নামঘৰ
৪ প্ৰবন্ধ
-
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (Shri Shri Athkhelia Namghar), অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। ই গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত।
-
ঢেকীয়াখোৱা বৰনামঘৰ
ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়।
-
ভঁৰালী নামঘৰ
ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাঁৱত অৱস্থিত। হাটবৰৰ পৰা ২ কিলোমিটাৰ নিলগত আছে ভৰালী গাওঁ। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ, অসম ইতিহাসৰ উল্লেখযোগ্য স্থান ভৰালী গাওঁ। গাওঁ খনৰ অধিকাংশ মানুহেই কৃষিজীবি আৰু একশৰণীয় ধৰ্মৰে দীক্ষিত।
-
মইনাপৰীয়া নামঘৰ
মইনাপৰীয়া নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২ কিঃমিঃ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত। ভক্তিধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা সত্ৰ-নামঘৰে পৰৱৰ্তী সময়ত ব্যাপক প্ৰসাৰতা লাভ…