প্ৰসেন বৰা (১৯৬১-২০১৫) অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া আছিল। অসমৰ লগতে ভাৰতৰ বাহিৰতো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি তেওঁ খ্যাতি লাভ কৰিছিল। বহুকেইখন শ্ৰব্য কেছেটত তেওঁৰ ঢোলৰ চাপৰ সন্নিবিষ্ট হৈ আছে।১
জন্ম আৰু শৈশৱ
প্ৰসেন বৰাৰ জন্ম হয় ১৯৬১ চনৰ ২১ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ মিছামৰা দুলীয়াগাঁৱত। তেওঁৰ পিতৃ মুখেশ্বৰ বৰা আৰু মাতৃ সৰুমাই বৰা। পিতৃও পেছাত এজন বায়ন আছিল। শৈশৱতে বিয়াই-সবাহে ঢোলবাদন দেখি তেওঁ ঢোলৰ প্ৰতি আকৰ্ষিত হৈ কাঠৰ মেজতে ঢোলৰ চাপৰ মাৰিছিল। এই আগ্ৰহৰ ফলতে তেওঁৰ ৮ বছৰ বয়সত ককায়েক সুৰেন বৰাই ২০ টকাত তেওঁক এটা ঢোল কিনি দিয়ে আৰু লগে লগে তেওঁৰ জীৱনে এটা নতুন মোৰ লয়। গুৰু ধীৰেন ৰাজখোৱা আৰু দণ্ডেশ্বৰ বৰুৱাৰপৰা তেওঁ ঢোলবাদনৰ শিক্ষা গ্ৰহণ কৰি ঢোলবাদনকেই তেওঁ পেছা হিচাপে লৈ আগুৱাই যায়।১
কৰ্মজীৱন
তেওঁ প্ৰথমে বিয়া-বাৰু আৰু অন্যান্য অনুষ্ঠানত ঢোলবাদনেৰে জনপ্ৰিয়তা লাভ কৰে। ঢোলৰ লগতে তেওঁ খোল, তাল, নাগাৰা আদি বাদ্যযন্ত্ৰও ভালদৰে বজাব জানিছিল। সোমনাথ বড়া ওজাৰ সান্নিধ্য লাভ কৰি তেওঁ সাংস্কৃতিক জগতখনত আৰু এখোপ আগুৱাই যায়। সোমনাথ বড়াৰ সৈতে একেলগে তেওঁ অসম বা ভাৰতৰ উপৰিও বিদেশৰ বহু অনুষ্ঠানত ঢোলবাদন কৰি সুনাম আৰ্জিছিল। ১৯৮৭ চনত ৰাছিয়াত অনুষ্ঠিত ভাৰত মহোৎসৱত অংশ লোৱা বিহু দলৰ তেওঁ সদস্য আছিল। ১৯৯৭ চনত আই চি চি আৰৰ যোগেদি বিহু দলৰ হৈ ৰাছিয়াত তেওঁ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গ, মানস ৰবীন ইত্যাদি শিল্পীৰ বহুকেইটা অনুষ্ঠানত তেওঁ ঢোল বজাইছিল। বিহুৰ সময়ত অনুষ্ঠিত বহুতো কৰ্মশালাত তেওঁ ঢোলবাদনৰ প্ৰশিক্ষণো প্ৰদান কৰিছিল।১
কেছেট
লাহে লাহে তেওঁ কেছেটৰ জগতত প্ৰৱেশ কৰে। ১৯৯১ চনত পাটগাভৰু আৰু পিলিঙা নামেৰে দুখন কেছেটত তেওঁ ঢোলবাদন কৰে। পল্লৱী এণ্টাৰপ্ৰাইজৰ বেনাৰত অৰুণ দুৱৰাই প্ৰযোজনা কৰা এই কেছেট দুখনত তেওঁৰ সহযোগী শিল্পী আছিল বিপুল বৰা, ৰমেন চৌধুৰী আৰু বলীন হাজৰিকা। তেওঁ পৰিচালনা কৰা আন দুখনমান কেছেট হ'ল- অলিয়া বলিয়া, ৰঙা পুলিচৰ বিহু, ৰঙা ফুল-গামোছা আৰু ৰঙা পুলিচৰ বিহুতে বিয়া। ইয়াৰ উপৰিও অসংখ্য অসমীয়া বিহুগীত আৰু বিহুসুৰীয়া গীতৰ এলবামত বৰাই ঢোল বজায়।১
অভিনয়
বৰাই সোণালী আৰু মইনা চৰাই মইনা মাত নামৰ দুখন ভিডিঅ' ছবিতো অভিনয় কৰিছিল।১
সন্মান
- সম্বৰ্দ্ধনা, উত্তৰ-পূব মহোৎসৱ, নতুন দিল্লী, ২০০৬১
ব্যক্তিগত জীৱন
প্ৰসেন বৰাৰ পত্নীৰ নাম নিভা বৰা। তেওঁলোকৰ দুজন পুত্ৰ সন্তান স্বৰূপ কুমাৰ বৰা আৰু ধীৰাজ বৰা।১
মৃত্যু
২০১৫ চনৰ ১৮ মে' তাৰিখে তেওঁ স্নানাগাৰত পৰি মূৰ আৰু ভৰিত আঘাত পায় আৰু ২১ মে' তাৰিখে ৫৩ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেখেতৰ মৃত্যু হয়। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।১
তথ্যসূত্ৰ
- ↑ (২২ মে' ২০১৫). প্ৰখ্যাত ঢুলীয়া প্ৰসেন বৰাৰ অকাল বিয়োগ. আমাৰ অসম. পৃ. ১, ৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰসেন বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৮৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।