অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

প'জাইডন

প'ছেইদন বা প'জাইডন (Poseidon) হৈছে পৌৰাণিক গ্ৰীক কিংবদন্তিৰ বাৰজন অলিম্পিয়ান অৰ্থাৎ অলিম্পাচ পৰ্বত নিবাসী দেৱতাসকলৰ এজন। তেওঁ সমুদ্ৰ, ধুমুহা, ভূমিকম্প আৰু ঘোঁৰাৰ অধিপতি। প্ৰাক অলিম্পিয়ান যুগ অৰ্থাৎ গ্ৰীচৰ তাম্ৰ যুগত প'জাইডনক পাইল'ছ আৰু থেবিছ নামৰ ঠাইত এজন প্ৰধান দেৱতাৰূপে সন্মান আগবঢ়োৱা হৈছিল।

হালনাগাদ: ১৭ জুলাই ২০২৬ ৬৫৬ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প'ছেইদন বা প'জাইডন (Poseidon) হৈছে পৌৰাণিক গ্ৰীক কিংবদন্তিৰ বাৰজন অলিম্পিয়ান অৰ্থাৎ অলিম্পাচ পৰ্বত নিবাসী দেৱতাসকলৰ এজন। তেওঁ সমুদ্ৰ, ধুমুহা, ভূমিকম্প আৰু ঘোঁৰাৰ অধিপতি।১ প্ৰাক অলিম্পিয়ান যুগ অৰ্থাৎ গ্ৰীচৰ ব্ৰঞ্জ যুগত প'জাইডনক পাইল'ছ আৰু থেবিছ নামৰ ঠাইত এজন প্ৰধান দেৱতাৰূপে সন্মান আগবঢ়োৱা হৈছিল।১ তেওঁক ভূ-কম্পনকাৰী নামেৰেও জনা যায়। আৰ্কেডিয়াৰ আখ্যানসমূহত ডিমিটাৰ আৰু পাৰ্চিফোনিৰ সৈতে প'জাইডনৰ সম্পৰ্ক দেখুওৱা হৈছে। ইয়াত তেওঁক এটা ঘোঁৰা হিচাপে অৰ্চনা কৰা হৈছিল যদিও এই কথা প্ৰতীয়মান হয় যে তেওঁ প্ৰকৃততে এজন জলদেৱতাহে।২ তেওঁক ঘোঁৰাসমূহৰ জনক বা বশ কৰোঁতা হিচাপে সততে গণ্য কৰা হয়।১ ৰোমান দেৱতা নেপচুনক প'জাইডনৰ সমকক্ষ হিচাপে ধৰা হয়।

প'জাইডন হৈছে সমুদ্ৰৰ বণিকসকলৰ ত্ৰাণকৰ্তা আৰু বিভিন্ন নগৰৰ ৰক্ষক। মহাকবি হোমাৰ আৰু হেচিঅ'ডৰ মতে পিতৃ ক্ৰণচৰ পৰাজয়ৰ পিছত সমগ্ৰ বিশ্বক তিনি ভাগত ভগোৱা হয় আৰু প'জাইড'নৰ দুই ভ্ৰাতৃ জ্যুচ আৰু হেডিচে যথাক্ৰমে আকাশ আৰু পাতাল লাভ কৰাৰ বিপৰীতে প'জাইডনে সমুদ্ৰৰ অধিকাৰ লাভ কৰে।১৩ হোমাৰৰ ইলিয়াডৰ মতে ট্ৰ'জানৰ যুদ্ধৰ সময়ত প'জাইডনে ট্ৰয়বাসীৰ বিপক্ষে গ্ৰীকসকলকে সমৰ্থন কৰিছিল। ওডিছীত গ্ৰীক বীৰ অ'ডিচাচে ট্ৰয় নগৰীৰ পৰা গৃহ চহৰ ইথাকালৈ সমুদ্ৰপথেৰে উলটি আহোঁতে প'জাইডনৰ পুত্ৰ চাইক্ল'পচ প'লিফেমাছৰ চকু ফুটাই দি প'জাইডনৰ ক্ৰোধক প্ৰৰোচিত কৰে। ইয়াৰ ফলত প'জাইডনে শাস্তিস্বৰূপে অ'ডিচাচৰ জাহাজ ধুমুহাৰ জৰিয়তে সমুদ্ৰৰ মাজত পথভ্ৰষ্ট কৰে আৰু উলটনি যাত্ৰাত ১০ বছৰ পলম কৰোৱায়। প্লেটোৰ টাইমিয়াচ আৰু ক্ৰিটিয়াচত আটলাণ্টিচ দ্বীপ প'জাইডনৰ স্থান।৪৫৬

প'জাইডনৰ সৈতে এক প্ৰতিযোগিতাৰ ফলশ্ৰুতিত এথেনা এথেন্স নগৰৰ ৰক্ষক দেৱীৰূপত অধিষ্ঠিত হয় আৰু প'জাইডন ৰজা ইৰেকথিয়াচৰ ৰূপত এক্ৰ'প'লিচত নিবাস কৰিবলগাত পৰে। এথেন্সৰ লোকে তেওঁক নিৰ্বাচিত নকৰাৰ শাস্তি দিবলৈ প'জাইডনে এক প্ৰলয়ংকৰী বানৰ উন্মেষ ঘটায়।৭

প্ৰাৰম্ভিক কাল

এই কথা প্ৰতীয়মান হয় যে ব্ৰঞ্জ যুগতেই গ্ৰীচলৈ অহা প্ৰথম গ্ৰীকভাষী লোকসকলৰ সৈতে এক আৰ্কেডিয়ান কিংবদন্তি জড়িত হৈ আছে য'ত অশ্বৰূপী প'জাইডন আৰু ডিমিটাৰৰ মাজত মিলন হৈছে। তেওঁলোকৰ সৈতে থলুৱা লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ সংমিশ্ৰণ ঘটিছিল। সম্ভৱতঃ গ্ৰীকসকলে জ্যুচ, ইঅ'চ আৰু ডায়'চকুৰৈৰ বাদে নিজৰ সৈতে সেই স্থানলৈ আন দেৱতাসমূহৰ আমদানি কৰা নাছিল। অশ্ব বা ঘোঁৰা জল উপাদান আৰু পাতালপুৰীৰ সৈতে জড়িত। জন্তুৰূপী (অশ্ব) প'জাইডন পাতালপুৰীৰ নদীৰ আত্মাস্বৰূপ যাৰ উপস্থিতি সাধাৰণতে গ্ৰীচৰ পৰিৱৰ্তে উত্তৰ-ইউৰোপীয় লোককথাসমূহতহে পোৱা যায়। ৮৯ প'জাইডন প্ৰকৃতি দেৱীৰ পুৰুষ সংগী। মিন'ৱান কিংবদন্তি অনুসৰি টাইটান সূৰ্যদেৱতা হেলিঅ'চৰ দুহিতা পেছিফিয়ে শুকুলা ষাড়ৰূপী প'জাইডনৰ সৈতে কৰা সংগমৰ ফলত মিন'টৰ নামৰ এক বৰ্ণসংকৰ জীৱৰ জন্ম হয়।১০১১

প'জাইডনৰ সৈতে সাগৰৰ যে সম্পৰ্ক আছে এই বিষয়ে সমুদ্ৰৰদ্বাৰা বহুলভাৱে প্ৰভাৱিত মিচেনিয়ান সংস্কৃতিত যথোপযুক্ত প্ৰমাণ পোৱা হোৱা নাই। হেলেন গোষ্ঠীৰদ্বাৰা অশ্বৰূপী প'জাইডনৰ আৰাধনা ১৬০০ খ্ৰীষ্টপূৰ্বত এনাটলিয়াৰপৰা গ্ৰীচলৈ ঘোঁৰা আৰু ৰথৰ আগমণ বুলি কিছুসংখ্যক পণ্ডিতে মত পোষণ কৰে।১

আখ্যানসমূহ

জন্ম

প'জাইডন আছিল টাইটান ক্ৰ'নচ আৰু ৰিয়াৰ দ্বিতীয় পুত্ৰ। প্ৰায়বোৰ ৰচনাতে জন্মৰ পিছতেই পিতৃ ক্ৰ'নচে তেওঁক উদৰস্থ কৰে আৰু পৰৱৰ্তী সময়ত জ্যুচে বাকী সহোদৰৰ সৈতে তেওঁক উদ্ধাৰ কৰে।

অৱশ্যে, কোনো কোনো সূত্ৰৰ মতে জ্যুচৰ লগতে প'জাইডনকো আন ভাতৃ-ভগ্নীসকলৰ দৰে ক্ৰ'নচে উদৰস্থ কৰিব পৰা নাছিল। মাতৃ ৰিয়াই জন্মৰ পিছতেই তেওঁক এপাল ভেড়াৰ মাজত লুকুৱাই ৰাখে আৰু এটা ঘোঁৰা পোৱালি জন্ম দিয়া বুলি ক্ৰ'নচক ভক্ষণ কৰিবলৈ দিয়ে।১২

এথেন্সৰ প্ৰতিষ্ঠা

এথেন্সৰ বাবে হোৱা প'জাইডন আৰু এথেনাৰ প্ৰতিযোগিতাৰ চিত্ৰ (১৯৫২)
এথেন্সৰ বাবে হোৱা প'জাইডন আৰু এথেনাৰ প্ৰতিযোগিতাৰ চিত্ৰ (১৯৫২)ছবি: Benvenuto Tisi · Public domain

প'জাইডন আৰু এথেনাৰ মাজত হোৱা এক প্ৰতিযোগিতাৰ পিছত এথেনা এথেন্স চহৰৰ অধিষ্ঠাত্ৰী দেৱীৰূপে পৰিগণিত হয়। আনহাতে প'জাইডন ৰজা ইৰেকথিয়াচৰ ৰূপত এক্ৰ'প'লিচত নিবাস কৰিবলগাত পৰে।১ এথেনিয়ান কেলেণ্ডাৰৰ বৰ্ষসমাপ্তিৰ অনুষ্ঠান, অৰ্থাৎ স্কাইৰাত, এথেনা আৰু প'জাইডনৰ পূজাৰীসকলে ইলুচিছ চহৰত পূজাৰ আয়োজন কৰে।১৩ দুয়ো এথেনিয়ানসকলক একোটাকৈ উপহাৰ দিবলৈ একমত হয় আৰু এই সিদ্ধান্ত লোৱা হয় যে এথেনিয়ানসকলে দুয়োটা উপহাৰৰ মাজত কোনটোক প্ৰাধান্য দিব সেয়া বাছি ল'ব। প'জাইডনে মাটিত ত্ৰিশূলেৰে আঘাত কৰি এটি লুণীয়া পানীৰ সুঁ‌তিৰ জন্ম দিয়ে যি বিশেষ কোনো কামত নাহে। আনহাতে এথেনাই এথেন্সবাসীসকলক জলফাইৰ গছ উপহাৰ দিয়ে। এথেনিয়ানসকল বা তেওঁলোকৰ ৰজা চিক্ৰ'পচে কাঠ, জলফাইৰ তেল (অলিভ অইল) আৰু খাদ্যবস্তু আহৰণ কৰিব পৰাৰ বাবে জলফাইৰ গছ গ্ৰহণ কৰে আৰু এথেনাক তেওঁলোকৰ অধিষ্ঠাত্ৰীৰ আসন দিয়ে। এই পৰাজয়ৰ পিছত ক্ৰোধান্বিত হৈ প'জাইডনে এথেন্সবাসীক শাস্তি দিবলৈ এক প্ৰলয়ংকৰ বানৰ উন্মেষ ঘটায়। প'জাইডনে ত্ৰিশূলেৰে সৃষ্টি কৰা লুণীয়া পানীৰ সুঁ‌তিটো ইৰেকথিয়াম অৰ্থাৎ এথেনা আৰু প'জাইডনৰ যুটীয়া মন্দিৰৰ উত্তৰ ভাগটোৱে আৱৰি আছিল। ধৰ্মীয় বিশ্বাসত প'জাইডনক ৰজা ইৰেকথিয়াচৰ সৈতে যুক্ত কৰা হয়। কিছুসংখ্যক পণ্ডিতৰ মতে এই কিংবদন্তিটো পৰাজয়ৰ ফলত উদ্ভৱ হোৱা প'জাইডনৰ ধংসাত্মক প্ৰতিক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে য'ত প'জাইডনে তেওঁৰ পুত্ৰ ইউপ'লমাচক এথেন্সৰ বিৰুদ্ধে প্ৰৰোচিত কৰি ইৰেকথাচক হত্যা কৰিছে।১৪

সংগী আৰু সন্তান

৪৪০ খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠিত কেপছ'ইউনিয়নৰ প'জাইডনৰ মন্দিৰ
৪৪০ খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠিত কেপছ'ইউনিয়নৰ প'জাইডনৰ মন্দিৰছবি: Berthold Werner · CC BY-SA 3.0

প'জাইডনৰ পুৰুষ আৰু নাৰী উভয় লিংগৰে বহুসংখ্যক প্ৰেমাস্পদ আছিল বুলি কোৱা হয়। তেওঁৰ সংগী পৌৰাণিক সমুদ্ৰদেৱী এম্ফিট্ৰাইট আছিল এগৰাকী বনদেৱী বা নিম্ফ অৰু তেওঁলোকৰ সন্তান ট্ৰাইটন হৈছে এজন জলকোঁ‌ৱৰ।

বীৰ থেচিয়াচ আছিল প'জাইডনৰ অন্যতম সন্তান।

কিংবদন্তি অনুসৰি টাইৰ' নামৰ এগৰাকী মানৱী এনিপিয়াচ নামৰ এজন নদীৰ দেৱতাৰ প্ৰেমাসক্ত আছিল। এনিপিয়াচে তেওঁক প্ৰত্যাখ্যান কৰিছিল যদিও এদিন প'জাইডন কামাসক্ত হৈ এনিপিয়াচৰ ছদ্মৱেশত টাইৰ'ৰ সৈতে সংগমত লিপ্ত হয়। ইয়াৰ ফলশ্ৰুতিত পেলিয়াচ আৰু নেলেচাছ নামৰ দুগৰাকী যমজ বীৰৰ জন্ম হয়। ইলিউচিছৰ ৰজা তথা নিজ পুত্ৰ চাৰ্ছিয়নৰ দুহিতা এল'পিৰ সৈতে থকা সম্পৰ্কৰ ফলত বীৰ হিপ'থোনৰ জন্ম হয়। চাৰ্ছিয়নে এল'পিক জীৱন্তে কৱৰস্থ কৰে যদিও প'জাইডনে তেওঁক এক সুঁ‌তিলৈ ৰূপান্তৰিত কৰে।

ৰাণী এনিম'নক এক ছেটায়াৰৰ (একপ্ৰকাৰৰ বনদেৱতা) হাতৰপৰা উদ্ধাৰ কৰাৰ পিছত তেওঁৰ গৰ্ভত ন'প্লিয়াচ নামেৰে প'জাইডনৰ এক পুত্ৰৰ জন্ম হয়।

এক নিৰ্জন দ্বীপত বাস কৰা ক্লেইট' নামৰ এক মানৱীৰ প্ৰেমত পৰি প'জাইডনে তেওঁৰ বাবে দ্বীপৰ মাজত প্ৰাকৃতিক শোভাৰে পৰিৱেষ্টিত এক মনোৰম নিবাস সাজি দিয়ে। তেওঁৰ ফালৰপৰা প'জাইডনৰ পাঁ‌চহাল যমজ পুত্ৰৰ জন্ম হয়। ইয়াৰে জ্যেষ্ঠ পুত্ৰ এটলাচ আছিল আটলাণ্টিছৰ প্ৰথমগৰাকী শাসক।৪৫৬

প'জাইডনৰ আটাইবোৰ সন্তান মানৱ নাছিল। এবাৰ তেওঁ দেৱী ডিমিটাৰৰ পিছ লওঁতে ডিমিটাৰে এজনী ঘোঁৰীৰ ৰূপ লৈ এজাক ঘোঁৰাৰ মাজত লুকায়। কিন্তু প'জাইডনেও এক ঘোঁৰাৰ ৰূপ লৈ ডিমিটাৰক বলপূৰ্বক ৰমণ কৰে। ইয়াৰ ফলত মানুহৰ দৰে কথা ক'ব পৰা অৰ্ধ-অশ্ব ৰূপৰ এৰিয়নৰ জন্ম হয়। প'জাইডনে এথেনাৰ মন্দিৰৰ মজিয়াত মেডুচাকো বলাৎকাৰ কৰিছিল।১৫১৬ ইয়াৰ পিছত এথেনাই মেডুচাক এক কুৎসিৎ গ'ৰ্গনলৈ ৰূপান্তৰ কৰে আৰু বীৰ পাৰ্চিয়াচে মেডুচাক শিৰচ্ছেদ কৰাৰ পিছত তাৰপৰা ক্ৰিচেঅ'ৰ আৰু পেগাচাচৰ উৎপত্তি হয়।১৭১৮

তেওঁৰ অন্যান্য সন্তানৰ ভিতৰত প'লিফেমাচ হৈছে এক চাইক্ল'পছ (এচকুৱা দানৱ) আৰু এলেবিয়'ন, বাৰ্জিয়'ন আৰু অ'ট'ছ আৰু এফিল্টে নামৰ দুটা দানৱ।১৫

প'জাইডনৰ পুৰুষ সংগী বা প্ৰেমাস্পদসকল হৈছে নেৰাইটছ,পেল'পচ আৰু পেট্ৰ'ক্লাচ।১৯

তথ্যসূত্ৰ

  1. ↑ Burkert 1985, pp. 136–139
  2. ↑ Seneca quaest. Nat. VI 6:Nilsson Vol I p.450
  3. ↑ Hesiod, Theogony 456
  4. ↑ Plato. (1971). Timaeus and Critias. Penguin Books Ltd. পৃ. 167. ISBN 9780140442618
  5. ↑ Timaeus 24e–25a, R. G. Bury translation (Loeb Classical Library)
  6. ↑ Also it has been interpreted that Plato or someone before him in the chain of the oral or written tradition of the report accidentally changed the very similar Greek words for "bigger than" ("meson") and "between" ("mezon") – Luce, J.V. (1969). The End of Atlantis – New Light on an Old Legend. Thames and Hudson. পৃ. 224
  7. ↑ Burkert 1983, pp. 149, 157
  8. ↑ F.Schachermeyer: Poseidon und die Entstehung des Griechischen Gotter glaubens:Nilsson p 444
  9. ↑ The river god Acheloos is represented as a bull
  10. ↑ Pseudo-Apollodorus, Bibliotheke 3.1.4
  11. ↑ Ruck and Staples 1994:213
  12. ↑ In the 2nd century AD, a well with the name of Arne, the "lamb's well", in the neighbourhood of Mantineia in Arcadia, where old traditions lingered, was shown to Pausanias. (Pausanias, VIII.8.2.)
  13. ↑ Burkert 1983, pp. 143–149
  14. ↑ Burkert 1983, pp. 149, 157
  15. ↑ Gill, N.S. (2007). Mates and Children of Poseidon
  16. ↑ Seelig 2002, পৃ. 895-911
  17. ↑ Philip Freeman. (2013). Oh My Gods: A Modern Retelling of Greek and Roman Myths. পৃ. 30. ISBN 9781451609981
  18. ↑ Seelig 2002, পৃ. 895-911
  19. ↑ Ptolemy Hephaestion, New History, 1 in Photius, 190

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতাকাল্পনিক চৰিত্ৰগ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'জাইডন” প্ৰবন্ধৰ সংশোধন ৬১৭৭৯৭ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।