উৰ্দু ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
পাকীজা (চলচ্চিত্ৰ)
পাকীজা (Pakeezah ) ১৯৭২ চনৰ কামাল আমৰোহী ৰচিত, পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় সংগীতমধুৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত অশোক কুমাৰ আৰু ৰাজ কুমাৰৰ সৈতে নাম ভূমিকাত অভিনয় কৰিছে মীনা কুমাৰীয়ে। ইয়াত লক্ষ্ণৌৰ তৱাইফ চাহিবজানৰ কাহিনী বৰ্ণিত হৈছে।
-
অংকুৰ (চলচ্চিত্ৰ)
অংকুৰ (Ankur) ১৯৭৪ চনত মুক্তি পোৱা এখন ভাৰতীয় ৰঙীন ছবি। এইখন আছিল শ্যাম বেনেগাল পৰিচালিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি আৰু এই ছবিখনৰ যোগেদি অভিনেতা অনন্ত নাগ আৰু শ্বাবানা আজমীৰ আত্মপ্ৰকাশ ঘটিছিল। মুম্বাইত উচ্চ শিক্ষা লোৱাৰ পিছত অনন্ত নাগক শ্যাম বেনেগালে অংকুৰত চিনাকি কৰাই দিছিল।
-
নিকাহ (চলচ্চিত্ৰ)
নিকাহ (Nikaah) ১৯৮২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালক বি. আৰ. চোপ্ৰা। ছবিখনত ৰাজ বব্বৰ, দীপক পৰাশৰ আৰু চালমা আগাই অভিনয় কৰিছে আৰু তিনিওজনৰে বলীউডৰ ছবিত সেয়া প্ৰথম অভিনয় আছিল। ছবিখনত সহযোগী চৰিত্ৰত আছিল আচৰানী আৰু ইফতিকাৰ।
-
মণ্ডি (১৯৮৩ চলচ্চিত্ৰ)
মণ্ডি (Mandi (1983 film)) (ইংৰাজী: মাৰ্কেট প্লেচ) ১৯৮৩ চনত শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ভাষাৰ ছবি। লেখক গোলাম আব্বাছ ৰ এটি উৎকৃষ্ট উৰ্দু চুটি গল্প আনন্দী ৰ আধাৰত আধাৰিত এই চলচ্চিত্ৰখনে এখন চহৰৰ মাজভাগত অৱস্থিত এখন পতিতালয়ৰ কাহিনী বৰ্ণনা কৰিছে, যিটো অঞ্চলক কিছুমান ৰাজনীতিবিদে ইয়াৰ…
-
ঔৰত (১৯৪০ চলচ্চিত্ৰ)
ঔৰত ( Aurat ) ১৯৪০ চনত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত আৰু চৰ্দাৰ আখতাৰ, সুৰেন্দ্ৰ, ইয়াকুব, কানহাইয়ালাল আৰু অৰুণ কুমাৰ আহুজাই অভিনয় কৰা এখন ভাৰতীয় ছবি। ছবিখনৰ ইংৰাজী শিৰোনাম “Woman” বুলিও পৰিচিত। ঔৰত ছবিখনৰ সংগীত অনিল বিশ্বাস আৰু সংলাপ ৱাজাহত মিৰ্জাৰ।
-
তালাক (১৯৩৮ চলচ্চিত্ৰ)
তালাক (Talaq; অনু: বিবাহবিচ্ছেদ) ১৯৩৮ চনত মুক্তি পোৱা এখন ভাৰতীয় সামাজিক মেল’ড্ৰামা চলচ্চিত্ৰ। ছবিখন মিনাৰ্ভ ম’ভীটোনৰ ছোহৰাব মোডীয়ে পৰিচালনা কৰিছিল। আনন্দ কুমাৰ আৰু গজানন জাগীৰদাৰে ৰচনা কৰা কাহিনীটোৰ সংলাপ আৰু গীতৰ কথা আনন্দ কুমাৰৰ। সংগীতৰ ৰচনা কৰিছিল মিৰ চাহেবে।