অসমৰ লোকশিল্পী
৭ প্ৰবন্ধ
-
মোহন ভাৱৰীয়া
মোহন ভাইৰা আছিল অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী। কামৰূপী ঢুলীয়া সংস্কৃতিৰ তেওঁ আছিল এগৰাকী পুৰোধা ব্যক্তি। থিতাতে সংলাপ যুগুত কৰি ব্যংগাত্মক অভিনয়েৰে সমাজৰ বিভিন্ন দিশ উন্মোচন কৰি মনোৰঞ্জন দিয়াৰ লগতে জনসচেতনতাৰ সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা কামৰূপী ঢুলীয়াৰ চং লোকসমাজত অতি…
-
প্ৰসেন বৰা
প্ৰসেন বৰা (১৯৬১-২০১৫) অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া আছিল। অসমৰ লগতে ভাৰতৰ বাহিৰতো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি তেওঁ খ্যাতি লাভ কৰিছিল। বহুকেইখন শ্ৰব্য কেছেটত তেওঁৰ ঢোলৰ চাপৰ সন্নিবিষ্ট হৈ আছে।
-
উমাকান্ত বৈৰাগী
উমাকান্ত বৈৰাগী (Umakanata Bairagi) (জন্ম ৫ ছেপ্তেম্বৰ ১৯৪২–মৃত্যু ২৬ জুলাই ২০২৩) অসমৰ লোক-সংস্কৃতিৰ এগৰাকী শিল্পী৷ অসমৰ লোক-সংগীতসমূহৰ ভিতৰত টোকাৰী গীত অন্যতম৷ এই টোকাৰী গীতৰেই সাধক-শিল্পী উমাকান্ত বৈৰাগী৷ তেওঁৰ জন্ম হয় ১৯৪২ চনত, ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ওচৰৰ চাউলকৰা গাঁৱত৷
-
দ্ৰোণ ভূঞা
দ্ৰোণ ভূঞা (Drona Bhuyan, জন্ম: ১ জানুৱাৰী ১৯৫৬) অসমৰ এগৰাকী ওজাপালি শিল্পী। তেওঁ বিশেষকৈ সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে জনাজাত। ২০২১ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰে।
-
সোমনাথ বড়া
সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ…
-
খগেন্দ্ৰ নাথ পাঠক
খগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰাম পাঠক পাটবাউসী সত্ৰৰ মূল পাঠক আছিল। পিতৃৰ মৃত্যুৰ পিছত বংশ পৰম্পৰা ৰক্ষা কৰি খগেন্দ্ৰ নাথ পাঠকে ১৯৪৮ চনত পাটবাউসী সত্ৰৰ পাঠকৰ দায়িত্ব গ্ৰহণ কৰে।
-
মিনাংক ডেকা
মিনাংক ডেকা ( Minangka Deka) অসমৰ এগৰাকী মূকাভিনয় শিল্পী। সংগীত নাটক অকাডেমী বঁটা বিজয়ী মইনুল হকৰ ওচৰত মূকাভিনয়ৰ প্ৰশিক্ষণ লৈ দেশে-বিদেশে মূকাভিনয়েৰে সমাজৰ বিভিন্ন দিশৰ ওপৰত জনসজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে।