২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰ
১২ প্ৰবন্ধ
-
ডক্তৰ বেজবৰুৱা ২
ডক্তৰ বেজবৰুৱা ২ ( Dr. Bezbaruah 2 ) ৩ ফেব্ৰুৱাৰী ২০২৩-ত মুক্তি পোৱা অসমীয়া ভাষাৰ ছাচপেন্স থ্ৰিলাৰ ছবি। এইখন ১৯৬৯ চনত মুক্তি পোৱা ডক্তৰ বেজবৰুৱাৰ চিকুৱেল। ডক্তৰ বেজবৰুৱা ২ নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। গোস্বামীয়ে পূৰ্বৰ ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)
ৰৈ ৰৈ বিনালে (Roi Roi Binale) ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত ২০২৫ চনৰ ভাৰতীয় অসমীয়া সংগীতময় ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীভাগ লিখিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখন ২০২৫ চনৰ ৩১ অক্টোবৰত ভাৰতত দেশজুৰি মুক্তিলাভ কৰে।
-
গৰু (চলচ্চিত্ৰ)
গৰু (Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ।
-
জোনাকী পৰুৱা (চলচ্চিত্ৰ)
ফায়াৰফ্লাইছ-জোনাকী পৰুৱা হৈছে ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এইখন উত্তৰপূৱ ভাৰতৰ প্ৰথমখন ছবি। বিশ্বৰ ২০ খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হোৱা চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰকাশ ডেকাৰ।
-
অনুৰ
অনুৰ ২০২৩ চনৰ জানুৱাৰীত মুক্তিলাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বৃদ্ধকালৰ মনস্তত্ত্বক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। অনুৰ ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱা। সংগীত তৰালী শৰ্মাৰ। অনুৰাধা শৰ্মা পূজাৰীৰ গল্প 'ভালপোৱাৰ সময়'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
এমুঠি পুঠি
এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ (Emuthi Puthi - A Very Fishy Trip) বা এমুঠি পুঠি ২০২২ চনৰ ১৭ জুনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালনা কুলনন্দিনী মহন্তৰ। ইয়াৰ কাহিনীভাগ যুটীয়াভাৱে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই লিখিছে।
-
বুম্বা ৰাইড
বুম্বা ৰাইড (Boomba Ride) ২০২১ চনত চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা মিচিং সমাজৰ পটভূমিত নিৰ্মিত এখন অসমীয়া-মিচিং চলচ্চিত্ৰ। পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। বুম্বা ৰাইড বুম্বা নামৰ এটি শিশু আৰু তেওঁৰ বিদ্যালয়খনৰ কাহিনী।
-
বেলকনিত ভগৱান
বেলকনিত ভগৱান ( God on the Balcony) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল…
-
ব্ৰিজ (অসমীয়া চলচ্চিত্ৰ)
ব্ৰিজ (Bridge) ২০২২ চনত মুক্তি পোৱা এখন নাট্যধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৃপাল কলিতাৰ। ছবিখন বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও (২০২০) লাভ কৰিবলৈ সক্ষম হয়।
-
লোকেল উৎপাত
লোকেল উৎপাত (Local Utpat) ২০২২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কমেডী চলচ্চিত্ৰ। লোকেল উৎপাতৰ পৰিচালনা কেনী বসুমতাৰীৰ। এইখন পৰিচালক বসুমতাৰীৰ চতুৰ্থ ছবি। তেওঁৰ পূৰ্বৰ ছবি তিনিখন যদিও ৰাইজে আদৰি লৈছিল, এই ছবি কেইখনে সন্তোষজনক ব্যৱসায় কৰিব পৰা নাছিল।
-
বুলু ফিল্ম
বুলু ফিল্ম (Bulu Film) ২০২২ চনত মুক্তি পোৱা, গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা এইখন চতুৰ্থ ছবি। পৰিচালকগৰাকীয়ে ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।
-
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা