বন্দিতা আচাৰ্য (Bondita Acharya; জন্ম: ১২ ডিচেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু মানৱ অধিকাৰকৰ্মী। তেওঁ চাহ বাগানৰ বিষয়াসকলৰ সৈতে কাম কৰি বাগিচা অঞ্চলত বাস কৰা ছোৱালীসকলৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত।১২৩
প্ৰাৰম্ভিক জীৱন
১৯৭২ চনৰ ১২ ডিচেম্বৰত অসমৰ যোৰহাট জিলাত বন্দিতা আচাৰ্যৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল যোগানন্দ গোস্বামী। যোগানন্দ গোস্বামী জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক আছিল। তেওঁৰ মাতৃ মৃণালিনী গোস্বামী যোৰহাট এমই গাৰ্লছ স্কুলৰ অধ্যক্ষ আছিল। মায়োকাৰ্ডিয়েল ইনফাৰ্কচনৰ ফলত স্বামী কেয়ূৰ আচাৰ্যক হেৰুওৱাইছিল। দম্পতীহালৰ একমাত্ৰ পুত্ৰ পলাশ আচাৰ্য।৪
শিক্ষা
বন্দিতা আচাৰ্যই যোৰহাটৰ বাল্য ভৱনত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুজৰাটৰ বৰোদাৰ এমএছ বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান অনুষদৰ সম্প্ৰসাৰণ আৰু যোগাযোগ বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
তেওঁ ২০০৯ চনত ৱমেন ইন গভৰ্ণেন্স – ইণ্ডিয়া (ৱিং-ইণ্ডিয়া)ৰ অংশ হৈছিল। তেওঁ উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত আইন নথিভুক্ত কৰা আৰু সেইবোৰ সংশোধন কৰাৰ চেষ্টাত জড়িত হৈ আছে। মহিলাৰ অধিকাৰ উন্নত কৰাৰ বাবে ৫ আৰু শিক্ষক আৰু অধিকাৰ কৰ্মী মাজনী দাসকে ধৰি মহিলাসকলৰ "বলপূৰ্বক নিৰুদ্দেশ" সন্দৰ্ভত প্ৰচাৰ আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰাত তেওঁ জড়িত।৬ তেওঁ বেচৰকাৰী সংগঠন 'হিউমেন ৰাইটছ ডিফেণ্ডাৰ এলাৰ্ট'ৰ উত্তৰ-পূব শাখাৰ সমন্বয়ক। ৭ তেওঁ অসমত যৌন হিংসা, মানৱ অধিকাৰ উলংঘন,৮ ডাইনী হত্যা,৯ আৰু সংঘাতৰ পৰিস্থিতি নথিভুক্ত কৰাৰ বাবে কেইবাটাও তথ্য অনুসন্ধান অভিযানৰ অংশ। আচাৰ্য "ৱমেন আৰ্থ এলায়েন্স"ৰ অতি সক্ৰিয় অংশগ্ৰহণকাৰী।১০
বন্দিতা আচাৰ্য মালালা ফাণ্ডৰ গুলমাকাই চেম্পিয়নসকলৰ মাজৰ অন্যতম।১১ গুলমাকাই নেটৱৰ্ক হৈছে মালালা ফাণ্ডৰ স্বাক্ষৰ প্ৰচেষ্টা, যি উন্নয়নশীল দেশসমূহত শিক্ষাৰ ক্ষেত্ৰত চেম্পিয়নসকলৰ কামত সহায় কৰে। মালালা ফাণ্ডৰ লক্ষ্য হৈছে গুলমাকাই চেম্পিয়নসকলক ইজনে সিজনৰ সৈতে সংযোগ কৰি আৰু সামাজিক আৰু প্ৰণালীগত পৰিৱৰ্তন ৰখাৰ বাবে প্ৰয়োজনীয় সঁজুলি, প্ৰশিক্ষণ আৰু অংশীদাৰসকলৰ সৈতে সংযোগ কৰি এই ব্যৱধানটো বন্ধ কৰা। ৩৮জন গুলমাকাই চেম্পিয়ন আছে।১২ ২০০৮ চনৰ পৰা বন্দিতায়ে পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্ট (পিবিইটি)ক অসমত বহু দশকধৰি সংঘৰ্ষ আৰু বৈষম্যমূলক ৰীতি-নীতিৰ সন্মুখীন হোৱা প্ৰান্তিক মহিলা আৰু ছোৱালীসকলক সমৰ্থন কৰিবলৈ নেতৃত্ব দি আহিছে। তেওঁ আৰু পিবিইটিয়ে চাহ বাগিচা শ্ৰমিক আইন (পিএলএ) আৰু শিক্ষাৰ অধিকাৰ (আৰটিই) আইনৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ তিনিটা চাহ বাগিচাৰ পৰা ৬০ গৰাকী শিক্ষা প্ৰচাৰকক প্ৰশিক্ষণ দিছিল। ইয়াৰ ফলত চাহ বাগিচা অঞ্চলত বাস কৰা প্ৰায় ১৫,২০০ গৰাকী ছোৱালী লাভৱান হৈছিল।১৩
বন্দিতায়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰমাণীকৰণ দাবীকাৰী সকলক অসমৰ বিভিন্ন অঞ্চললৈ শুনানিৰ বাবে মতাৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকৰ সহায়ৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল।১৪
বিতৰ্ক
ভাৰতীয় জনতা পাৰ্টীৰ সদস্য মৃদুপৱান বৰাৰ অভিযোগৰ পিছত ২০১৭ চনৰ ৪ এপ্ৰিল তাৰিখে যোৰহাটৰ তিনিজন লোকক খোৱাৰ বাবে নিৰ্ধাৰিত ৫০০ গ্ৰাম গোমাংস ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। হিন্দু ধৰ্মত গোমাংস সেৱন নিষিদ্ধ। আচাৰ্যই ছ'চিয়েল মিডিয়াত গ্ৰেপ্তাৰক গৰিহণা দিয়ে।১৫ হিন্দু জাতীয়তাবাদী সংগঠন বজৰং দলে এক প্ৰেছ বিবৃতি জাৰি কৰি দাবী কৰে যে আচাৰ্যই গ্ৰেপ্তাৰক গৰিহণা দিয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব।১
২০১৭ চনৰ ১০ এপ্ৰিলত আচাৰ্যই ৪ এপ্ৰিল তাৰিখে গোমাংস ৰখাৰ বাবে তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে ছ'চিয়েল মিডিয়াত হিংসাত্মক ভাবুকিৰ লক্ষ্য হোৱাৰ পিছত অসমৰ গুৱাহাটীত অপৰাধ অনুসন্ধান বিভাগৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল।১৬ আচাৰ্যক বজৰং দলৰ সদস্যসকলে হত্যা, ধৰ্ষণ আৰু এচিড আক্ৰমণৰ ভাবুকি দিছিল।১৭২
তথ্যসূত্ৰ
- ↑ (2017-04-12). Bondita Acharya Receives Death Threats. Front Line Defenders
- ↑ Singh, Bikash. (10 April 2017). Women rights activist claim to have received life threat for her comments on beef consumption. The Economic Times
- ↑ EMN. (31 August 2018). A call to be human rights defenders. Eastern Mirror
- ↑ Bondita Acharya - Centre for Applied Human Rights, The University of York. www.york.ac.uk
- ↑ Bhat, Afsana. (10 September 2012). Advocates Press to Modernize Customary Laws, Tribal Leadership in Northeastern India. Global Press Journal
- ↑ (20 February 2013). Assam court moved over woman activist's disappearance. Deccan Herald. IANS
- ↑ Mitra, Naresh. (2 August 2018). Experts slam plan to collect biometrics. The Times of India (Mumbai edition)
- ↑ Assam Tribune. (30 October 2016). HR body flays Nagaon admin over KNP eviction. NELive
- ↑ Begum, Anjuman Ara. (14 July 2015). Witch-hunts in Assam: Criminalising the practice won't magically end it. Scroll.in
- ↑ Bondita Acharya. Women's Earth Alliance
- ↑ Malala Fund announces 13 education activists as Gulmakai Champions · Malala Fund. www.malala.org
- ↑ India · Malala Fund. www.malala.org
- ↑ Malala Fund. www.malala.org
- ↑ Aug 6, Kangkan Kalita · TNN · Updated; 2019; Ist, 12:13. Volunteers come to rescue of NRC reverification claimants · Guwahati News - Times of India. The Times of India
- ↑ (2017-04-19). INDIA: Assamese Human Rights Defender Bondita Acharya violently threatened on social media. · Lanka Socialists Forum. www.lankasocialistsforum.org
- ↑ (2017-05-02). WHRDs condemn online threats against Bondita Acharya. AWID
- ↑ Assam: Activist Threatened With Rape, Acid Attacks For Condemning Beef Arrests. The Wire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দিতা আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫০৮১৬৮ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।