আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ
১২ প্ৰবন্ধ
-
ন'বেল বঁটা
ন'বেল বঁটা (Nobel Prize, ) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়।
-
অস্কাৰ বঁটা
অস্কাৰ বঁটা বা একাডেমি বঁটা (Academy Awards বা The Oscars) হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে।
-
ৰমন মেগছেছে বঁটা
ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়।
-
বুকাৰ বঁটা
বুকাৰ বঁটা (Booker Prize), পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা (১৯৬৯–২০০১) আৰু মেন বুকাৰ বঁটা (২০০২–২০১৯), হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা।
-
পুলিৎজাৰ বঁটা
পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা।
-
গ'ল্ডেন গ্ল'ব বঁটা
গ'ল্ডেন গ্ল'ব বঁটা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা।
-
আবেল বঁটা
গণিতজ্ঞ নীলছ্ হেনৰিক্ এবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ (NASL)-এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে আবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।
-
ফিল্ডছ মেডেল
ফিল্ডছ মেডেল (FieldsMedal) হ’ল গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ (চাৰি) বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞলৈ আগবঢ়োৱা এটি বঁটা।
-
আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ
আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়।
-
গোলকীয় শিক্ষক বঁটা
গোলকীয় শিক্ষক বঁটা (Global Teacher Prize) প্ৰতিবছৰে ভাৰ্কে ফাউণ্ডেচনে শিক্ষকতাৰ ক্ষেত্ৰখনলৈ উৎকৃষ্ট অৱদান আগবঢ়োৱা শিক্ষকসকলক প্ৰদান কৰা বঁটা। এই বঁটাৰ অৰ্থমূল্য ১ নিযুত আমেৰিকান ডলাৰ। নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা শিক্ষক সকলক বিশ্বৰ জনসাধাৰণে মনোনীত কৰে।
-
ইগ্ ন'বেল বঁটা
ইগ্ ন'বেল বঁটা (Ig Nobel Prizes) ন'বেল বঁটাৰ এক আমেৰিকান পেৰ'ডী সংস্কৰণ। প্ৰতি বছৰে অক্টোবৰ মাহৰ আৰম্ভণিতে এই বঁটা বৈজ্ঞানিক গৱেষণা ক্ষেত্ৰৰ দহটা আচহুৱা (unusual) আৰু তাৎপৰ্যহীন (trivial) প্ৰাপ্তিক প্ৰদান কৰা হয়।
-
গান্ধী মেণ্ডেলা পুৰস্কাৰ
গান্ধী মেণ্ডেলা পুৰস্কাৰ (Gandhi Mandela Awards) হৈছে এটা অতি সন্মানীয় আন্তৰ্জাতিক পুৰস্কাৰ৷ এই পুৰস্কাৰৰ জৰিয়তে গান্ধীবাদ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শক প্ৰচাৰ কৰা হয়৷ বিচাৰকৰ আসন শুৱনি কৰা বিশিষ্ট আইনজ্ঞ কে.জি.