতিৰ লগতে ডাঙৰ ফোঁহা গঠন হোৱালৈকে কেইবাদিনো প্ৰভাৱ থাকিব পাৰে।২ জোলা আৰু ফোঁহাও হ’ব পাৰে। কামোৰৰ ফলত হোৱা ঘাবোৰ আঁচোৰৰ বাবে গৌণভাৱে সংক্ৰমিত হ'ব পাৰে কিন্তু উৰহৰ কামোৰৰ ফলত হোৱা প্ৰণালীবদ্ধ প্ৰভাৱ অতি বিৰল।৩ পোকটোৰ লেলাউটিত তেজ পাতল কৰা পদাৰ্থ নিৰ্গত হোৱাৰ বাবেও ৰক্তক্ষৰণৰ বাবে কেন্দ্ৰীয় দাগ হ'ব পাৰে।৭ কামোৰৰ কিছুদিন পিছতলৈ লক্ষণ দেখা নাযাব পাৰে।২ উৰহৰ লেলাউটিৰ প্ৰটিনৰ প্ৰতি সম্ভাৱ্য সংবেদনশীলতাৰ বাবে বহুবাৰ কামোৰৰ পিছত প্ৰতিক্ৰিয়া প্ৰায়ে দ্ৰুত হৈ পৰে। অসংখ্যবাৰ কামোৰাৰ ফলত ৰঙা ফোঁহা বা চকলা হ’ব পাৰে৷২
চিকিৎসা
উৰহৰ কামোৰৰ চিকিৎসাৰ বাবে ব্যক্তিজনক অধিক কামোৰ খোৱাৰ পৰা ৰক্ষা কৰিব লাগে আৰু সম্ভাৱ্য লক্ষণীয় স্থানত এণ্টিহিষ্টামিন আৰু কৰ্টিক'ষ্টেৰয়ডৰ ব্যৱহাৰ (স্থানীয় বা প্ৰণালীবদ্ধভাৱে) কৰিব লাগে।২ কিন্তু ঔষধে ইয়াৰ ফলাফল উন্নত কৰাৰ কোনো প্ৰমাণ পোৱা নাই আৰু সাধাৰণতে চিকিৎসা অবিহনেই ১–২ সপ্তাহৰ ভিতৰত লক্ষণসমূহ ভাল হয়।৭
অন্যান্য প্ৰভাৱ
এইটো সম্ভৱ হ’ব পাৰে যে, উৰহৰ সংস্পৰ্শই বায়ুমণ্ডলীয় এলাৰ্জেনৰ প্ৰভাৱৰ জৰিয়তে হাঁপানীৰ আক্ৰমণৰ সূচনা কৰিব পাৰে, যদিও এই সম্পৰ্কৰ প্ৰমাণ সীমিত।২
গুৰুতৰ আক্ৰমণ আৰু দীৰ্ঘদিনীয়া আক্ৰমণে উদ্বেগ, মানসিক চাপ আৰু টোপনিৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে।২ ব্যক্তিৰ ৰিফ্ৰেক্টৰী ডিলুচনেল পেৰাচাইট'ছিছৰ বিকাশ সম্ভৱ হয়, কাৰণ এজন ব্যক্তিয়ে অনবৰতে উৰহৰ প্ৰতি অতি ভয়াৰ্ত মনোভাৱ পুহিবলৈ ধৰে।১০
বৰ্ণনা

সাধাৰণতে প্ৰধানকৈ চিমেক্স প্ৰজাতিৰ দুবিধ উৰহে আক্ৰমণ কৰা দেখা যায়: চিমেক্স লেকটুলেৰিয়াছ (সাধাৰণ উৰহ) আৰু চিমেক্স হেমিপ্টেৰাছ (গ্ৰীষ্মমণ্ডলীয় উৰহ)। এই পোকবোৰে কেৱল তেজ খায় আৰু বিকাশৰ যিকোনো পৰ্যায়তে খাদ্য গ্ৰহণ নকৰাকৈ ৭০ দিনলৈকে জীয়াই থাকিব পাৰে।৩ প্ৰাপ্তবয়স্ক চিমেক্স পাতল বাদামীৰ পৰা ৰঙা-বাদামী, সমতল, ডিম্বাকাৰ আৰু পিছফালৰ ডেউকা নাথাকে। আগফালৰ ডেউকাবোৰ অৱশিষ্ট আৰু পেডৰ দৰে গঠনলৈ হ্ৰাস পায়। প্ৰাপ্তবয়স্ক উৰহ ৪–৫ মিলিমিটাৰ (০.১৬–০.২০ ইঞ্চি) দীঘল আৰু ১.৫–২ মিলিমিটাৰ (০.০৫৯–০.০৭৯ ইঞ্চি) বহল হয়। মাইকী সাধাৰণ উৰহে প্ৰতিদিনে ১–১০টা কণী আৰু জীৱনকালত ২০০–৫০০টা কণী পাৰে, আনহাতে মাইকী গ্ৰীষ্মমণ্ডলীয় উৰহে জীৱনকালত প্ৰায় ৫০টা কণী পাৰে।৩
উৰহৰ জীৱনৰ পাঁচটা অপৰিপক্ক জীৱন পৰ্যায় আৰু এটা চূড়ান্ত প্ৰাপ্তবয়স্ক যৌন পৰিপক্ক পৰ্যায় থাকে।১১ বিকাশৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাবলৈ উৰহক অন্ততঃ এবাৰ তেজৰ আহাৰ গ্ৰহণৰ প্ৰয়োজন হয়।৩ প্ৰতিটো পৰ্যায়তে ইহঁতে মোট সলাই নিজৰ ছালখন আঁতৰাই দিয়ে আৰু নিজৰ বহিঃকংকাল পেলাই দিয়ে।১২
কণী ফুটি নতুনকৈ হোৱা পোকবোৰ অৰ্ধস্বচ্ছ, পাতল ৰঙৰ আৰু ইহঁত পৰিপক্কতা লাভ কৰাৰ লগে লগে বাদামী হৈ পৰে। উৰহৰ লগত আন পোক-পৰুৱাক কেতিয়াবা ভুল কৈ ধৰা হ’ব পাৰে, যেনে কিতাপৰ পোক, পঁইতাচোৰাৰ পোৱালি বা কাৰ্পেটত সোমাই থকা পোক; কিন্তু উষ্ণ আৰু সক্ৰিয় হ'লে ইহঁতৰ গতিবিধি অধিক ক্ষিপ্ৰ হয় আৰু আন বেছিভাগ প্ৰকৃত কীটৰ দৰে ইহঁতক থেতেলিয়াই পেলালে, সেই সময়ত এটা বৈশিষ্ট্যপূৰ্ণ দুৰ্গন্ধ নিৰ্গত কৰে।
উৰহবোৰ প্ৰকৃততে ৰক্তপিপাসু। ইহঁতৰ মুখত চোকা অংগ আছে যিয়ে ছাল ফুটাই আঘাত কৰে আৰু লেলাউটিৰ পৰা এন্টিকোএগুলেণ্ট আৰু বিষহীন আক্ৰমণ কৰে। আক্ৰমণত মানুহৰ সংবেদনশীলতা চৰম এলাৰ্জিৰ পৰা একেবাৰেই কোনো প্ৰতিক্ৰিয়া নোহোৱালৈকে (প্ৰায় ২০%) বেলেগ বেলেগ হয়। কামোৰৰ ফলত সাধাৰণতে ৰঙা দাগ নথকা দমলা হয়, কিন্তু যেতিয়া বহুতো পোকে একে ঠাইত খাদ্য গ্ৰহণ কৰে, তেতিয়া ফুলা কমি যোৱাৰ পিছত ৰঙা দাগ দেখা দিব পাৰে।১৩ উৰহে উন্মুক্ত ছাল পছন্দ কৰে, বিশেষকৈ শুই থকা ব্যক্তিৰ মুখ, ডিঙি আৰু বাহু পছন্দ কৰে।
বিস্তাৰ
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে উৰহৰ আক্ৰমণ খুব কমেইহে হয়।৪ আক্ৰমণ কৰা মানুহৰ ব্যক্তিগত বস্তুৰ লগত সাধাৰণতে ইহঁতে নতুন ঠাইলৈ স্থানান্তৰিত হয়। বাসস্থানবোৰ বিভিন্ন ধৰণেৰে উৰহৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে, যেনে:-
- ভ্ৰমণকাৰীৰ কাপোৰ বা বয়বস্তুত অন্যান্য আক্ৰান্ত বাসস্থানৰ পৰা অজানিতে অনা পোক আৰু কণী;
- ঘৰ বা ব্যৱসায়লৈ অনা আক্ৰান্ত বস্তু (যেনে আচবাব বিশেষকৈ বিছনা বা চোফা, কাপোৰ, বা বেকপেক);
- আক্ৰান্ত বাসস্থান বা বস্তুৰ ওচৰত, যদি ভ্ৰমণৰ বাবে সহজ পথ উপলব্ধ হয়, যেনে:- পাইপ বা ফলচ্ চিলিঙৰ মাজেৰে;
- বন্যপ্ৰাণী (যেনে বাদুলি বা চৰাই)১৪১৫ যিয়ে উৰহ বা আনুষংগিক প্ৰজাতিৰ যেনে বাদুলিৰ পোককো আশ্ৰয় দিব পাৰে;
- আক্ৰান্ত অঞ্চললৈ যোৱা লোকসকলে (যেনে বাসস্থান, পৰিবহণৰ উপায়, মনোৰঞ্জনৰ স্থান বা থকাৰ স্থান) কাপোৰ, বয়বস্তু বা শৰীৰত পোকবোৰ আন অঞ্চললৈ নিব পাৰে। বিমান যাত্ৰাতো ক্ৰমান্বয়ে উৰহৰ উপস্থিতি পোৱা গৈছে।১৬
যদিও উৰহে সুবিধাজনকভাবে পোহনীয়া জন্তুক কামোৰে, ইহঁতে নিজক খুৱাওতাৰ ছালত বাস নকৰে বা ইঠাইৰ পৰা আন ঠাইলৈ নাযায় আৰু পোহনীয়া জন্তু ইহঁতৰ বিস্তাৰৰ কাৰক বুলি বিশ্বাস কৰা নহয়।১৭
চিনাক্তকৰণ
গাত দেখা দিয়া লক্ষণসমূহ অন্য কাৰণতকৈ উৰহৰ কামোৰৰ ফলত হয় বুলি জানিলে শুই থকা পৰিৱেশত পোকটোক বিচাৰি উলিওৱাৰ প্ৰয়োজন হয়, কাৰণ লক্ষণসমূহ উৰহৰ কামোৰৰ বাবে হোৱাটো নিশ্চিত হ’ব লাগে।২ আন পতঙ্গৰ কামোৰেও একেধৰণৰ লক্ষণ দেখা দিব পাৰে।
কামোৰা উৰহ এটা হ’ব পাৰে, কিন্তু এবাৰ খোপনি পুতিলে ইহঁতে সোনকালে একত্ৰিত হোৱাৰ প্ৰৱণতা থাকে। যদিও ইহঁত কঠোৰভাৱে পৰজীৱী, তথাপি ইহঁতে জীৱনৰ এটা সৰু অংশহে শাৰীৰিকভাৱে মানুহৰ সৈতে জড়িত হৈ কটায়। এবাৰ উৰহে খাদ্য খাই শেষ কৰিলে ই ৰাসায়নিক পথ অনুসৰণ কৰি ওচৰৰ আশ্ৰয়স্থললৈ উভতি যায়, সাধাৰণতে বিছনা বা চোফাত বা তাৰ ওচৰত, য'ত ইহঁতে প্ৰাপ্তবয়স্ক, কিশোৰ আৰু ইহঁতৰ কণীবোৰ থুপ খাই থাকে। এই ঠাইবোৰৰ ভিতৰত বয়-বস্তু, বাহনৰ ভিতৰৰ অংশ, আচবাব, বিছনাৰ কাষৰ বস্তুৰ দ’ম— আনকি বৈদ্যুতিক চকেট বা লেপটপ কম্পিউটাৰৰ ভিতৰতো থাকিব পাৰে। বাসস্থানৰ ভিতৰত বাহ সাজি লোৱা প্ৰাণী যেনে বাদুলি, চৰাই,১৫ বা ৰোডেণ্টৰ ওচৰতো উৰহ থাকিব পাৰে। ঘৰচীয়া মেকুৰী আৰু কুকুৰৰ তেজ খায়ো ইহঁতে জীয়াই থাকিব পাৰে যদিও C. lectularius প্ৰজাতিৰ বাবে মানুহ বেছি পছন্দৰ।১৮
উৰহৰ তীব্ৰ আক্ৰমণ ইহঁতৰ বৈশিষ্ট্যপূৰ্ণ তিতা-মিঠা গোন্ধৰ দ্বাৰা ধৰা পেলাব পাৰি, যাক ৰাস্পবেৰী নামৰ এবিধ ফলৰ পঁচা গোন্ধৰ দৰে বুলি বৰ্ণনা কৰা হৈছে।১৯ উৰহ ধৰা পেলোৱা কুকুৰবোৰক আক্ৰমণৰ তথ্য নিৰ্ণয় কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়, যাৰ সম্ভাৱ্য সঠিকতাৰ হাৰ ১১%ৰ পৰা ৮৩%ৰ ভিতৰত।৫
ঘৰতে তৈয়াৰী ডিটেক্টৰৰ বিকাশ কৰা হৈছে।২০২১ বেড বাগ ডিটেক্টৰ, যাক প্ৰায়ে "মনিটৰ", "ফান্দ" বা "ইণ্টাৰচেপ্টৰ" বুলি কোৱা হয়,২২ মানৱ শৰীৰৰ উপস্থিতিৰ সৈতে জড়িত লেক্টিক এচিড বা কাৰ্বন ডাই অক্সাইড বা ফেৰ'মন ব্যৱহাৰ কৰি এটা পাত্ৰত উৰহবোৰক আকৰ্ষণ কৰি ফান্দত পেলোৱা হয়। বেডবাগ ডিটেক্টৰে উৰহ থকা-নথকাটো নিশ্চিত কৰিব পাৰে, কিন্তু নিৰ্মূলৰ বাবে ই পৰ্যাপ্ত পৰিমাণে ফান্দত নাথাকে।৩
প্ৰতিৰোধ
ঘৰৰ বাহিৰৰ পৰা যাতে উৰহ ঘৰৰ ভিতৰলৈ আহিব নোৱাৰে, তাৰ বাবে উৰহ থকা ঠাইলৈ যোৱাৰ পিছত বা আক্ৰান্ত হ’ব পৰা পৰিবহণ মাধ্যমেৰে যাত্ৰা কৰাৰ পিছত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হয়; সাৱধানতাসমূহৰ ভিতৰত আছে, সেই ঠাইৰ পৰা ওলাই যোৱাৰ সময়ত জোতা পৰীক্ষা কৰা, সোমোৱাৰ আগতে ঘৰৰ বাহিৰত কাপোৰ সলনি কৰা, আৰু ব্যৱহৃত কাপোৰবোৰ ঘৰৰ বাহিৰৰ কাপোৰ শুকুৱাই লোৱা যন্ত্ৰত ৰখা। নতুন বাসস্থানলৈ যোৱাৰ সময়ত ছুটকেছবোৰ মানুহ শোৱা ঠাইলৈ নিয়াৰ আগতে বিচনাখন পৰীক্ষা কৰাটো বাঞ্ছনীয়, আৰু ছুটকেছটো ওখ ষ্টেণ্ডত ৰাখিব লাগে যাতে উৰহবোৰে খোজ কাঢ়ি সোমোৱাৰ সম্ভাৱনা কম হয়। কাপোৰবোৰ ওলোমাই থ’ব লাগে বা মজিয়াত ছুটকেছত থৈ দিব লাগে।২৩ অতিৰিক্ত প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে বিভিন্ন ফাট (য'ত উৰহবোৰ প্ৰায়ে লুকাই থাকে) বন্ধ কৰা, আচবাব পৰীক্ষা কৰা আৰু ঘৰলৈ উভতি অহাৰ সময়ত কাপোৰ আৰু বয়বস্তু বিশুদ্ধ কৰা।৩ উৰহ নিৰ্মূলৰ বাবে নিবেদিত কোম্পানী এটাৰ প্ৰতিষ্ঠাপকে কয় যে, তেওঁ বুকিং কৰা হোটেলৰ ৫% কোঠা উৰহ আক্ৰান্ত। তেওঁ মানুহক কেতিয়াও ৰাজহুৱা পৰিবহণত বহিব নালাগে বুলি পৰামৰ্শ দিছিল; অফিচৰ চকী, বিমানৰ আসন আৰু হোটেলৰ বিচনা পৰীক্ষা কৰক; আৰু মাহত এবাৰ ঘৰৰ বিচনাসমূহ নিৰীক্ষণ আৰু ভেকুৱাম কৰক।২৪ বেৰৰ সকলো সুৰুঙা বা ফাঁক বন্ধ কৰক; উৰহ আন্ধাৰ ঠাইত লুকাই থাকে; যেনে বেৰৰ ফাট। ছেকেণ্ড হেণ্ড আচবাবতো উৰহৰ আশ্ৰয় থাকিব পাৰে।
নিৰ্মূল
ঘনাই উৰহৰ কামোৰৰ পৰা হাত সৰাটো টান হ’ব পাৰে কাৰণ ইয়াৰ বাবে আগতে ঘৰ বা কৰ্মস্থলীৰ পৰা উৰহ নিৰ্মূল কৰিব লাগে; অ-ৰাসায়নিক নিয়ন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰি উৰহ নিৰ্মূল কৰাটো অতি ফলপ্ৰসূ।৩ অ-ৰাসায়নিক নিয়ন্ত্ৰণ পদ্ধতিৰ ভিতৰত কাৰ্পেট আৰু আচবাব (সততে স্ক্ৰেপিং কৰি) এটা ডিচপ'জেবল বেগত ভেকুৱাম কৰি পিছত পুনৰ উৎপত্তি ৰোধ কৰিবলৈ প্লাষ্টিকৰ বেগত বন্ধ কৰা হয়।৩ আন আন পদ্ধতিসমূহ হ'ল, কোনো অঞ্চলৰ পৰা বস্ত্ৰ সামগ্ৰী আঁতৰাই গৰম পানীত (কমেও ৬০ ডিগ্ৰী চেলছিয়াছ) ধুই বা −২০ ডিগ্ৰী চেলছিয়াছ (−৪ ডিগ্ৰী ফাৰেনহাইট) তাপমাত্ৰাত জমা কৰা। ৩বেছিভাগ গ্ৰাহক গ্ৰেডৰ ফ্ৰীজাৰেই উৰহক হত্যা কৰিবলৈ অপৰ্যাপ্ত কাৰণ ই পৰ্যাপ্ত কম উষ্ণতা সৃষ্টি কৰিব নোৱাৰে।৩বিচনাৰ বস্ত্ৰসমূহক কমেও ৬০ ডিগ্ৰী চেলছিয়াছ (১৪০ ডিগ্ৰী ফাৰেনহাইট)লৈ ভাপত দিব পাৰি আৰু এই পদ্ধতিয়ে বস্ত্ৰৰ গভীৰতালৈ সোমাই গৈ সম্ভাৱ্যভাৱে এমিনিটৰ ভিতৰতে উৰহক ফলপ্ৰসূভাৱে মৃত্যুমুখত পেলাব পাৰে।৩ আক্ৰান্ত সামগ্ৰীৰ বাবে গৰম কৰা টেণ্ট বা চেম্বাৰ ব্যৱহাৰ কৰিব পাৰি বা গোটেই কোঠাবোৰ অন্ততঃ ৫৫ ডিগ্ৰী চেলছিয়াছ (১৩১ ডিগ্ৰী ফাৰেনহাইট) লৈ গৰম কৰি আক্ৰমণ ফলপ্ৰসূভাৱে নিৰ্মূল কৰিব পাৰি।৩
উৰহৰ আক্ৰমণ নিৰ্মূল কৰাৰ ক্ষেত্ৰত কেৱল অ-ৰাসায়নিক পদ্ধতিতকৈ এই পদ্ধতিৰ লগতে কীটনাশকৰ সংমিশ্ৰণ অধিক ফলপ্ৰসূ বুলি কোনো প্ৰমাণ পোৱা নাই।৩ কীটনাশক দৰৱ উৰহৰ আক্ৰমণ নিৰ্মূলৰ বাবে বেছিভাগেই অ-কাৰ্যকৰী, কাৰণ বেছিভাগ উৰহেই পাইৰেথ্ৰইডকে ধৰি কীটনাশকৰ প্ৰতিৰোধী, যিবোৰ প্ৰায় ৯০% বাণিজ্যিক গ্ৰেডৰ কীটনাশকত পোৱা যায়।৩ সময়ৰ লগে লগে কীটনাশকৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে,যদিও ই মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে।
এবাৰ উদ্ভৱ হ'লে, উৰহৰ পৰা মুক্তি পোৱাটো অত্যন্ত কঠিন, বিশেষকৈ একাধিক বাসস্থান থকা অট্টালিকাসমূহত, কাৰণ নিৰ্মূলকৰণ কৰা বাসস্থানৰ বাহিৰে ইহঁত অট্টালিকাৰ অন্য অংশতো বাচি থাকিব পাৰে,৩ আৰু আক্ৰান্ত অঞ্চলৰ পৰা নিকা কৰা অঞ্চললৈ গৈ উৰহসংখ্যা পুনৰ বৃদ্ধি কৰিব পাৰে।
যান্ত্ৰিক পদ্ধতি যেনে ভেকুৱাম ক্লিনাৰৰ দ্বাৰা কীট নিষ্কাশন কৰি লোৱা আৰু বিচনাবোৰ তাপ-শোধন বা মেৰিয়াই লোৱা আদি ফলপ্ৰসূ উপায়।৫ ৪৫ °C (১১৩ °F) বা তাতকৈ অধিক উষ্ণতাত এঘণ্টা বা −১৭ °C (১ °F)তকৈ কম উষ্ণতাত দুঘণ্টা সময় থাকিলে ইহঁতক মাৰিব পাৰি।৫ ইয়াৰ ভিতৰত কাপোৰৰ বাবে ঘৰুৱা কাপোৰ শুকুৱাই লোৱা যন্ত্ৰ বা ব্যৱসায়িক ষ্টীমাৰ আদিও থাকিব পাৰে। ১৮০ ডিগ্ৰী ফাৰেনহাইট (৮২ ডিগ্ৰী চেলছিয়াছ)ৰ ওপৰৰ উষ্ণতাৰ সংস্পৰ্শলৈ আহিলে উৰহ আৰু ইয়াৰ কণীবোৰ মৃত্যুমুখত পৰিব আৰু ষ্টীমাৰে ২৩০ ডিগ্ৰী ফাৰেনহাইট (১১০ ডিগ্ৰী চেলছিয়াছ)ৰ বহু ওপৰত উপনীত হ'ব পাৰে।১৩২৫ এটা অধ্যয়নত দেখা গৈছে যে ২ মিনিটতকৈ অধিক উষ্ণতাত ৫০ ডিগ্ৰী চেলছিয়াছ (১২২ ডিগ্ৰী ফাৰেনহাইট)তকৈ অধিক উষ্ণতাৰ সংস্পৰ্শলৈ অহা উৰহৰ মৃত্যুৰ হাৰ এশ শতাংশ। অধ্যয়নটোৱে প্ৰকাশ কৰামতে, ৪৮ ডিগ্ৰী চেলছিয়াছ (১১৮ ডিগ্ৰী ফাৰেনহাইট)ৰ ওপৰৰ উষ্ণতা ২০ মিনিটতকৈ অধিক সময় ধৰি ৰখাৰ পৰামৰ্শ দিছিল, যাতে উৰহৰ সকলো জীৱন পৰ্যায়ক ফলপ্ৰসূভাৱে নিৰ্মূল কৰিব পৰা যায়, কাৰণ কাৰ্যক্ষেত্ৰত ফাট আৰু ঘৰৰ ভিতৰৰ লাম-লাকটুৰ হিচাপ অনুসৰি ৬ৰ পৰা ৮ ঘণ্টা এই প্ৰক্ৰিয়াত সময় ব্যৱহাৰ কৰা হয়।২৬ এই পদ্ধতি ব্যয়বহুল আৰু ইয়াৰ ফলত জুইৰ সৃষ্টি হ’ব পাৰে।৫১৩ অনাহাৰে থকা উৰহবোৰৰ বাবে এই পদ্ধতি ফলপ্ৰসূ নহয়, কাৰণ ইহঁতে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি ১৩৫ৰ পৰা ৩০০ দিনলৈকে খাদ্য নোখোৱাকৈ জীয়াই থাকিব পাৰে।৫৩
বেছিভাগ অৰ্গেন'ক্ল'ৰিন কীটনাশক প্ৰত্যাহাৰৰ পিছত ২০১২ চনত কোৱা হৈছিল যে, প্ৰকৃততে কোনো ফলপ্ৰসূ কীটনাশক উৰহৰ বাবে উপলভ্য নহয়।৫ ঐতিহাসিকভাৱে ফলপ্ৰসূ বুলি পোৱা কীটনাশকসমূহৰ ভিতৰত পাইৰেথ্ৰইড, ডাইক্ল'ৰভছ আৰু মেলাথিয়ন আদি অন্তৰ্ভুক্ত।৭ শেহতীয়া দশকবোৰত কীটনাশকৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। কাৰ্বামেট কীটনাশক প্ৰ'পক্সাৰ উৰহৰ বাবে অতি বিষাক্ত, কিন্তু ইয়াৰ সংস্পৰ্শলৈ অহা শিশুৰ বাবে ইয়াৰ বিষাক্তক্ৰিয়াৰ সম্ভাৱনা আছে আৰু আমেৰিকাৰ পৰিৱেশ সুৰক্ষা সংস্থাই ইয়াক ঘৰৰ ভিতৰত ব্যৱহাৰৰ বাবে অনুমোদন দিবলৈ অনিচ্ছুক।২৭ কেতিয়াবা উঁইপোক আৰু পঁইতাচোৰাৰ দৰে কীট-পতংগৰ বিৰুদ্ধে ঘৰৰ ভিতৰত নিৰাপদ কীটনাশক হিচাপে ব’ৰিক এচিড প্ৰয়োগ কৰা হয় কিন্তু ই উৰহৰ বাবে ফলপ্ৰসূ নহয়৷২৮
বিস্তাৰ
পৃথিৱীৰ সকলো ঠাইতে উৰহ পোৱা যায়।২৯ ১৯৫০ চনৰ আগলৈ আমেৰিকাৰ প্ৰায় ৩০% ঘৰত উৰহ আছিল; বৰ্তমান এই শতাংশ হ্ৰাস পাইছে, যাৰ কাৰণ পঁইতাচোৰা মাৰিবলৈ ব্যৱহাৰ কৰা ডিডিটি বুলি আংশিকভাৱে বিশ্বাস কৰা হয়।৩০ ভেকুৱাম ক্লিনাৰৰ আৱিষ্কাৰ আৰু আচবাবৰ ডিজাইন সৰলীকৰণেও হয়তো এই হ্ৰাসত ভূমিকা লৈছে।৩০ আন কিছুমানে বিশ্বাস কৰে যে ই কেৱল জীৱটোৰ চক্ৰীয় প্ৰকৃতি হ'ব পাৰে।৩১
কিন্তু ১৯৮০ চনৰ পৰা উন্নত দেশসমূহত এই আক্ৰমণৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাইছে।৭২৯ ইয়াৰ কাৰণ বেছি বিদেশ ভ্ৰমণ বুলি ভবা হয়; উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ প্ৰব্ৰজন বৃদ্ধি; ঘৰৰ মাজত ছেকেণ্ড হেণ্ড আচবাবৰ অধিক সঘনাই বিনিময়; অন্যান্য কীট-পতংগ নিয়ন্ত্ৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া, যাৰ ফলত উৰহৰ প্ৰতিকাৰৰ ব্যৱস্থাক অৱহেলা কৰা হয়; আৰু ফলপ্ৰসূ কীটনাশক নিষিদ্ধ কৰাৰ লগতে সেই কীটনাশকসমূহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সৈতে এতিয়াও অনুমতি দিয়া হৈছে।৭৩২ কীটনাশক ব্যৱহাৰৰ বাবে পঁইতাচোৰাৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত উৰহৰ পুনৰ উত্থানত সহায়ক হ'ব পাৰে, কিয়নো পঁইতাচোৰাই উৰহ পোক খায়।৩৩৮৯ ডিডিটি নিষিদ্ধ কৰা, কাৰণ ডিডিটি আৰু অন্যান্য শক্তিশালী কীটনাশকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিয়ে অৰিহণা যোগাব পাৰে।৩৪৩৫
আমেৰিকাৰ নেচনেল পেষ্ট মেনেজমেণ্ট এছ'চিয়েচনে ২০০০ চনৰ পৰা ২০০৫ চনৰ ভিতৰত উৰহ ৭১% বৃদ্ধি পোৱা বুলি জনাইছে।৩৬ কেৱল নিউয়ৰ্ক চহৰতে ২০০৪ চনত ৫০০ৰ পৰা ২০০৯ চনত ১০,০০০লৈ বৃদ্ধি পাইছে।৩৭ ২০১৩ চনত চিকাগোক আমেৰিকাৰ সৰ্বাধিক উৰহৰ আক্ৰমণ থকা চহৰ হিচাপে তালিকাভুক্ত কৰা হয়।৩৮ ইয়াৰ উত্তৰত চিকাগো চহৰ পৰিষদে বিস্তাৰ সীমিত কৰিবলৈ উৰহ নিয়ন্ত্ৰণ অধ্যাদেশ গৃহীত কৰে। তদুপৰি উৰহ আগতে কেতিয়াও নোহোৱা ঠাইবোৰত উপস্থিত হৈছে, যেনে দক্ষিণ দক্ষিণ আমেৰিকা।৩৯৪০
আক্ৰমণৰ বৃদ্ধিৰ তথ্য লাভ কৰাটো কঠিন হৈ পৰিছে, কাৰণ উৰহৰ আক্ৰমণ সহজে চিনাক্ত কৰিব পৰা সমস্যা নহয়, আৰু লগতে মানুহে ইয়াৰ বিষয়ে কথা নাপাতে। বেছিভাগ প্ৰতিবেদন কীট-পতংগ নিয়ন্ত্ৰণ কোম্পানী, স্থানীয় কৰ্তৃপক্ষ আৰু হোটেল শৃংখলৰ পৰা সংগ্ৰহ কৰা হৈছে,৪১ আৰু সমস্যাটো বৰ্তমান প্ৰতিবেদনৰ পৰা বিশ্বাস কৰাতকৈ অধিক গুৰুতৰ হ'ব পাৰে।৪২
তথ্যসূত্ৰ
- ↑ (2 May 2017). Bed Bugs FAQs. Centers for Disease Control and Prevention
- ↑ (November 2009). Bed bugs – What the GP needs to know. Aust Fam Physician. পৃ. 880–4
- ↑ Parola, Philippe; Izri, Arezki. (4 June 2020). Bedbugs. New England Journal of Medicine. পৃ. 2230–2237
- ↑ (April 2009). JAMA patient page. Bed bugs. JAMA. পৃ. 1398
- ↑ Doggett, SL; Dwyer, DE; Peñas, PF. (January 2012). Bed bugs: clinical relevance and control options.. Clinical Microbiology Reviews. পৃ. 164–92
- ↑ Panagiotakopulu, Eva; Buckland, Paul C. (December 1999). Cimex lectularius L., the common bed bug from Pharaonic Egypt. Antiquity. পৃ. 908–911
- ↑ (2009). Bedbugs. Dermatol Ther. পৃ. 347–52
- ↑ Jacobs, Andrew. (2005-11-27). Just Try to Sleep Tight. The Bedbugs Are Back.. The New York Times
- ↑ Akhoundi, Mohammad; Zumelzu, Coralie; Sereno, Denis. (2023-07-05). Bed Bugs (Hemiptera, Cimicidae): A Global Challenge for Public Health and Control Management. Diagnostics. পৃ. 2281
- ↑ Susan C. Jones. (January 2004). Extension Fact Sheet "Bed Bugs, Injury". Ohio State University
- ↑ Xavier Bonnefoy; Helge Kampen; Kevin Sweeney. Public Health Significance of Urban Pests. বিশ্ব স্বাস্থ্য সংস্থা. পৃ. 136
- ↑ Shukla; Upadhyaya. (2009). Economic Zoology. Rastogi. পৃ. 73. ISBN 978-81-7133-876-4
- ↑ Quarles, William. (March 2007). Bed Bugs Bounce Back. IPM Practitioner. পৃ. 1–8
- ↑ Potter, Michael F. BED BUGS. University of Kentucky College of Agriculture
- ↑ Steelman, C.D. 2000. Biology and control of bed bugs Archive, Cimex lectularius, in poultry houses. Avian Advice 2: 10,15
- ↑ Haiken, Melanie. Bed Bugs on Airplanes?! Yikes! How to Fly Bed Bug-Free. Forbes
- ↑ The Truth About Bedbugs: Debunking the Myths. PAWS SF
- ↑ Susan L. Woodward; Joyce A. Quinn. (30 September 2011). Encyclopedia of Invasive Species: From Africanized Honey Bees to Zebra Mussels: From Africanized Honey Bees to Zebra Mussels. ABC-CLIO. পৃ. 124. ISBN 978-0-313-38221-5
- ↑ Anderson, AL; Leffler, K. (May 2008). Bedbug infestations in the news: a picture of an emerging public health problem in the United States. Journal of Environmental Health. পৃ. 24–7, 52–3
- ↑ 7 On Your Side: Get rid of bed bugs for less than $15
- ↑ Detecting Bed Bugs Using Bed Bug Monitors (from Rutgers NJAES)
- ↑ US EPA OCSPP. (2013-03-07). Do-it-yourself Bed Bug Control. US EPA OCSPP
- ↑ Kate Wong. (23 January 2012). Bed Bug Confidential: An Expert Explains How to Defend against the Dreaded Pests. Scientific American
- ↑ Sherwood, Harriet. (19 August 2018). Bedbugs plague hits British cities. The Observer
- ↑ (22 June 2016). Using Steamers to Control Bed Bugs
- ↑ Hulasare, Raj. (September 2007 – April 2009). Fundamental Research on the Efficacy of Heat on Bed Bugs and Heat Transfer in Mattresses
- ↑ "In Search of a Bedbug Solution". The New York Times. (4 September 2010)
- ↑ Got Bed Bugs? Don't Panic!
- ↑ (2009). Bed bugs, leeches and hookworm larvae in the skin. Clinics in Dermatology. পৃ. 285–290
- ↑ (April 2009). Bedbugs: an equal opportunist and cosmopolitan creature. J Sch Nurs. পৃ. 126–132
- ↑ Xavier Bonnefoy; Helge Kampen; Kevin Sweeney. Public Health Significance of Urban Pests. বিশ্ব স্বাস্থ্য সংস্থা. পৃ. 131
- ↑ (2007). Insecticide Resistance in the Bed Bug: A Factor in the Pest's Sudden Resurgence?. Journal of Medical Entomology. পৃ. 175–178
- ↑ Gulati, A. N. (1930). Do Cockroaches eat Bed Bugs?. Nature. পৃ. 858
- ↑ Bankhead, Charles. (27 August 2015). Bed Bug Resurgence a Multifactorial Issue: Hygiene, insecticide bans, globalization all contribute. Meeting Coverage. MedPage Today
- ↑ Davies, T. G. E.; Field, L. M.; Williamson, M. S. (2012). The re-emergence of the bed bug as a nuisance pest: implications of resistance to the pyrethroid insecticides. Medical and Veterinary Entomology. পৃ. 241–254
- ↑ Voiland, Adam. (16 July 2007). You May not be Alone. U.S. News & World Report. পৃ. 53–54
- ↑ Megan Gibson. (19 August 2010). Are Bedbugs Taking Over New York City?. Time
- ↑ Metropolitan Tenants Organization. (16 July 2013). Chicago Council passes Bed Bug Ordinance. Metropolitan Tenants Organization website
- ↑ Faúndez E. I.; Carvajal M. A. (2014). Bed bugs are back and also arriving is the southernmost record of Cimex lectularius (Heteroptera: Cimicidae) in South America. Journal of Medical Entomology. পৃ. 1073–1076
- ↑ Faúndez E. I. (2015). Primeros registros de la chinche de cama Cimex lectularius Linneo, 1755 (Hemiptera: Cimicidae) en la Isla Tierra del Fuego (Chile). Arquivos Entomolóxicos. পৃ. 279–280
- ↑ Boase, Clive J., "Bed-bugs – reclaiming our cities", Biologist, vol. 51, pp. 1-4, accessed 7 June 2010
- ↑ Scarupa, M.D.; Economides, A. (2006). Bedbug bites masquerading as urticaria. Journal of Allergy and Clinical Immunology. পৃ. 1508–1509
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰহ” প্ৰবন্ধৰ সংশোধন ৬৩২৭৪০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।