সাহিত্যৰ বঁটা
৫ প্ৰবন্ধ
-
বুকাৰ বঁটা
বুকাৰ বঁটা (Booker Prize), পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা (১৯৬৯–২০০১) আৰু মেন বুকাৰ বঁটা (২০০২–২০১৯), হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা।
-
বঙ্কিম পুৰস্কাৰ
বঙ্কিম পুৰস্কাৰ বা বঙ্কিম স্মাৰক পুৰস্কাৰ হ'ল পশ্চিমবঙ্গ চৰকাৰে বাংলা কথাসাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ। ১৯৭৫ চনত বিখ্যাত বাঙালী সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ স্মৃতিত এই বঁটাটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
ৰবীন্দ্ৰ পুৰস্কাৰ
ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে।
-
ন'বেল বঁটা বিজয়ী (সাহিত্য)
সাহিত্যৰ বাবে ন'বেল বঁটা প্ৰতিবছৰে ছুইডিছ একাডেমীয়ে সাহিত্যক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লেখকসকলক প্ৰদান কৰে। এইটো আলফ্ৰেড ন'বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰত স্থাপন কৰা পাঁচটা ন'বেল বঁটাৰ ভিতৰত ৰসায়ন, পদাৰ্থবিজ্ঞান, সাহিত্য, শান্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।
-
গংগাধৰ ৰাষ্ট্ৰীয় বঁটা
গংগাধৰ ৰাষ্ট্ৰীয় বঁটা হৈছে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ে সাহিত্য, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা এটি সাহিত্য বঁটা। কবি গংগাধৰ মেহেৰৰ নামত এই বঁটা নামাকৰণ কৰা হৈছে। ১৯৯১ চনত আলি চৰ্দাৰ জাফ্ৰিক প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।