অন্ধ্ৰপ্ৰদেশ
৪ প্ৰবন্ধ
-
বিশাখাপট্টনম
বিশাখাপট্টনম (Visakhapatnam) (পূৰ্বতে বিজাগাপত্নম নামেৰে জনাজাত) ইয়াৰ উপৰিও (বাইজেগ, বিশাখা বা ৱালটাইৰ নামেৰেও জনাজাত) হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল চহৰ। ই পূবঘাট আৰু বংগোপসাগৰৰ উপকূলৰ মাজত অৱস্থিত।
-
অমৰাৱতী, অন্ধ্ৰপ্ৰদেশ
অমৰাৱতী ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাৰ কৃষ্ণ নদীৰ পাৰৰ এখন গাঁও। ১৮ শতিকাৰ শেষৰফালে জমিদাৰ বছিৰেদ্দি ভেংকটাদ্ৰি নাইডুৱে প্ৰাচীন সতবাহনৰ ৰাজধানী ধন্যকটকৰ ঠাইত নিৰ্মাণ কৰিছিল। অমৰাৱতী অমৰাৱতী মণ্ডলৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে কাম কৰে আৰু ই অন্ধ্ৰপ্ৰদেশ ৰাজধানী অঞ্চলত অৱস্থিত।
-
উণ্ডৱল্লী গুহা
উণ্ডৱল্লী গুহা হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ গুণ্টুৰ জিলাত অৱস্থিত একক ভাৰতীয় শিল কাটি স্থাপত্য। বিজয়াৱাড়াৰ দক্ষিণ-পশ্চিমে এই গুহাসমূহ অৱস্থিত। ই কেন্দ্ৰীয়ভাৱে সংৰক্ষিত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্মৃতিসৌধসমূহৰ ভিতৰত অন্যতম।
-
ভোগী
ভোগী (কন্নড়: ಭೋಗಿ, তেলুগু: భోగి, তামিল: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম দিন। এই দিনটো হিন্দু সৌৰ পঞ্জিকা অনুসৰি আঘোণ মাহৰ শেষ দিনত পৰে, যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসাৰে সাধাৰণতে ১৩ জানুৱাৰীত হয়।