ভাৰতৰ মল্লযোদ্ধা
১১ প্ৰবন্ধ
-
সাক্ষী মালিক
সাক্ষী মালিক (Sakshi Malik; জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। তেওঁ সাধাৰণতে মহিলাৰ ৫৮ কেজি ফ্ৰী ষ্টাইল শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ গ্লাছগ'ত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰে।
-
সুশীল কুমাৰ
সুশীল কুমাৰ (Sushil Kumar; জন্ম: ২৬ মে’, ১৯৮৩)। ২০১২ চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল।
-
বজৰং পুনিয়া
বজৰং পুনিয়া (Bajrang Punia; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু। তেওঁ ২০১৮ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ আৰু অষ্ট্ৰেলিয়াৰ গোল্ড কষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ পুৰুষৰ ফ্ৰী ষ্টাইল মল্লযুঁজ প্ৰতিযোগিতাৰ ৬৫ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।
-
বিনেশ ফোগাট
বিনেশ ফোগাট (জন্ম ২৫ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। গীতা ফোগাট আৰু ববিতা কুমাৰীৰ দৰে সফল আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা তেওঁৰ সম্বন্ধীয় ভগ্নী। এই দুই ভগ্নীয়ে কমনৱেলথ পদক লাভ কৰিছে। বিনেশ ফোগাট কমনৱেলথ আৰু এছিয়ান গেমছ উভয়তে স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা।
-
ৰবি কুমাৰ দাহিয়া
ৰবি কুমাৰ দাহিয়া (Ravi Kumar Dahiya, জন্ম: ১২ ডিচেম্বৰ ১৯৯৭) চমুকৈ ৰবি কুমাৰ এগৰাকী ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। তেওঁ ২০১৯ চনত কাজাখাস্তানৰ নুৰ চুলতানত অনুষ্ঠিত বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে…
-
গীতা ফোগাট
গীতা ফোগাট (জন্ম ১৫ ডিচেম্বৰ ১৯৮৮)
-
ববিতা কুমাৰী
ববিতা কুমাৰী ফোগাট (Babita Kumari Phogat; জন্ম ২০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা, যি ২০১৪ চনৰ কমনৱেলথ গেমছত সোণৰ পদক জিকিছিল। তেওঁ ২০১৮ কমনৱেলথ গেমছ আৰু ২০১০ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু ২০১২ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
-
যোগেশ্বৰ দত্ত
যোগেশ্বৰ দত্ত (Yogeshwar Dutt) এজন ভাৰতীয় মল্লযোদ্ধা। তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল মল্লযোদ্ধত একটি ব্ৰঞ্জ পদক জয় কৰিছিল।
-
অমন শেৰাৱত
অমন শেৰাৱত (ইংৰাজী: Aman Sehrawat; জন্ম: ১৬ জুলাই ২০০৩) হাৰিয়ানাৰ এজন ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু। ২০২৪ চনত বিস্কেকত অনুষ্ঠিত হোৱা এছিয়ান ৰেছলিং অলিম্পিক অৰ্হতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক…
-
কে. ডি. যাদৱ
খাচাবা দাদাচাহেব যাদৱ (চমুকৈ কে. ডি. যাদৱ; Khashaba Dadasaheb Jadhav; ১৫ জানুৱাৰী ১৯২৬ – ১৪ আগষ্ট ১৯৮৪) আছিল এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এজন মল্লযোদ্ধা হিচাপে সৰ্বাধিক পৰিচিত যিয়ে ১৯৫২ চনত হেলচিঙ্কীত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
-
ঋতিকা হুডা
ঋতিকা হুডা (ইংৰাজী: Reetika Hooda) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু।