১৯৮৩ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
ঘৰ সংসাৰ (চলচ্চিত্ৰ)
ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবিখনৰ পৰিচালক আৰু প্ৰযোজক আছিল আৰ বি মেহতা আৰু এন পি এন নায়াৰ। ছবিখনে বাণিজ্যিক ভাৱে যথেষ্ট সফলতা লাভ কৰিছিল।
-
আলোকৰ আহ্বান
আলোকৰ আহ্বান (Alokar Ahban) ১৯৮৩ৰ এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মচৰ। সঙ্গীত নয়নৰ। ছবিখনে ১৯৮৩ৰ ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ভাষা শিতান শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।
-
মণ্ডি (১৯৮৩ চলচ্চিত্ৰ)
মণ্ডি (Mandi (1983 film)) (ইংৰাজী: মাৰ্কেট প্লেচ) ১৯৮৩ চনত শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ভাষাৰ ছবি। লেখক গোলাম আব্বাছ ৰ এটি উৎকৃষ্ট উৰ্দু চুটি গল্প আনন্দী ৰ আধাৰত আধাৰিত এই চলচ্চিত্ৰখনে এখন চহৰৰ মাজভাগত অৱস্থিত এখন পতিতালয়ৰ কাহিনী বৰ্ণনা কৰিছে, যিটো অঞ্চলক কিছুমান ৰাজনীতিবিদে ইয়াৰ…
-
আদি শংকৰাচাৰ্য (চলচ্চিত্ৰ)
আদি শংকৰাচাৰ্য (Adi Shankaracharya) ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত জি ভি আয়াৰ পৰিচালিত এখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ। অদ্বৈত বেদান্ত (অদ্বৈতবাদ) মতবাদক হিন্দু দৰ্শনত সুদৃঢ় কৰি তোলা হিন্দু দাৰ্শনিক আদি শংকৰাচাৰ্যৰ জীৱন আৰু তেওঁৰ সময়ক ছবিখনত চিত্ৰিত কৰা হৈছে।
-
চৰম
চৰম ( Charam ) ১৯৮৩ চনৰ এখন ভাৰতীয় মালয়ালম ছবি; পৰিচালনা পি.এ.বেকাৰৰ আৰু প্ৰযোজনা চি.এইচ.খালিদৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰেম নাজিৰ আৰু মীনা মেননে। ছবিখনত বোম্বাইৰ ৰেড লাইট এলাকাত নিৰুদ্দেশ হোৱা কন্যাৰ সন্ধান কৰা এজন অধিবক্তাৰ কাহিনী বৰ্ণিত হৈছে।