অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছোনী ৰাজদান

ছোনী মহেশ ভাট (জন্ম: ছোনী ৰাজদান; Vidya Sinha ) এগৰাকী বৃটিছ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ভাৰতীয় হিন্দী ভাষাৰ ছবিত কাম কৰে। আশীৰ দশক আৰু নব্বৈৰ দশকৰ আৰম্ভণিৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ১২ জুন ২০২৫ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ছোনী মহেশ ভাট (জন্ম: ছোনী ৰাজদান; Vidya Sinha ) এগৰাকী বৃটিছ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ভাৰতীয় হিন্দী ভাষাৰ ছবিত কাম কৰে।১ আশীৰ দশক আৰু নব্বৈৰ দশকৰ আৰম্ভণিৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ জন্ম আৰু পেছাগত নাম ছোনী ৰাজদান আৰু ভাৰতীয় চলচ্চিত্ৰৰ ভাট পৰিয়ালৰ অংশ। তেওঁ চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অভিনেত্ৰী আলিয়া ভাট তেওঁৰ জীয়ৰী।

৩৬ চৌৰংগী লেন (১৯৮১) ছবিখনত ৰোজমেৰীৰ চৰিত্ৰৰে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। নাট্যধৰ্মী ছবি সাৰংশৰ (১৯৮৪) জৰিয়তে তেওঁ সফলতা লাভ কৰে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বেংগল জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। ৰাজদানৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে- মাণ্ডী (১৯৮৩), ত্ৰিকাল (১৯৮৫), খামোছ (১৯৮৫), ছাচ এ লং জাৰ্নি (১৯৯৮), ৰাজী (২০১৮), আৰু ইউৰছ ট্ৰুলি (২০১৮)। ৰাজদানে বহুতো অ'টিটি ধাৰাবাহিকত অভিনয় কৰিছে, যাৰ ভিতৰত আছে- দ্য ভাৰ্ডিক্ট - ষ্টেট বনাম নানাৱতী, আউট অৱ লাভ, ডিছ ৱে আপ, আৰু কল মাই এজেণ্ট: বলীউড।

প্ৰাৰম্ভিক জীৱন

ছোনী ২জন্ম ১৯৫৬ চনৰ ২৫ অক্টোবৰত৩৪ ইংলেণ্ডৰ বাৰ্মিংহামৰ স্মল হিথ অঞ্চলত হৈছিল। তেওঁৰ মাতৃ গেৰ্ট্ৰুড হোলজাৰ জাৰ্মান বংশৰ বৃটিছ আছিল আৰু পিতৃ আছিল ভাৰতীয় কাশ্মীৰী পণ্ডিত বংশৰ নৰেন্দ্ৰ নাথ ৰাজদান।

ছোনী ৰাজদান ভাৰতৰ বম্বেত ডাঙৰ-দীঘল হৈছিল।৫৬

তথ্যসূত্ৰ

  1. ↑ Soni BHATT. gov.uk
  2. ↑ Soni Mahesh Bhatt. zaubacorp.com. Ministry of Corporate Affairs
  3. ↑ Soni Bhatt. Companies House
  4. ↑ On Soni Razdan's Birthday: Alia Bhatt Shares Pic From the Day She Sat on Her Lap. হিন্দুস্তান টাইমছ. 25 October 2023
  5. ↑ Karl Hoelzer, Alia's great grandfather dared to take on the Nazi regime in his own small way and paid a very heavy price for it.
  6. ↑ BUT LITTLE DID ALIA's GRANDMA GERTRUDE KNOW that her tragic story would have a happy ending.

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছোনী ৰাজদান” প্ৰবন্ধৰ সংশোধন ৫১৭৪৪২ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।