অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাক বাঁহ

কাক বাঁহ (বৈজ্ঞানিক নাম: Dendrocalamus hamiltonii; ইংৰাজী: Hamilton's bamboo; কাছাৰ: পেচা বাঁহ; ৰাভা: বাজং) এবিধ বনৰীয়া বাঁহ। এই বাঁহৰ জোপা জোপাকৈ একেলগে বহুতো বাঁহগছ উৎপত্তি হৈ বৃহৎ এলেকা অধিকাৰ কৰি পেলোৱা দেখা যায়।

হালনাগাদ: ১ মে’ ২০২৬ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কাক বাঁহ (বৈজ্ঞানিক নাম: Dendrocalamus hamiltonii; ইংৰাজী: Hamilton's bamboo; কাছাৰ: পেচা বাঁহ; ৰাভা: বাজং) এবিধ বনৰীয়া বাঁহ। এই বাঁহৰ জোপা জোপাকৈ একেলগে বহুতো বাঁহগছ উৎপত্তি হৈ বৃহৎ এলেকা অধিকাৰ কৰি পেলোৱা দেখা যায়।১

বিস্তৃতি

কাক বাঁহ প্ৰায়ভাগ দক্ষিণ এছিয়াৰ দেশ যেনে ভাৰত, শ্ৰীলংকা, ভুটান, নেপাল, পাকিস্তান, চীন আদিৰ থলুৱা উদ্ভিদ।২ অসমত প্ৰধানকৈ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ পাৰ্বত্য অঞ্চলসমূহত এই প্ৰজাতিৰ বাঁহনি দেখা পোৱা যায়।১

বিৱৰণ

কাক বাঁহৰ উচ্চতা প্ৰায় ১৫-১৮ মিটাৰ আৰু ব্যাস ১২-১৫ ছেমি হোৱা দেখা যায়।

এইবিধ বাঁহৰ বাকলি পাতল আৰু চুঙাবোৰ ডাঙৰ ডাঙৰকৈ ফোঁপোলা হয়। গাইগুটিয়া বাঁহৰ লেকেচিবোৰে মাটিলৈ হাউলি অহা দেখা যায়। বাঁহগাজৰ বৌখাত শুঙৰ উৎপত্তি হয়। বাঁহবিধৰ গাঁঠিয়ে গাঁঠিয়ে শিপাৰ গজালি ওলায়।১

২০-২৫ বছৰৰ অন্তৰে অন্তৰে কাক বাঁহৰ ফুল ফুলে। ফুল ফুলাৰ পাছত বাঁহবোৰ একেলগে মৰি যায়।১

প্ৰকাৰ

কাক বাঁহৰ প্ৰধানকৈ তিনিটা উপ-প্ৰজাতি দেখা পোৱা যায়। এইকেইবিধ হৈছে-

  • D. h. var. edulis
  • D. h. var. hamiltonii
  • D. h. var. undulatus

ব্যৱহাৰ

কাক বাঁহৰ গাজ খৰিচা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি এই বাঁহৰ পৰা কাগজকলত কাগজৰ মণ্ড তৈয়াৰ কৰা হয়।১

চকোৱা আদি নিৰ্মাণ কৰিবলৈও কাক বাঁহৰ ব্যৱহৰ হয়।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ↑ www.efloras.org/florataxon.aspx?flora_id=2&t

সম্পৰ্কিত শ্ৰেণী

বাঁহ গছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাক বাঁহ” প্ৰবন্ধৰ সংশোধন ৬০৩৮২৫ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।