তামিল সংস্কৃতি
৮ প্ৰবন্ধ
-
অৰঞ্জনা চাৰাডু
অৰঞ্জনা চাৰাডু বা অৰৈঞাণ কায়িৰু (মালয়ালম: അരഞ്ഞാണ ചരട്; তামিল: அரைஞாண் கயிறு; তেলুগু: మొలతాడు) হৈছে দক্ষিণ ভাৰতত প্ৰচলিত এক পৰম্পৰাগত প্ৰথা। এই প্ৰথা বিশেষকৈ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত দেখা যায়।
-
ছিলাম্বু
ছিলাম্বু (তামিল: சிலம்பு; মালয়ালম: ചിലമ്പ്}, অথবা গাগ্গৰা (তুলু: ಗಗ್ಗರ), হৈছে ভাৰতীয় উপমহাদেশত বিভিন্ন প্ৰসঙ্গত ব্যৱহৃত একপ্ৰকাৰৰ পায়েল।
-
অৰঞ্জনা
অৰঞ্জনা (Aranjanam), যাক আৰাইজান কোডি (Araijan Kodi) বা মোলাথাডু (Molathadu) বুলিও জনা যায়, হ’ল দক্ষিণ এছিয়াৰ, বিশেষকৈ দক্ষিণ ভাৰতৰ শিশু আৰু কিশোৰ-কিশোৰীসকলে ককালত পিন্ধা এডাল লাহী অলংকাৰ। অৱশ্যে বহুতো প্ৰাপ্তবয়স্ক লোকেও ইয়াৰ ব্যৱহাৰ কৰে।
-
আদি পেৰুক্কু
আদি পেৰুক্কু হৈছে এক হিন্দু উৎসৱ, যিটো তামিল মাহ ‘আদি’ৰ ১৮তম দিনা তামিল লোকসকলে উদযাপন কৰে। এই উৎসৱত সাধাৰণতে মৌচুমী ঋতুত নদীৰ জলস্তৰ বৃদ্ধিক চিহ্নিত কৰিবলৈ আৰু পানীৰ জীৱনদায়ী গুণৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ নদীৰ পাৰত প্ৰাৰ্থনা কৰা হয়। এই দিনটোত হিন্দু দেৱী আম্মানৰ বিভিন্ন ৰীতি-নীতিৰে পূজা কৰা হয়।
-
আৰাইমুদি
আৰাইমুদি বা আৰাইমুতি হৃদয় বা আঁহত গছৰ পাতৰ আকৃতিৰ সৰু ৰূপৰ ধাতুৰ পাত আকৃতিৰ অলংকাৰ। পূৰ্বতে ভাৰতৰ তামিলনাডু ৰাজ্যৰ কণমানি ছোৱালী, কিশোৰীয়ে পিন্ধিছিল। "আৰাই" মানে কঁকাল আৰু "মুদি" মানে আৱৰণ। ইয়াক পূব শ্ৰীলংকাৰ মুছলমানসকলে ‘আলামাদী’ আৰু ‘আৰাচিলাই’ বুলি কয়।
-
কম্বু (বাদ্য)
কম্বু ( তামিল: கொம்பு; মালয়ালম: കൊമ്പ് ) বা কম্পু, যাক কম্বু পট্টু বুলিও কোৱা হয়, মূলতঃ দক্ষিণ ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যত ব্যৱহাৰ কৰা এটা পিতলৰ প্ৰাকৃতিক শিং সদৃশ বাদ্য। সাধাৰণতে পঞ্চবাদ্যম, পাণ্ডী মেলাম, পাঞ্চৰী মেলাম আদিৰ লগত এই বাদ্য বজোৱা হয়।
-
তোৰণম
তোৰণম (তামিল: தோரணம்) হৈছে তামিলনাডুত ব্যৱহৃত একপ্ৰকাৰৰ ঝুলন্ত সজ্জা। এই সজ্জাসমূহৰ মূল শিপা তামিল সংস্কৃতিৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। এই সজ্জাৰ ইতিহাস সঙ্গম যুগলৈকে বিস্তৃত।
-
ভোগী
ভোগী (কন্নড়: ಭೋಗಿ, তেলুগু: భోగి, তামিল: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম দিন। এই দিনটো হিন্দু সৌৰ পঞ্জিকা অনুসৰি আঘোণ মাহৰ শেষ দিনত পৰে, যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসাৰে সাধাৰণতে ১৩ জানুৱাৰীত হয়।