অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতত ক'ভিড-১৯ মহামাৰী লকডাউন

২০২০ চনৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশত লক্‌ডাউনৰ নিৰ্দেশ দিছিল আৰু ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ প্ৰতিৰোধ কৰাৰ বাবে ১৩০ কোটি জনসংখ্যাৰ গতিবিধি সীমাবদ্ধ কৰিছিল।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৬ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

২০২০ চনৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশত লক্‌ডাউনৰ নিৰ্দেশ দিছিল আৰু ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ প্ৰতিৰোধ কৰাৰ বাবে ১৩০ কোটি জনসংখ্যাৰ গতিবিধি সীমাবদ্ধ কৰিছিল।১ ২২ মাৰ্চত পালন কৰা এক স্বেচ্ছামূলক ১৪ ঘণ্টীয়া জনতা কাৰ্ফিউ দেশৰ ক'ভিড-১৯ আক্ৰান্ত অঞ্চলসমূহত বিভিন্ন নিয়ন্ত্ৰণ বিধি জাৰীৰ পাছত এই লক্‌ডাউনৰ ঘোষণা কৰা হৈছিল।২৩ ভাৰতত ক'ৰণা ভাইৰাছ আক্ৰান্ত নিশ্চিত লোকৰ সংখ্যা প্ৰায় ৫০০ থাকোঁতে লক্‌ডাউন আৰম্ভ কৰা হৈছিল।১ পৰ্যবেক্ষকসকলে জনায় যে এই লক্‌ডাউনে মহামাৰীৰ বৃদ্ধিৰ হাৰ ৬ এপ্ৰিলৰ আগতে ছদিনত দুগুণ হোৱাৰ পৰা৪১৮ এপ্ৰিলমানত আঠদিনৰ মূৰত দুগুণ হোৱাকৌ হ্ৰাস কৰে।৫

লক্‌ডাউনৰ ম্যাদ শেষ হ'বলৈ লওঁতে ৰাজ্য চৰকাৰ আৰু আৰু উপদেষ্টা সমিতিসমূহে লক্‌ডাউন বঢ়াই দিয়াৰ পৰামৰ্শ দিয়ে।৬ ওড়িশা আৰু পঞ্জাব, ভাৰত চৰকাৰে ৰাজ্যিক লক্‌ডাউন ১ মে'লৈকে বৃদ্ধি কৰে।৭ মহাৰাষ্ট্ৰ, কৰ্ণাটক, পশ্চিমবংগ আৰু তেলংগানাই এই কাৰ্য অনুসৰণ কৰে। ১৪ এপ্ৰিলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় লক্‌ডাউন ৩ মে' পৰ্যন্ত বৃদ্ধিৰ ঘোষণা কৰে; মহামাৰী নোহোৱা বা ন্যূনতম বৃদ্ধি হোৱা অঞ্চলবোৰত ২০ এপ্ৰিলৰ পাছত লক্‌ডাউন চৰ্তসাপেক্ষে শিথিল কৰি দিয়া হয়।৮

১ মে'ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় লক্‌ডাউন দুসপ্তাহ বঢ়াই ১৭ মে'লৈকে বাহাল থকাৰ ঘোষণা কৰে। চৰকাৰে ভাইৰাছৰ ব্যাপ্তিৰ ভিত্তিত সকলো জিলাকে তিনিটামণ্ডলত বিভক্ত কৰে —সেউজীয়া (green), ৰঙা (red) আৰু কমলা (orange)। শিথিলতাও এইধৰণেৰে প্ৰয়োগ কৰা হয়।৯ ১৭ মে'ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰামৰ্শৰ ভিত্তিৰ লক্‌ডাউন ৩১ মে'লৈকে বৃদ্ধি কৰা হয়।১০

৩০ মে'ত ঘোষণা কৰা হয় যে কন্‌টেইনমেণ্ট মণ্ডলত ৩০ জুনলৈকে লক্‌ডাউন অব্যাহত থাকিব আৰু সেৱাসমূহ পৰ্যায়ক্ৰমে ৮ জুনৰ পৰা আৰম্ভ কৰা হ'ব। ইয়াক "আন্‌লক ১" (Unlock 1) বুলিও নাম দিয়া হৈছে।১১

পটভূমি

মূল প্ৰবন্ধ: ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰী

ভাৰত চৰকাৰে ২০২০ চনৰ ৩০ জানুৱাৰীত কেৰালাত ৱুহানৰ পৰা ঘৰলৈ উভতি অহা এজন ছাত্ৰক ভাৰতৰ প্ৰথম কৰ'নাভাইৰাছ ৰোগী বুলি নিশ্চিত কৰে।১২ ক'ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫০০ মান হওঁতে ১০ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো দেশবাসীকে ২২ মাৰ্চৰ দিনা পুৱা ৭ টাৰ পৰা সন্ধিয়া ৯ টালৈ 'জনতা কাৰ্ফিউ' পালন কৰিবলৈ আহ্বান জনায়।১৩ কাৰ্ফিউৰ শেষত মোদীয়ে কয় যে: "জনতা কাৰ্ফিউ ক'ভিড-১৯ৰ বিৰুদ্ধে এক দীঘলীয়া সংগ্ৰামৰ আৰম্ভণিহে।" ইয়াৰ পাছত ২৪ মাৰ্চৰ দিনা দেশবাসীক সম্বোধন কৰোঁতে তেওঁ ঘোষণা কৰে যে সেইদিনা মাজৰাতিৰ পৰাই ২১ দিনীয়া দেশজুৰি লক্‌ডাউন আৰম্ভ হ'ব।১৪ তেওঁ কয় যে কৰ'নাভাইৰাছৰ সঞ্চাৰণ ৰখাবলৈ একমাত্ৰ উপায় সামাজিক দূৰত্ব স্থাপন।১৫ তেওঁ লগতে জনায় যে জনতা কাৰ্ফিউতকৈ এই লক্‌ডাউন কঠোৰভাৱে বলবৎ কৰা হ'ব।

জনতা কাৰ্ফিউ

জনতা কাৰ্ফিউ (Janata Curfew) ২২ মাৰ্চ তাৰিখে ১৪ ঘণ্টাৰ বাবে (পুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ) পালন কৰা হয়।১৬ আৰক্ষী, স্বাস্থ্য সেৱা, সংবাদ মাধ্যম, হ'ম ডেলিভাৰী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দৰে ‘জৰুৰীকালীন সেৱা’ৰ সৈতে জড়িত লোকসকলৰ বাহিৰে প্ৰত্যেকেই এই কাৰ্ফিউ পালন কৰে। সন্ধ্যা ৫ বজাত প্ৰতিগৰাকী নাগৰিককে দুৱাৰমুখ, চাদ নাইবা খিৰিকীত ৰৈ হাত-চাপৰি বা ঘণ্টা বজাই সন্মুখশাৰীৰ কৰ্মীসকলৰ প্ৰশংসা কৰিবলৈ আহ্বান জনোৱা হয়।

নিষেধাজ্ঞাসমূহ

২০২০ চনৰ ৪মেৰ পৰা স্বৰাষ্ট্ৰ মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলো অঞ্চলতে ভালেই কেইটামান ক্ৰিয়াকলাপ শিথিলকৰণৰ মাধ্যমেৰে লকডাউন সহজসাধ্য কৰা হয়। ১৭

+ প্ৰতিটো ঠাইতক্ৰিয়াকলাপ অনুমোদিত আৰু সীমাবদ্ধ (৪ মে – ১৭ মে ২০২০)ক্ৰিয়াকলাপঅনুমোদিত (/)
ৰঙাকমলাসেউজীয়া
ৰেল আৰু মেট্ৰ সেৱা
শিক্ষা প্ৰতিষ্ঠান
চিনেমা থিয়েটাৰ, মল ইত্যাদি
জনসমাৱেশ আৰু জাতীয় অনুষ্ঠান
ধৰ্মীয় অনুষ্ঠান
সন্ধিয়া ৭ টাৰ পৰা ৰাতিপুৱা ৭টা লৈকে ঘৰৰ বহিৰত যোৱা
৫০% যাত্ৰীসহ জিলাৰ মাজতে বাছ পৰিসেৱা
টেক্সি চালক আৰু ২জন যাত্ৰী
অপৰিহাৰ্য বস্তু বিক্ৰী কৰা দোকান/আনলাইন দোকান
৩৩% ক্ষমতা সহ বেচৰকাৰী অফিচ
দুচকীয়া বাহনত কেৱল এজন
চাৰিচকীয়া বাহনত ২জন যাত্ৰী আৰু চালক
অন্তঃদেশীয় চলাচল

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Gettleman, Jeffrey; Schultz, Kai. (24 March 2020). Modi Orders 3-Week Total Lockdown for All 1.3 Billion Indians. The New York Times
  2. ↑ (24 March 2020). COVID-19: Lockdown across India, in line with WHO guidance. UN News
  3. ↑ Helen Regan; Esha Mitra; Swati Gupta. India places millions under lockdown to fight coronavirus. CNN
  4. ↑ Sandhya Ramesh. (14 April 2020). R0 data shows India's coronavirus infection rate has slowed, gives lockdown a thumbs up. ThePrint
  5. ↑ Gupta, Shekhar. (18 April 2020). Covid hasn't gone viral in India yet, but some in the world & at home can't accept the truth. ThePrint
  6. ↑ (7 April 2020). Close schools, all religious activities, extend lockdown: States tell Centre. India Today
  7. ↑ Anuja. (10 April 2020). Taking cues from Odisha, Punjab extends lockdown till 1 May. Livemint
  8. ↑ (14 April 2020). PM Modi announces extension of lockdown till 3 May. Livemint
  9. ↑ 2 More Weeks Of Lockdown Starting May 4. NDTV.com
  10. ↑ (17 May 2020). Centre extends nationwide lockdown till May 31, new guidelines issued. Tribuneindia News Service
  11. ↑ Sharma, Neeta. (30 May 2020). "Unlock1": Malls, Restaurants, Places Of Worship To Reopen June 8. NDTV
  12. ↑ Ward, Alex. (24 March 2020). India's coronavirus lockdown and its looming crisis, explained. Vox
  13. ↑ PM Modi calls for 'Janata curfew' on March 22 from 7 AM-9 PM. BusinessLine
  14. ↑ (25 March 2020). India's 1.3bn population told to stay at home. BBC News
  15. ↑ 21-day lockdown in entire India to fight coronavirus, announces PM Narendra Modi. India Today
  16. ↑ UP Officials Seen With Crowd Amid 'Janata Curfew'. Then, A Clarification. NDTV.com
  17. ↑ MHA extend lockdown period. mha.gov.in

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ ভাৰতশেহতীয়া ঘটনাৱলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতত ক'ভিড-১৯ মহামাৰী লকডাউন” প্ৰবন্ধৰ সংশোধন ৫৮৩২২২ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।