অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

সামাজিক দূৰত্ব স্থাপন

সামাজিক দূৰত্ব স্থাপন (Social distancing) বা শাৰীৰিক দূৰত্ব স্থাপন (physical distancing) হৈছে সংক্ৰামক ৰোগ বিস্তাৰ প্ৰতিৰোধৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ ঔষধবিহীন পদক্ষেপ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

সামাজিক দূৰত্ব স্থাপন (Social distancing) বা শাৰীৰিক দূৰত্ব স্থাপন (physical distancing) হৈছে সংক্ৰমণ বিস্তাৰ প্ৰতিৰোধৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ ঔষধবিহীন পদক্ষেপ। সামাজিক দূৰত্ব স্থাপনৰ উদ্দেশ্য হ'ল সংক্ৰামক ৰোগ বহনকাৰী ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰা ৰোগৰ সংক্ৰামণৰ সম্ভাৱনা হ্ৰাস কৰা আৰু তাৰ ফলস্বৰূপে আক্ৰান্ত লোকৰ সংখ্যা আৰু মৃত্যুহাৰ হ্ৰাস কৰা।১২

সামাজিক দূৰত্ব স্থাপন আটাইতকৈ কাৰ্যকৰ তেতিয়া হয়, যেতিয়া সংক্ৰমণ হয় পানী-কণা সঞ্চালনেৰে (হাঁচি-কাহ); যৌন সংস্পৰ্শসহ প্ৰত্যক্ষ শাৰীৰিক সংস্পৰ্শেৰে; পৰোক্ষ শাৰীৰিক স্পৰ্শেৰে (যেনে দূষিত সমতল বা স্থান স্পৰ্শ কৰিলে) অথবা বায়ুবাহিত সঞ্চালনেৰে (যদি জীবাণু বায়ুত দীৰ্ঘসময় ধৰি বাঁচি থাকিব পাৰে)।৩

সামাজিক দূৰত্ব স্থাপন সেইক্ষেত্ৰত খুব এটা কাম নকৰে যেতিয়া সংক্ৰামণ হয় দূষিত পানী বা খাদ্যৰ মাধ্যমেৰে অথবা মহ বা অন্য পতংগৰ মাধ্যমেৰে অথবা কদাচিৎ মানুহৰ পৰা মানুহলৈ বিয়পে।৪ সামাজিক দূৰত্ব স্থাপনৰ ঋণাত্মক দিশসমূহৰ মাজত মূল হৈছে নিঃসঙ্গতা, হ্ৰাসমান উৎপাদনশীলতা আৰু মানৱ ভাব-বিনিময়ৰ সৈতে সংযুক্ত সুফলৰ অভাৱ।

ঐতিহাসিকভাবে লেপাৰ ক'ল'নী আৰু লাজাৰেট্ট' নামৰ অঞ্চল কুষ্ঠ ৰোগ আৰু আন সংক্ৰামক ৰোগৰ সংক্ৰামণ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব স্থাপন কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠা কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Johnson, Carolyn Y.; Sun, Lena; Freedman, Andrew. (2020-03-10). Social distancing could buy U.S. valuable time against coronavirus. The Washington Post
  2. ↑ Pandemic Planning - Social Distancing Fact Sheet
  3. ↑ "Information about Social Distancing", Santa Clara Public Health Department
  4. ↑ "Interim Pre-Pandemic Planning Guidance: Community Strategy for Pandemic Influenza Mitigation in the United States—Early, Targeted, Layered Use of Nonpharmaceutical Interventions", CDC, February 2007
  5. ↑ Charles Léon Souvay, "Leprosy", Catholic Encyclopedia (1913), Volume 9

সম্পৰ্কিত শ্ৰেণী

সংক্ৰামক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সামাজিক দূৰত্ব স্থাপন” প্ৰবন্ধৰ সংশোধন ৩৮৩০৯৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।