২০২২ বৰ্ষৰ চলচ্চিত্ৰ
১২ প্ৰবন্ধ
-
এমুঠি পুঠি
এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ (Emuthi Puthi - A Very Fishy Trip) বা এমুঠি পুঠি ২০২২ চনৰ ১৭ জুনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালনা কুলনন্দিনী মহন্তৰ। ইয়াৰ কাহিনীভাগ যুটীয়াভাৱে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই লিখিছে।
-
বুম্বা ৰাইড
বুম্বা ৰাইড (Boomba Ride) ২০২১ চনত চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা মিচিং সমাজৰ পটভূমিত নিৰ্মিত এখন অসমীয়া-মিচিং চলচ্চিত্ৰ। পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। বুম্বা ৰাইড বুম্বা নামৰ এটি শিশু আৰু তেওঁৰ বিদ্যালয়খনৰ কাহিনী।
-
বেলকনিত ভগৱান
বেলকনিত ভগৱান ( God on the Balcony) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল…
-
ব্ৰিজ (অসমীয়া চলচ্চিত্ৰ)
ব্ৰিজ (Bridge) ২০২২ চনত মুক্তি পোৱা এখন নাট্যধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৃপাল কলিতাৰ। ছবিখন বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও (২০২০) লাভ কৰিবলৈ সক্ষম হয়।
-
লোকেল উৎপাত
লোকেল উৎপাত (Local Utpat) ২০২২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কমেডী চলচ্চিত্ৰ। লোকেল উৎপাতৰ পৰিচালনা কেনী বসুমতাৰীৰ। এইখন পৰিচালক বসুমতাৰীৰ চতুৰ্থ ছবি। তেওঁৰ পূৰ্বৰ ছবি তিনিখন যদিও ৰাইজে আদৰি লৈছিল, এই ছবি কেইখনে সন্তোষজনক ব্যৱসায় কৰিব পৰা নাছিল।
-
গংগুবাই কাঠিয়াৱাড়ী (চলচ্চিত্ৰ)
গংগুবাই কাঠিয়াৱাড়ী ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক অপৰাধ নাট্যধৰ্মী ছবি। পৰিচালনা সঞ্জয় লীলা ভাঞ্চালীৰ আৰু প্ৰযোজনা কৰিছে ভাঞ্চালীয়ে নিজে আৰু জয়ন্তীলাল গাদাই।
-
জাদুগৰ (২০২২ চলচ্চিত্ৰ)
জাদুগৰ (Jaadugar) হৈছে সমীৰ চাক্সেনাৰ দ্বাৰা পৰিচালিত, ২০২২ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। ছবিখন বিশ্বপতি চৰকাৰৰ দ্বাৰা ৰচিত আৰু নৱ প্ৰতিষ্ঠিত প্ৰযোজনা সংস্থা পোষম পা পিকচাৰ্ছৰ বেনাৰৰ অধীনত নিৰ্মিত।
-
বুলু ফিল্ম
বুলু ফিল্ম (Bulu Film) ২০২২ চনত মুক্তি পোৱা, গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা এইখন চতুৰ্থ ছবি। পৰিচালকগৰাকীয়ে ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।
-
কনজুৱেল ভিজিট
কনজুৱেল ভিজিট (ফাৰ্চী:ملاقات خصوصی) হৈছে ২০২২ চনত নিৰ্মিত এখন ইৰানী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ওমিদ শ্বামছে পৰিচালনা কৰিছে আৰু ওমিদ শ্বামছ, বাহমান আৰ্ক তথা আলী ছাৰাহাঙ্গে যুটীয়াভাৱে ইয়াৰ কাহিনী লিখিছে।
-
চন্দ্ৰমুখী (২০২২ চলচ্চিত্ৰ)
চন্দ্ৰমুখী ( Chandramukhi ) ২০২২ চনত চিন্ময় মাণ্ডলেকাৰৰ দ্বাৰা ৰচিত আৰু প্ৰসাদ অওকৰ দ্বাৰা পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন সংগীতিক ৰোমান্টিক নাট্যধৰ্মী ছবি, প্লেনেট মাৰাঠী, গোল্ডেন ৰেচিঅ' ফিল্মছ, ফ্লাইং ড্ৰেগন এণ্টাৰটেইনমেণ্ট এণ্ড ক্ৰিয়েটিভ ভাইবে ছবিখন নিৰ্মাণ কৰিছে।
-
লড়কী: ড্ৰেগন গাৰ্ল
লড়কী: ড্ৰেগন গাৰ্ল (বিকল্প শিৰোনাম: এণ্টাৰ দ্য গাৰ্ল ড্ৰেগন; Ladki: Dragon Girl) ২০২২ চনৰ, ইণ্ডো চাইনীজ প্ৰডাকছনৰ অধীনত ৰাম গোপাল বাৰ্মা, আৰু জিং লিউয়ে ৰচনা আৰু পৰিচালনা কৰা(4) ভাৰতীয় হিন্দী ভাষাৰ এখন যুদ্ধকলা বিষয়ক ছবি।
-
শকুন্তলম (চলচ্চিত্ৰ)
শকুন্তলম ( Sakuntalam ) ভাৰতীয় শাস্ত্ৰৰ বিখ্যাত বক্তা, সাহিত্যিক আৰু গৱেষক দুষ্যন্ত শ্ৰীধৰ পৰিচালিত সংস্কৃত ভাষাৰ এখন ঐতিহাসিক ছবি। এইখন কালিদাসৰ অভিজ্ঞান শকুন্তলম গ্ৰন্থৰ অভিযোজন। দেশিকা দয়া প্ৰডাকচনৰ অধীনত ছবিখন দুষ্যন্ত শ্ৰীধৰ আৰু শ্ৰীনিবাস কান্নাই প্ৰযোজনা কৰিছে।