জলকীয়া
৬ প্ৰবন্ধ
-
ভোট-জলকীয়া
ভোট-জলকীয়া (Bhut jolokia, IPA: [ˈbʱʊt.zɔˌlɔkiˌja]) এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ নাগা মৰিচৰ ওচৰ-সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই এক প্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া। ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়।
-
নাগা মৰিচ
নগা মৰিচ বা নাগা মৰিচ হৈছে ভোট জলকীয়াৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ উত্তৰ-পূব ভাৰতত উৎপাদিত জলকীয়া। ই এক প্ৰকাৰৰ অতি জ্বলা জলকীয়াৰ অন্যতম।
-
ফফং জলকীয়া
চি. চাইনেনছি হৈছে এক প্ৰকাৰৰ জলকীয়া। ইয়াক সাধাৰণতে ফফং জলকীয়া বা ইংৰাজীত "য়েল্ল' নেণ্টাৰ্ণ চিলি" (yellow lantern chili) বুলি কোৱা হয়। ই আমেৰিকাৰ এক থলুৱা প্ৰজাতি। ইহঁতৰ ব্যতিক্ৰমী জ্বলা গুণ আৰু অনন্য গন্ধৰ বাবে এই প্ৰজাতিৰ বিভিন্ন প্ৰকাৰবোৰ সমগ্ৰ বিশ্বতে জনাজাত।
-
গুণ্টুৰ সান্নাম
গুণ্টুৰ সান্নাম (Guntur Sannam) বা Capsicum annuum var. Longhum এবিধ সুপৰিচিত জলকীয়া সমূহৰ ভিতৰত অন্যতম। গোটেই পৃথিৱীতে এই জলকীয়াৰ ব্যাপক চাহিদা। ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলা আৰু তেলঙ্গানা ৰাজ্যৰ ৱাৰেংগেল আৰু খাম্মাম জিলাৰ বিস্তৃত অঞ্চলত গুণ্টুৰ জলকীয়াৰ খেতি কৰা হয়।
-
বগী জলকীয়া
বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়।
-
গুণ্টুৰ জলকীয়া
গুণ্টুৰ জলকীয়া হৈছে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ আৰু প্ৰকাশম জিলাত উৎপাদিত জলকীয়াৰ এক প্ৰকাৰ। এই জলকীয়াবোৰ বিশ্বব্যাপী প্ৰসিদ্ধ আৰু ভাৰতৰ পৰা এছিয়াৰ অন্যান্য দেশ, কানাডা আৰু ইউৰোপলৈ ৰপ্তানি কৰা হয়।