অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মকবুল ফিদা হুছেইন

মকবুল ফিদা হুছেইন (Maqbool Fida Husain, চমুকৈ এম এফ হুছেইন, জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯১৫, মৃত্যু: ৯ জুন, ২০১১) ভাৰতৰ এজন চিত্ৰশিল্পী আছিল। তেওঁ পৰিবৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত। তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মকবুল ফিদা হুছেইন (Maqbool Fida Husain, চমুকৈ এম এফ হুছেইন, জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯১৫, মৃত্যু: ৯ জুন, ২০১১) ভাৰতৰ এজন চিত্ৰশিল্পী আছিল। তেওঁ পৰিবৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত।১ তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল।১

হুছেইনৰ কৰ্মৰাজি

মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে। ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক মহানগৰ, টকিঅ' আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল। অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল। ১৯৬৭ চনত নিৰ্মাণ কৰা তেওঁৰ প্ৰথমখন চিনেমা থ্ৰু দ্য আইজ অব এ পেইণ্টাৰ-এ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত 'গ'ল্ডেন বিয়েৰ বঁটা' লাভ কৰিছিল। পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ মীনাক্ষী: এ টেল অৱ থ্ৰী চিটিজ আৰু মাধুৰীক নায়িকাৰূপে লৈ গজগামিনী নিৰ্মাণ কৰিছিল।

স্বীকৃতি আৰু সন্মান

কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৬৬ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়।

হুছেইন আৰু বিতৰ্ক

১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়। বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে। তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়। ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ M.F. Husain. Encyclopaedia Britannica

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মকবুল ফিদা হুছেইন” প্ৰবন্ধৰ সংশোধন ৬৪০১২৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।