প্ৰভা অত্ৰে (Prabha Atre; ১৩ ছেপ্টেম্বৰ ১৯৩২ – ১৩ জানুৱাৰী ২০২৪) কিৰানা ঘৰণাৰ এগৰাকী শাস্ত্ৰীয় সংগীত কণ্ঠশিল্পী আছিল। শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৯০ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২২ চনত পদ্মবিভূষণ প্ৰদান কৰে।১ ২০২৪ চনৰ ১৩ জানুৱাৰীত ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৩২ চনৰ ১৩ ছেপ্টেম্বৰত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেঞ্চিৰ পুনেত প্ৰভা অত্ৰেৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আবাচাহেব মাতৃৰ নাম ইন্দিৰাবাই। সৰুতে প্ৰভা আৰু ভগ্নী উষাই সংগীতৰ প্ৰতি আগ্ৰহী আছিল যদিও দুয়োৰে কোনোৱেই সংগীতক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা নাছিল। প্ৰভাৰ বয়স আঠ বছৰ বয়সত ইন্দিৰাবাইৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। বন্ধু এগৰাকীৰ পৰামৰ্শ মতে শাস্ত্ৰীয় সংগীতৰ সাধনাৰ জৰিয়তে ভাল অনুভৱ কৰাত সহায় কৰিব বুলি তেওঁ শাস্ত্ৰীয় সংগীতৰ কেইটামান পাঠ লৈছিল। সেই পাঠবোৰ শুনি প্ৰভায়ে শাস্ত্ৰীয় সংগীত শিকিবলৈ অনুপ্ৰাণিত হৈছিল।
তেওঁৰ সংগীতৰ প্ৰশিক্ষণ গুৰু-শিষ্য পৰম্পৰাত হৈছিল। সুৰেশবাবু মানে আৰু হিৰাবাই বদোদেকাৰৰ পৰা তেওঁ কিৰানা ঘৰণাৰ পৰা শাস্ত্ৰীয় সংগীত শিকিছিল।[7] তেওঁৰ সংগীতৰ ক্ষেত্ৰত আমিৰ খানৰ খেয়াল আৰু গুলাম আলী খানৰ থুমৰী প্ৰভাৱ স্বীকাৰ কৰে। কিছু সময়ৰ বাবে তেওঁ কথক শৈলীৰ আনুষ্ঠানিক প্ৰশিক্ষণো গ্ৰহণ কৰিছিল।
সংগীত অধ্যয়ন কৰি থাকোঁতে প্ৰভাই পুনেৰ ফাৰ্গুচন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও তেওঁ গন্ধৰ্ব মহাবিদ্যালয় মণ্ডলৰ পৰা সংগীত আলংকাৰ উপাধি (সংগীতৰ স্নাকোত্তৰ), ট্ৰিনিটি লাবান কনজাৰ্ভেটৰী অৱ মিউজিক এণ্ড ডান্স, লণ্ডন (ৱেষ্টাৰ্ণ মিউজিক থিয়ৰী গ্ৰেড-চতুৰ্থ)ত অধ্যয়ন কৰিছিল। পিছলৈ তেওঁ সংগীত বিষয়ত পি এইচ ডিও লাভ কৰে। তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ থিছিছৰ শিৰোনাম আছিল স্বৰগম আৰু ই ভাৰতীয় শাস্ত্ৰীয় সংগীতত ইয়াৰ ব্যৱহাৰ।৩
তথ্যসূত্ৰ
- ↑ Padma Awardees 2022
- ↑ Renowned classical singer Prabha Atre doyen of Kirana Gharana dies at 92. The Week
- ↑ (29 January 2022). व्यक्तिवेध: प्रभा अत्रे. Loksatta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভা অত্ৰে” প্ৰবন্ধৰ সংশোধন ৪৬৯৪১৪ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।