বুলু ফিল্ম (Bulu Film) ২০২২ চনত মুক্তি পোৱা, গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা এইখন চতুৰ্থ ছবি। পৰিচালকগৰাকীয়ে ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।১
কাহিনীৰ সাৰাংশ
কৰ’না ৰোগ সংক্ৰমণত বাধা দিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনে সমগ্ৰ দেশৰ লগতে নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বিপৰ্যস্ত কৰি পেলাইছিল। সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাবলগীয়া হৈছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই ছবি ইণ্টাৰনেটত আপলোড কৰি অজস্ৰ ধন ঘটাৰ সপোন দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই বিষয়েৰে নিৰ্মাণ কৰা হৈছে 'বুলু ফিল্ম' নামৰ ছবিখন।১
অভিনয় শিল্পী
- প্ৰণামী বৰা
- হিমাংশু প্ৰসাদ দাস
- অপূৰ্ব বৰ্মন
- চাংকু নিৰঞ্জন নাথ
- অনামিকা শৰণীয়া
- গৌৰৱজ্যোতি দাস
- শিখা ঠাকুৰীয়া১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুলু ফিল্ম” প্ৰবন্ধৰ সংশোধন ৩৪১৭৬৮ (১ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।