অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনীষ সিসোদিয়া

মনীষ সিসোদিয়া (Manish Sisodia; জন্ম:৫ জানুৱাৰী ১৯৭২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।তেওঁ দিল্লী পাটপাৰগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত (একেৰাহে তৃতীয়বাৰৰ বাবে) বিধায়ক।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৯৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মনীষ সিসোদিয়া (Manish Sisodia; জন্ম:৫ জানুৱাৰী ১৯৭২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।তেওঁ দিল্লী পাটপাৰগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত (একেৰাহে তৃতীয়বাৰৰ বাবে) বিধায়ক। দিল্লীৰ এনচিটি চৰকাৰত তেওঁ শিক্ষা, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, বিত্ত, পৰিকল্পনা, আবকাৰী, জিএছটি, ভিজিলেন্স, সেৱা, পৰ্যটন,ভূমি আৰু ভৱন,কলা,সংস্কৃতি আৰু ভাষা বিভাগৰ দ্বায়িত্বত আছে।১ তেওঁ ২০১৩ চনৰ ডিচেম্বৰৰ পৰা ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহলৈকে দিল্লীৰ এন চি টি চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।২০১৩ চনৰ ডিচেম্বৰ মাহত দিল্লীৰ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে সিসোদিয়া এগৰাকী সমাজ কৰ্মী আৰু সাংবাদিক আছিল। তদুপৰি সিসোদিয়া আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য, লগতে আম আদমি পাৰ্টীৰ প্ৰতিষ্ঠাপক সদস্য।

দিল্লীৰ শিক্ষা সংস্কাৰৰ যাত্ৰাৰ ওপৰত তেওঁ শিক্ষাঃ শিক্ষামন্ত্ৰী হিচাপে মোৰ অভিজ্ঞতা নামৰ এখন গ্ৰন্থ প্ৰনয়ণ কৰি উলিয়াইছে আৰু শিক্ষা ৰূপান্তৰৰ ওপৰত ইয়াৰ ব্যৱহাৰিক অন্তৰ্দৃষ্টিৰ বাবে গ্ৰন্থখনে ব্যাপক প্ৰশংসা লাভ কৰিছে।২

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

মনীষ সিসোদিয়াৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ ফাগোটা গাঁৱৰ এটা ৰাজপুত পৰিয়ালত। ৩ পাব্লিক স্কুলৰ শিক্ষক পিতৃৰ ঘৰত জন্মগ্ৰহণ কৰা মনীষে গাঁৱৰে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছিল। পৰৱৰ্তী সময়ত সাংবাদিকতাত ডিপ্লমা সম্পূৰ্ণ কৰি সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।৪ মনীষ সিসোদিয়াই প্ৰথমে এফ এম ৰেডিঅ’ ষ্টেচনত ৰেডিঅ’ জকী হিচাপেও কাম কৰিছিল। তেওঁ ১৯৯৬ চনত অল ইণ্ডিয়া ৰেডিঅ' ত জিৰ' আৱাৰৰ দৰে কেইবাটাও অনুষ্ঠানৰ সৈতে জড়িত আছিল। ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈকে জি নিউজত এজন সাংবাদিক, বাতৰি প্ৰযোজক আৰু বাতৰি পাঠ কৰোঁতা হিচাপে কাম কৰিছিল।৫

কাৰ্যকলাপ

আনুষ্ঠানিকভাৱে সাংবাদিকতা ত্যাগ কৰাৰ পিছত কেজৰিৱালৰ সৈতে সিসোদিয়াই ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰা মুনাফাবিহীন সংস্থা কবীৰ প্ৰতিষ্ঠা কৰে। তথ্য জনাৰ অধিকাৰ আইনৰ খচৰা প্ৰস্তুত কৰা গোটটোৰ অন্যতম মূল সদস্য আছিল সিসোদিয়া।৬

পৰৱৰ্তী সময়ত সিসোদিয়া আন্না হাজাৰেৰ নেতৃত্বত দুৰ্নীতি বিৰোধী ভাৰত ২০১১ চনৰ আন্দোলন ৰ মূল অংশগ্ৰহণকাৰী হৈ পৰে। তেওঁলোকে ইয়াৰ দ্বাৰা জন লোকপাল বিধেয়কৰ দাবী কৰিছিল। সেই প্ৰস্তাৱিত আইনখনৰ প্ৰথম সংস্কৰণৰ খচৰা প্ৰস্তুত কৰাত তেওঁ জড়িত আছিল আৰু প্ৰতিবাদত জড়িত থকাৰ বাবে কাৰাবাসো খাটে।৭

CAA প্ৰতিবাদৰ সময়ত টুইটাৰত জামিয়া মিলিয়া ইছলামিয়াৰ সমীপত হিংসাত্মক ঘটনাৰ সৈতে জড়িত ভুৱা বাতৰি প্ৰচাৰ কৰা সংক্ৰান্তত মনিষ সিসোদিয়াৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল।৮ এই বিষয়ত দিল্লী আদালতে তেওঁক ক্লীন চিট দিবলৈ মান্তি নহ'ল।৯১০

ৰাজনৈতিক কেৰিয়াৰ

পাটপাৰগঞ্জ সমষ্টিত ৰবি নেগীক পৰাস্ত কৰি ২০২০ বৰ্ষৰ দিল্লী বিধানসভা নিৰ্বাচনত জয় সাব্যস্ত কৰে মনীষ সিসোদিয়াই
পাটপাৰগঞ্জ সমষ্টিত ৰবি নেগীক পৰাস্ত কৰি ২০২০ বৰ্ষৰ দিল্লী বিধানসভা নিৰ্বাচনত জয় সাব্যস্ত কৰে মনীষ সিসোদিয়াইছবি: Banswalhemant · CC BY-SA 4.0

সিসোদিয়া আছিল আম আদমি পাৰ্টী (আপ)ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। তেওঁ দলটোৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য আছিল। ২০১৩ চনৰ ডিচেম্বৰত অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনত তেওঁ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ পূব দিল্লীৰ পাটপাৰগঞ্জ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নকুল ভৰদ্বাজক ১১,৪৭৬ ভোটত পৰাস্ত কৰিছিল।১১১২ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ দিল্লী বিধানসভা নিৰ্বাচনত আপে বৃহৎ জয়ৰ সাব্যস্ত কৰে। ভাৰতীয় জনতা পাৰ্টীৰ বিনোদ কুমাৰ বিন্নীক ২৮,৭৬১ টাতকৈও অধিক ভোটত পৰাস্ত কৰি মনীষ সিসোদিয়া পাটপাৰগঞ্জৰ পৰা পুনৰ নিৰ্বাচিত হয়।১৩ ২০২০ দিল্লী বিধানসভা নিৰ্বাচনত তেওঁ পুনৰ ৩০০০তকৈ অধিক ভোটত বিজেপি প্ৰাৰ্থী ৰবিন্দৰ সিং নেগীক পৰাস্ত কৰে।১৪

পুৰস্কাৰ আৰু স্বীকৃতি

  • ২০১৬: দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ ২০১৬ চনৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ভাৰতীয়ৰ ভিতৰত তালিকাভুক্ত১৫
  • ২০১৭: সিসোদিয়াক "Finest Education Minister" বঁটা প্ৰদান কৰা হয়১৬
  • ২০১৯: দিল্লী শিক্ষা খণ্ডৰ বাবে কৰা কামৰ স্বীকৃতিস্বৰূপে Champions of Change Award প্ৰদান কৰা হৈছিল। ১৭
  • ২০২১: শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰসাৰিত কৰাৰ বাবে মনিষ সিসোদিয়াক মহাত্মা বঁটাৰে সন্মানিত কৰা হৈছিল। সামাজিক নেতা আৰু পৰিৱৰ্তনকামীসকলৰ কামক উৎসাহিত কৰিবলৈ প্ৰদান কৰা ই এটা বিশ্বব্যাপী বঁটা।১৮

তথ্যসূত্ৰ

  1. ↑ Delhi Government
  2. ↑ DelhiSeptember 6, Press Trust of India New. Education is foundation for happiness of people and is as important as GDP of a country: Pranab Mukherjee. India Today
  3. ↑ (2018-01-26). Manish Sisodia will watch film with Rajputs. The Asian Age
  4. ↑ (20 February 2015). Delhi Minister Manish Sisodia's journey from journalist to number 2 in Kejriwal's Cabinet – IBNLive
  5. ↑ (2017-01-21). What makes Manish Sisodia the man in charge of Delhi. Governance Now
  6. ↑ Jeelani, Mehboob. Can India's landmark Right to Information Act ever live up to its promise?. The Caravan
  7. ↑ (28 December 2013). Manish Sisodia: From journalist to Kejriwal's Man Friday. The Hindu. PTI
  8. ↑ Jamia protest: Manish Sisodia under fire for tweeting fake video. Financial Express. Indian Express Group
  9. ↑ Delhi court rejects clean chit to Manish Sisodia in Jamia fake news matter, asks police to file fresh report. India Today. India Today Group
  10. ↑ Jamia fake news: court rejects clean chit to Manish Sisodia. The Hindu. thehindu.com
  11. ↑ (28 December 2013). Manish Sisodia: From journalist to Kejriwal's Man Friday. The Hindu
  12. ↑ (15 December 2013). Constituency Wise Result Status. web.archive.org
  13. ↑ Writer, Oneindia Staff. (10 February 2015). Delhi poll results 2015 Updates: AAP makes an impressive comeback with 67 seats
  14. ↑ Deputy CM Manish Sisodia clinches Patparganj thriller
  15. ↑ #ie100: Narendra Modi to Ravish Kumar, the most powerful Indians. The Indian Express
  16. ↑ (14 April 2016). 100: Narendra Modi to Ravish Kumar, the most powerful Indians. The Indian Express
  17. ↑ Dr Beerinder Singh Yogi wins Champions of Change Award. www.aninews.in
  18. ↑ Manish Sisodia awarded for work in education

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনীষ সিসোদিয়া” প্ৰবন্ধৰ সংশোধন ৩৮৫৬৬৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।