১৯৬৪ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
মণিৰাম দেৱান (চলচ্চিত্ৰ)
মণিৰাম দেৱান (Maniram Dewan) ১৯৬৪ চনৰ ১০ জানুৱাৰীত মুক্তি পোৱা এখন বুৰঞ্জীমূলক ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী। নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই। ছবিখনৰ নিৰ্মাণত খৰচ হৈছিল ২,০৫,০০০ টকা। 'চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান'ৰ হৈ অপূৰ্ব চৌধুৰীয়ে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।
-
প্ৰতিধ্বনি (চলচ্চিত্ৰ)
প্ৰতিধ্বনি ( Pratidhwani) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে। এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়।
-
চাৰুলতা
চাৰুলতা (Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।
-
আৰোহী (১৯৬৪ চলচ্চিত্ৰ)
আৰোহী (Aarohi) তপন সিনহা পৰিচালিত ১৯৬৪ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বনফুলৰ অৰ্জুনকাকা নামৰ চুটিগল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল তপন সিনহাই। ইয়াত পৰাধীন ভাৰতৰ এজন প্ৰবাসী বঙালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। ছবিখন অসীম পাল প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে অসীম পালে।
-
জাহান আৰা (চলচ্চিত্ৰ)
জাহান আৰা ১৯৬৪ চনৰ বিনোদ কুমাৰ পৰিচালিত ইতিহাস আধাৰিত এখন হিন্দী ভাষাৰ ছবি। এইখন কুমাৰৰ প্ৰথম পৰিচালিত ছবি।[2] ইয়াত পৃথ্বীৰাজ কাপুৰ, ভাৰত ভূষণ, মালা সিনহা,আৰু শশীকলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জাহান আৰা মালা সিনহাই নাম ভূমিকাত অভিনয় কৰা জাহানাৰা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ঐতিহাসিক ৰোমাঞ্চ।
-
হকীকত (১৯৬৪ চলচ্চিত্ৰ)
হকীকত ( Haqeeqat) ১৯৬৪ চনৰ চেতন আনন্দৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় যুদ্ধবিষয়ক নাট্যধৰ্মী ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, বলৰাজ সাহনী, প্ৰিয়া ৰাজবংশ, সুধীৰ, সঞ্জয় খান আৰু বিজয় আনন্দে। ছবিখনৰ সংগীত মদন মোহনৰ আৰু গীতৰ কথা কাইফী আজমীৰ।