।]]
কপাহ বা কপাহী সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰক তাঁতশাল বোলে।১ আধুনিক বস্ত্ৰ কাৰখানাত স্বয়ংক্ৰিয় তাঁতশাল ব্যৱহাৰ কৰা হয়। সাধাৰণতে তাঁতশাল নামৰ যন্ত্ৰটোত সূতাটো কুণ্ডলীৰ ৰূপত সুমুৱাই দিয়া হয়। তাঁতশালৰ আকৃতি আৰু ইয়াত ব্যৱহাৰ কৰা কৌশল বেলেগ বেলেগ হ’ব পাৰে। "বোৱা কাপোৰ" শব্দটো "তন্তু বায়ন"ৰ পৰা উদ্ভৱ হৈছে। তাঁতশাল অসমীয়া মানুহৰ জাতীয় শিল্পস্বৰূপ।২ অসমীয়া লোকশিল্পৰ লগত ওতপ্ৰোতভাৱে জড়িত। অতীজ অসমত অসমীয়া মহিলাই তাঁত বোৱা নজনাটো এটা লাজৰ কাৰণ আছিল।২ অসমৰ তাঁতৰ কাপোৰৰ সুখ্যাতি অতি প্ৰাচীন। অসম আক্ৰমণকাৰী মোগল সাম্ৰাজ্যৰ সৈতে বহু মোগল ঐতিহাসিক অসমলৈ আহিছিল। তেওঁলোকে অসমত তৈয়াৰ হোৱা বিবিধ পাটৰ কাপোৰ অতি উচ্চ মানবিশিষ্ট আৰু চীনৰ পাটকাপোৰৰ সমকক্ষ বুলি উল্লেখ কৰিছিল। আহোম ৰাজত্বকালতো আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অভূতপূৰ্ব বিকাশ হৈছিল। পুৰণি অসমত অসমীয়া মহিলাই তাঁতশালত একেনিশাই স্বামীৰ বাবে কবচ কাপোৰ বৈ দিয়াৰ কথা বুৰঞ্জীত পোৱা যায়। মহাত্মা গান্ধীয়েও অসমীয়া মহিলাই তাঁত শালত সপোন ৰঙে বুলি প্ৰশংসা কৰিছিল।২ কোঁচৰজা মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰচেষ্টাত তাঁতীকুছিত বোৱা বৃন্দাবনী বস্ত্ৰৰ কথাও উল্লেখ কৰিব পাৰি।৩৪
অসমীয়া বিহুগীত আৰু অন্যান্য লোক-সংগীতত তাঁতশাল আৰু তাঁতশালৰ বিবিধ সঁজুলিৰ বিষয়ে উল্লেখ পোৱা যায়।৫
তথ্যসূত্ৰ
- ↑ loom. Xobdo.Org
- ↑ Rongali Bihu 2025: অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে. Assam TV9
- ↑ তাঁতশাল. সাহিত্য ডট অৰ্গ
- ↑ অসমীয়াৰ ঐতিহ্য তাঁতশাল. VOICE 24x7
- ↑ তাঁতশাল অসমীয়া লোকশিল্প. সতীৰ্থ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাঁতশাল” প্ৰবন্ধৰ সংশোধন ৫৩০৭৪৪ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।